JBSFC: মৰিগাঁৱৰ কোঁৱৰগাঁৱত ত্ৰিবেণী কাপ ফুটবলত দীঘলবড়ী জেবিএছএফচি চেম্পিয়ন
মৰিগাঁৱৰ কোঁৱৰগাঁৱত ত্ৰিবেণী কাপ ফুটবলৰ সফল সমাপ্তিঃ দীঘলবড়ী জেবিএছএফচি চেম্পিয়ন

DD TIMES নগাঁও, ২৪ অক্টোবৰঃ মৰিগাঁও জিলাৰ কোঁৱৰগাঁও ত্ৰিবেণী সংঘৰ উদ্যোগত আৰু কোঁৱৰগাঁওবাসী ৰাইজৰ সহযোগত কোঁৱৰগাঁও খেলপথাৰত বৃহস্পতিবাৰে সফলতাৰে সমাপ্তি ঘটা ষষ্ঠ বাৰ্ষিক ত্ৰিবেণী কাপ ফুটবল প্ৰতিযোগিতাত দীঘলবড়ী জে বি এছ এফ চিয়ে চূড়ান্ত বিজয়ী খিতাপ অৰ্জন কৰিছে৷
প্ৰায় দহ সহস্ৰাধিক দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ ফাইনেলত দীঘলবড়ী জে বি এছ এফ চিয়ে মৰিগাঁৱৰ মানিপুৰ নৱৰত্ন ক্লাবক ৩-১ গ’লত পৰাজিত কৰে৷
খেলখনত দীঘলবড়ী জে বি এছ এফ চিৰহৈ জোচেফ ফ্ৰবেলে দুটা ( ২২ আৰু ৬৪ মিনিট ) আৰু মেণ্ডিয়ে এটা ( ৩০ মিনিট ) গ’ল দিয়াৰ বিপৰীতে মানিপুৰ নৱৰত্ন ক্লাবৰহৈ জাফেদ টাপেয়ে প্ৰথমেই ( ১০ মিনিট ) গ’লটো দিছিল৷ তিৱা স্বায়ত্ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা ফাইনেল খেলৰ আৰম্ভণিতে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সমাপন কৰা হয় আৰু দৰ্শক ৰাইজ তথা উদ্যোক্তাসকলে “ মায়াবিনি ৰাতি—” গীতটো সমস্বৰে পৰিবেশন কৰে৷
এই প্ৰতিযোগিতাৰ অন্তত কোঁৱৰগাঁও ত্ৰিবেণী ক্লাবৰ সভাপতি তথা কৃতী শিক্ষক অভিজিৎ পাটৰে সামগ্ৰিকভাৱে আঁত ধৰা সামৰণি অনুষ্ঠানত তিৱা স্বায়ত্ত্ব পৰিষদৰ মুখ্য কাৰ্য়বাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰৰ উপৰি অসম ফুটবল সন্থাৰ উপসভাপতি তথা মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জিতু বৰদলৈ, অসম যোগ সংস্থাৰ যুটীয়া সম্পাদক সমীৰ হাজৰিকা, তিৱা স্বায়ত্ত্ব পৰিষদৰ কাৰ্যবাহী সদস্য খগেন বৰদলৈ, প্ৰণৱজ্যোতি মছৰং, বীণাপাণি বৰদলৈ, প্ৰাক্তন ৰাষ্ট্ৰীয় ৰেফাৰী নাচিৰউদ্দিন আহমেদ, সমাজকৰ্মী ইন্দ্ৰেশ্বৰ বৰা, ফুকন বৰদলৈ, মুনীন্দ্ৰ কোঁৱৰ, পুলিন পাটৰ, শীৰ্ষজ্যোতি কোঁৱৰ, চুমি ডেকা কোঁৱৰ, আৰ্চিকা হোকাই আদি উপস্থিত থাকি বিভিন্ন বঁটাসমূহ বিতৰণ কৰে৷ উল্লেখ্য যে, জে বি এছ এফ চিৰ জোচেফ ফ্ৰবেল ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈ, মানিপুৰ নৱৰত্ন ক্লাবৰ ৰাফিউল আলিয়ে শ্ৰেষ্ঠ ডিফেণ্ডাৰ, জাফেদ টাপে সৰ্বাধিক গ’লদাতা আৰু দীঘলবড়ীৰ জে বি এছ এফ চিৰ গজেন হাঞ্চেয়ে শ্ৰেষ্ঠ গ’লৰক্ষকৰ বঁটা লাভ কৰে৷

