Interesting program of Poetry: যমুনামুখ আঞ্চলিক কবি সন্মিলনৰ কবিতাৰ মনোগ্ৰাহী অনুষ্ঠান
যমুনামুখ আঞ্চলিক কবি সন্মিলনৰ কবিতা পাঠৰ অনুষ্ঠান

DD TIMES বেবেজীয়া, ২৯ ডিচেম্বৰঃ নগাঁও জিলা কবি সন্মিলনৰ অন্তৰ্গত নগাঁও জিলা কবি সন্মিলনৰ অন্তৰ্গত যমুনামুখ আঞ্চলিক কবি সন্মিলনৰ উদ্যোগত আজি যমুনামুখ টাউন ক্লাৱত এক মনোজ্ঞ কবিতা পাঠৰ অনুষ্ঠান সম্পন্ন হয়।
অনুষ্ঠানৰ আৰম্ভণিতে সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ আৰু অমৃত কন্ঠ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে নগাঁও জিলা কবি সন্মিলনৰ উপ-সভাপতি অশোকৰাম ভট্টাচাৰ্য আৰু যমুনামুখ আঞ্চলিক শাখা কবি সন্মিলনৰ সভাপতি মিনতি দেৱী কাকতিয়ে। ইয়াৰ পাছতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে যমুনামুখ আঞ্চলিক শাখা কবি সন্মিলনৰ সম্পাদক মিনাৰাম বৰাই। অনুষ্ঠিত কবিতা পাঠৰ অনুষ্ঠানৰ সঞ্চালনা কৰে নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দুৰ্গেশ্বৰ বৰকটকীয়ে। নিৰ্দিষ্ট বক্তা ৰূপে উপস্থিত থাকে কবি পৱন শৰ্মা।
কবিতা পাঠৰ অনুষ্ঠানত পঠিত কবিতাৰ পৰ্যালোচনা কৰে যুৱ কবি ৰূপম নাথে।
আমন্ত্ৰিত কবি কিশোৰ দাস, তুলিকা দেৱী, তপন কুমাৰ নগঞা, লক্ষেশ্বৰ বৰুৱা, মহানন্দ চুতীয়া, অনুপ্ৰভা বৰাৰ কবিতা আৰু অৰুণ বৰা, মিনাৰাম বৰাৰ গীত পৰিবেশনে অনুষ্ঠানটি জীপাল কৰি তোলে। অনুষ্ঠানৰ শেষত লক্ষেশ্বৰ বৰাৰ শলাইগৰ শৰাইৰ পিছতে কাব্যমন্ত্ৰ পাঠেৰে অনুষ্ঠানৰ সামৰণি পৰে।
উল্লেখ্য যে অনুষ্ঠানৰ সফলতাৰ বাবে যমুনামুখ আঞ্চলিক কবি সন্মিলনৰ সভাপতি মিনতি দেৱী কাকতি আৰু সম্পাদক মিনাৰাম বৰাই সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে।

