MISCELLANEOUS

Jahnu Baroua’s ‘Lost Rhythm’: জাহ্নু বৰুৱাৰ প্ৰথমখন বাণিজ্যিক ছবি ‘হেৰোৱা ছন্দ’ৰ পোষ্টাৰ

Spread the love

এঘাৰ বছৰৰ বিৰতিৰ পিছত মুক্তি পাব জাহ্নু বৰুৱাৰ প্ৰথমখন বাণিজ্যিক ছবি ‘হেৰোৱা ছন্দ’ : মুকলি কৰা হ’ল তিনিখনকৈ পোষ্টাৰ

DD TIMES গুৱাহাটী, ৩০ নৱেম্বৰঃ অসমীয়া ছবি জগতেই নহয়, দেশৰ ছবি জগতত জাহ্নু বৰুৱা এটি পৰিচিত নাম। বিগত ১১ বছৰ ধৰি জাহ্নু বৰুৱাই কোনো ছবি মুক্তি দিয়া নাই। কিন্তু সুদীর্ঘ ১১ বছৰৰ পিছত জানুৱাৰীত মাঘ বিহুৰ আগে আগে ছবিগৃহলৈ আহিব বিশিষ্ট পৰিচালক, পদ্মভূষণ জাহ্নু বৰুৱাৰ নতুন অসমীয়া ছবি ‘হেৰোৱা ছন্দ’ ৷

অপৰূপা, হালধীয়া চৰাইয়ে বাওধান খায়, সাগৰলৈ বহু দূৰ, অজেয় আদি চিনেমা নিৰ্মাণেৰে অসমীয়া ছবিজগতৰ দীঘলীয়া যাত্ৰা পথত জাহ্নু বৰুৱাই ১১ বছৰৰ পিছত নিৰ্মাণ কৰিছে এখন নতুন ছবি।

জাহ্নু বৰুৱাৰ এইখন প্ৰথমখন বাণিজ্যিক ছবি ৷ ছবিখনৰ নাম— ‘হেৰোৱা ছন্দ’ ৷ পূৰ্বৰ ছবিবোৰৰ দৰেই এইখন ছবিতো নিশ্চিতভাৱে এক বাৰ্তা থাকিব যদিও পূৰ্বৰ ধাৰাৰ চিনেমাবোৰৰ পৰা এইখন ছবি যে কিছু ব্যতিক্ৰম হ’ব বুলি কৈছে জাহ্নু বৰুৱাই।

ডিজিটেল যুগৰ নৱপ্ৰজন্মৰ সামাজিক সমস্যা আৰু প্ৰশ্নক লৈ এই ছবিখন নিৰ্মিত হৈছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে জাহ্নু বৰুৱাৰ এইখন ছবি নৱ-প্ৰজন্মৰ সৈতে তেওঁৰ প্ৰথমখন ছবি বুলি তেওঁ নিজেই উল্লেখ কৰিছে।

শেহতীয়াকৈ গুৱাহাটীত মুকলি কৰা হয় ছবিখনৰ তিনিখনকৈ পোষ্টাৰ। ছবিখনৰ বিষয়ে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাই কয়, “বহু বছৰৰ বিৰতিৰ মূৰত মই ছবিখন কৰিছোঁ। ভাল লাগিছে। পোষ্টাৰ ৰিলিজ হৈছে। ৰাইজে ছবিখন আকোৱালি ল’ব বুলি আশা কৰিছো। ছবিখনৰ কাহিনীয়ে নতুন প্ৰজন্মক প্ৰতিনিধিত্ব কৰিব।”

জাহ্নু বৰুৱাই লগতে কয়, “এটা বিশেষ সামাজিক কাহিনী লৈ ছবিখন নিৰ্মাণ কৰা হৈছে। অসমৰ সমাজ ব্যৱস্থা পৰ্যবেক্ষণ কৰি থাকো। এনে পৰ্যবেক্ষণেৰেই মই এটা কাহিনী প্ৰস্তুত কৰিছিলো। বিশেষকৈ নতুন প্ৰজন্মক টাৰ্গেট কৰি এই ছবিখন কৰা হৈছে।

নতুন প্ৰজন্মৰ সামাজিক সমস্যা থাকে ৷ এই সমস্যাসমূহক লৈ তেওঁলোকৰ বহু সমস্যা থাকে। সেই প্ৰশ্নসমূহৰ বহু উত্তৰ এই ছবিখনত বিচাৰি পাব। গতিকে মই আশা ৰাখিছো অসমবাসীয়ে এই ছবিখন আকোঁৱালি ল’ব।”

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!