ISSF: নতুন দিল্লীত আইএছএছএফ জুনিয়ৰ বিশ্বকাপ শ্বুটিং
কাইলৈৰ পৰা নতুন দিল্লীত আইএছএছএফ জুনিয়ৰ বিশ্বকাপ শ্বুটিং
DD TIMES নতুন দিল্লী, ২৫ ছেপ্টেম্বৰঃ ১৮খন দেশৰ ২০৮ গৰাকী খেলুৱৈৰ অংশগ্ৰহণৰে কাইলৈৰ পৰা নতুন দিল্লীত আৰম্ভ হ’ব আইএছএছএফ জুনিয়ৰ বিশ্বকাপ শ্বুটিং প্ৰতিযোগিতা৷

ড॰ কাৰ্ণী সিং শ্বুটিং ৰেঞ্জত অনুষ্ঠিত হ’বলগা প্ৰতিযোগিতাখনৰ প্ৰথম দিনটোতে পদকৰ খেল অনুষ্ঠিত হ’ব যদিও অলিম্পিক ইভেণ্ট অহা ২৬ ছেপ্টেম্বৰৰ পৰাহে আৰম্ভ হ’ব৷
কাইলৈ পুৰুষ আৰু মহিলাৰ ৫০ মিটাৰ ৰাইফল প্ৰ’ন ইভেণ্টৰ খেল অনুষ্ঠিত হ’ব৷ আনহাতে, ২৬ ছেপ্টেম্বৰত ১০ মিটাৰ এয়াৰ পিষ্টলৰ ফাইনেল অনুষ্ঠিত হ’ব৷

প্ৰতিযোগিতাখনত মুঠ ১৮টা ইভেণ্টৰ খেল হ’ব৷ ইয়াৰে ১৫টা অলিম্পিক আৰু তিনিটা নন-অলিম্পিক ইভেণ্ট৷ মুঠ ৫৪টা পদকৰ বাবে খেলিব বিশ্বৰ যুৱ তাৰকাসকলে যত আছে অলিম্পিয়ানো৷
আয়োজক ভাৰতে ৫০ মিটাৰ ৰাইফল প্ৰ’ন ইভেণ্টৰ বাবে জুনিয়ৰ পুৰুষ আৰু মহিলা উভয় শাখাত পাঁচজনকৈ খেলুৱৈক সুযোগ দিছে৷
তদুপৰি অলিম্পিক ইভেণ্টত দেশৰ মুঠ ২১জন খেলুৱৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিব৷ ভাৰতীয় দলক নেতৃত্ব দিব এছিয়ান চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ পদক বিজয়ী বেদান্ত নীতিন ৱাঘমাৰে আৰু স্বৰ্ণ পদক বিজয়ী অনুষ্কা এইচ ঠাকুৰে৷
পুৰুষ শাখাৰ আন খেলুৱৈসকল হ’লঃ ৰোহিত কানিয়ান, কুশাগ্ৰা সিং ৰাজাৱত, দীপেন্দ্ৰ সিং শ্বেখাৱত আৰু কুনাল শৰ্মা৷ বিপৰীতে মহিলা শাখাত নিমৰাট কৌৰ ব্ৰাৰ, ছানীয়া ছাপালে, আধ্যা আগৰৱালা আৰু অংশীকা৷
প্ৰতিযোগিতাখনত ভাৰতৰ ৬৯জনীয়া দলটো সৰ্বাধিক খেলুৱৈৰ হোৱাৰ বিপৰীতে অংশগ্ৰহণকাৰী আন দেশসমূহৰ ভিতৰত আছে আমেৰিকা, ইটালী, ইৰাণ, ক্ৰ’ৱেচিয়া, গ্ৰেট ব্ৰিটেইন, ইউ এ ই, শ্লোভাকিয়া, কাটাৰ, ওমান, স্পেইন, ফিনলেণ্ড, নেদাৰলেণ্ড, চাইপ্ৰাছ, নিউজিলেণ্ড, চৌদি আৰব আদি৷

