অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়ক্ৰীড়ামুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ISSF: আইএছএছএফ জুনিয়ৰ বিশ্বকাপ শ্বুটিত প্ৰথমদিনা ভাৰতৰ সোণসহ পাঁচটা পদক

Spread the love

আইএছএছএফ জুনিয়ৰ বিশ্বকাপ শ্বুটিত প্ৰথমদিনা ভাৰতৰ সোণসহ পাঁচটা পদক

নতুন দিল্লী, ২৫ ছেপ্টেম্বৰঃ নতুন দিল্লীত আজিৰে পৰা আৰম্ভ হোৱা আই এছ এছ এফ জুনিয়ৰ বিশ্বকাপ শ্বুটিং প্ৰতিযোগিতাত ভাৰতৰ নৱাগত শ্বুটাৰে ঘৰুৱা পৰিবেশৰ সুযোগ হৈ অনবদ্য প্ৰদৰ্শন কৰি প্ৰথমদিনাই এটা সোণসহ পাঁচটা পদক লাভ কৰিছে৷ আজি অনুষ্ঠিত ৫০ মিটাৰ ৰাইফল প্ৰ’ন ইভেণ্টত ভাৰতৰ মহিলাই তিনিওটা পদক লাভ কৰাৰ লগতে পুৰুষৰ শাখাত ৰূপ আৰু ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়৷

মহিলাৰ ফাইনেলত ভাৰতৰ অনুষ্কা ঠাকুৰে ছটা ছিৰিজৰ শ্বুটিঙৰ অন্তত মুঠ ৬২১.৬ পইণ্টৰে স্বৰ্ণ পদক লাভ কৰে৷ আনহাতে, তেওঁৰ সতীৰ্থ অংশিকাই ৬১৯.২ পইণ্ট সংগ্ৰহ কৰি ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে আধ্যা আগৰৱালে [৬১৫.৯ পইণ্ট] ভাৰতৰ হৈ ব্ৰঞ্জৰ পদক লাভ কৰে৷

ইফালে, পুৰুষৰ স্বৰ্ণ নিৰপেক্ষ খেলুৱৈ কামিল নুৰিয়াখমেটভে [আই অ’ চিৰ শ্বুটাৰ] ৬১৮.৯ পইণ্ট অৰ্জনৰে লাভ কৰাৰ বিপৰীতে ভাৰতৰ দীপেন্দ্ৰ সিং শ্বেখাৱাটে ৬১৭.৯ পইণ্ট লাভ কৰি ৰূপৰ পদক দখল কৰে৷ ভাৰতৰে ৰোহিত কন্যানে [৬১৬.৩ পইণ্ট] ব্ৰঞ্জৰ পদকটো পায়৷

উল্লেখ্য যে বিশ্বৰ ১৮ খন দেশৰ ২০৮ গৰাকী খেলুৱৈৰ অংশগ্ৰহণৰে নতুন দিল্লীৰ ড॰ কাৰ্ণী সিং শ্বুটিং ৰেঞ্জত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ অলিম্পিক ইভেণ্ট কাইলৈ ১০ মিটাৰ এয়াৰ পিষ্টলৰে আৰম্ভ হ’ব৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!