Inter Zonal T20 Trophy 2025–26: মহিলাৰ আন্তঃমণ্ডল টি-২০ ট্ৰফীলৈ পূব মন্ডল দলত অসমৰ তিনিগৰাকী
মহিলাৰ আন্তঃমণ্ডল টি-২০ ট্ৰফীলৈ পূব মন্ডল দলত অসমৰ তিনিগৰাকী
DD TIMES গুৱাহাটী, ২২ অক্টোবৰঃ অহা ৪ নৱেম্বৰৰ পৰা ১৪ নৱেম্বৰলৈ নাগালেণ্ডত হ’বলগীয়া ছিনিয়ৰ মহিলা আন্তঃমণ্ডল টি-২০ ট্ৰফী ক্ৰিকেটলৈ অসমৰ তিনি গৰাকী খেলুৱৈ পূব মণ্ডল দলত নিৰ্বাচিত হৈছে।

অল ৰাউণ্ডাৰ জিণ্টি মণি কলিতা আৰু ৰশ্মি দেৰ নাম অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে ষ্টেণ্ডবাইত আছে উইকেটকীপাৰ বেটছমেন খুছি শৰ্মাৰ নাম।

এই স্বীকৃতিৰ বাবে নিৰ্বাচিত খেলুৱৈ সকলক অসম ক্ৰিকেট সন্থাই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে।

খেলুৱৈকেইগৰাকীৰ নিৰ্বাচনে তেওঁলোকৰ সামঞ্জস্যপূৰ্ণ প্ৰদৰ্শন, নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমকে প্ৰতীয়মান কৰে।

আগন্তুক প্ৰতিযোগিতাখনৰ বাবে এচিএই তেওঁলোকক আন্তৰিক শুভেচ্ছা জনাইছে আৰু আশা কৰিছে যে তেওঁলোকে ৰাজ্যখনলৈ অধিক সফলতা কঢ়িয়াই আনি সমগ্ৰ অসমৰ উঠি অহা ক্ৰিকেটাৰক অনুপ্ৰাণিত কৰিব।
অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ।

