অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়ক্ৰীড়াৰাষ্ট্ৰীয়শিৰোনাম

ITF: আইটিএফ বিশ্ব ৰেংকিং মাষ্টাৰ্ছ এমটি ২০০ টেনিছৰ পুৰুষৰ ৫৫ বছৰ বয়সৰ একক শাখাৰ ফাইনেলত ৰনদীপ বৰুৱা

Spread the love

আই টি এফ বিশ্ব ৰেংকিং মাষ্টাৰ্ছ এম টি ২০০ টেনিছৰ পুৰুষৰ ৫৫ বছৰ বয়সৰ একক শাখাৰ ফাইনেলত ৰনদীপ বৰুৱা

DD TIMES গুৱাহাটী, ১১ নৱেম্বৰঃ গুৱাহাটীৰ চচলস্থিত অসম টেনিছ সন্থাৰ প্ৰকল্পত চলি থকা আই টি এফ মাষ্টাৰ্ছ এম টি ২০০ আন্তৰ্জাতিক টেনিছ প্ৰতিযোগিতাখনৰ আজি দ্বিতীয় দিনটোত পুৰুষ আৰু মহিলাৰ একক তথা ডাবলছ শাখাৰ কোৱাৰ্টাৰৰ লগতে ছেমিফাইনেল মেচো অনুষ্ঠিত হয়৷

সৰ্বভাৰতীয় টেনিছ সন্থা আৰু আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেচনৰ সহযোগত সদৌ অসম টেনিছ সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত শ্লোভাকিয়াৰ পিটাৰ জাংকুস্কাই পুৰুষৰ এককৰ ৪৫ বয়সৰ গ্ৰুপৰ ছেমিফাইনেলত স্থান নিশ্চিত কৰিছে৷

আনহাতে, পুৰুষৰ ৫৫ বয়সৰ একক শাখাত ভাৰতৰ ৰনদীপ বৰুৱাই সতীৰ্থ শৰদ ৰাজেশ হেনৰীক তিনিটা ছেটৰ অন্তত ৬-২, ২-৬, ৬-১ৰ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে৷

আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেচনৰ বিশ্ব ৰেংকিঙৰ প্ৰতিযোগিতাখনৰ আজি হোৱা অন্য খেলত পুৰুষৰ ৫৫ বয়সৰ একক শাখাৰ কোৱাৰ্টাৰত কে এন ভেংকটেশে দ্বিতীয় বাচনিৰ অম্লানদীপ দাসক পৰাস্ত কৰি ছেমিফাইনেলত স্থান নিশ্চিত কৰে৷

আনহাতে, পুৰুষৰ এককৰ ৩৫ বছৰ বয়স শাখাৰ কোৱাৰ্টাৰ ফাইনেলত অক্ষয় পাঞ্জাবীয়ে অনুজ প্ৰতীম শৰ্মাক, ৰাহুল বুঢ়াগোহাঁয়ে প্ৰাচুয্য বৰবৰুৱাক, সম্ৰাট মহন্তই ছালিন চৌধুৰীক আৰু যোচেফ জোটিংখুমাই শংকি আগৰৱালাক পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে৷

ইফালে, মহিলাৰ এককৰ ৫৫ বছৰ শাখাৰ ৰাউণ্ড ৰবীন লীগ মেচত ববিতা মোহন লাংথাছাই সুজাতা শৰ্মাক পৰাস্ত কৰাৰ বিপৰীতে মহিলাৰ এককৰ ৪৫ বছৰ শাখাৰ দ্বিতীয় ৰাউণ্ড ৰবীন লীগত সুনুমণি বৰকটকীয়ে পৰমিতা গুহৰয়ক পৰাস্ত কৰে৷ আনহাতে, মহিলাৰ এককৰ ৩৫ূবছৰ বয়স শাখাৰ লীগ মেচত ৰূপ ৰেখা বৰা আমচিয়ে নাইনা মিট্টালক পৰাস্ত কৰে৷

ইফালে, ডাবলছ শাখাৰ মেচত পুুষৰ ৫৫ূবছৰৰ ছেমি ফাইনেলত দিগন্ত বৰদলৈ আৰু অৰুণ কুমাৰ আত্ৰে অম্লানদিপ দাস আৰু আখতাৰ হুছেইনক পৰাস্ত কৰি খিতাপৰ যুঁজলৈ অগ্ৰসৰ হৈছে৷

আনহাতে, মহিলাৰ ডাবলছৰ ৩৫ূবছৰ শাখাৰ ছেমি ফাইনেলত ববিতা মোহন লাংথাছা আৰু সুজাতা শৰ্মা যুটিয়ে ৰূপ ৰেখা বৰা আমচী আৰু নাইনা মিট্টলক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে৷

তদুপৰি পুৰুষৰ ডাবলছৰ ৪৫ বছৰ শাখাৰ কোৱাৰ্টাৰ ফাইনেলত শ্লোভাকিয়াৰ পিটাৰ তথা জাৰ্মানীৰ ডেনিয়েলে ভাৰতৰ সুভাষ কলিতা আৰু শ্বাহনৱাজ জাফৰক পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে৷ কাইলৈ বাকী থকা কোৱাৰ্টাৰ আৰু ছেমিফাইনেল মেচ অনুষ্ঠিত হ’ব৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!