Indira Goswami: জ্ঞানপীঠ বঁটাবিজয়ী ড° মামনি ৰয়চম গোস্বামীৰ ৮৩তম জয়ন্তী উদযাপন
জ্ঞানপীঠ বঁটাবিজয়ী ড° মামনি ৰয়চম গোস্বামীৰ ৮৩তম জয়ন্তী উদযাপন

DD TIMES গুৱাহাটী, ১৫ নৱেম্বৰঃ গুৱাহাটী জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত শুক্ৰবাৰে অসম চৰকাৰৰ পুথিভঁৰাল সেৱা সঞ্চালকালয়ৰ উদ্যোগত আৰু গুৱাহাটী জিলা পুথিভঁৰালৰ সহযোগত স্বনামধন্য যশস্বী সাহিত্যক তথা জ্ঞানপীঠ বঁটাবিজয়ী ড° মামনি ৰয়চম গোস্বামীৰ ৮৩তম জয়ন্তী উদযাপন কৰা হয়।

পুথিভঁৰাল সেৱা সঞ্চালকালয়, লোক নির্মাণ তথা অন্যান্য বিভাগৰ মাননীয় মন্ত্রী যোগেন মহন মূখ্য অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানটোত আমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকে- গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন মূৰব্বী অধ্যাপক ড° মালিনী গোস্বামী, মামনি ৰয়ছম গোস্বামী মেমৰিয়েল ট্রাষ্টৰ সঞ্চালক সবিতা শর্মা, লীলৱতী শইকীয়া, আনন্দ বৰমুদৈ, বিজয় শর্মা, ত্রৈলোক্য মোহন নাথ, মৃন্ময়ী গোস্বামী।
মামনি ৰয়ছম গোস্বামীৰ প্ৰতিচ্ছবিত মাল্যার্পণ আৰু বন্তি প্ৰজ্জ্বলনৰ লগতে জাতীয় সংগীতেৰে আৰম্ভহোৱা অনুষ্ঠানটোত বন্তি প্রজ্জ্বলন কৰে সবিতা শর্মা। সমবেত সকলৰ প্ৰতি সম্ভাষণ জনাই আদৰণি ভাষণ আগবঢ়াই পুথিভঁৰাল সেৱা সঞ্চালকালয়ৰ সঞ্চালক প্ৰশান্ত বৰুৱাই।
অনুষ্ঠানটিৰ লগত সংগতি ৰাখি ছাত্র- ছাত্রী সকলৰ মাজত মামনি ৰয়ছমৰ জীৱনৰ ওপৰত আলোকপাত কৰি এখন অনুপ্ৰেৰণামূলক বক্তৃতা প্ৰদানৰ অনুষ্ঠান আৰু দুষ্প্রাপ্য গ্ৰন্থৰ প্ৰদৰ্শনীৰো আয়োজন কৰা হয়।
অনুষ্ঠানটোলৈ আমন্ত্রণ জনোৱা অসম সাহিত্য সভাৰ উপ-সভাপতি মৃনালিনী দেৱীয়ে শাৰীৰিক অসুস্থতাৰ বাবে উপষ্ঠিত থাকিব নোৱাৰাৰ বাবে ভিদিঅ যোগে শুভেচ্ছা বার্তা প্ৰেৰণ কৰে, যিটো সভাত প্ৰদৰ্শন কৰা হয়।
সভাত উপস্থিত থাকি মন্ত্রী যোগেন মহনে মামনি ৰয়ছম গোস্বামীৰ সাহিত্যত মানুহৰ প্ৰতি দয়া কৰুণা ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পণৰ দৰ্শন প্ৰতিফলিত হোৱা বুলি উল্লেখ কৰি সভাত উপস্থিত গুণিসকলৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰাৰ লগতে বিশিষ্ট সাহিত্যকসকলক একোখন সম্বৰ্দ্ধনা পত্ৰৰ লগতে কিতাপৰ টোপোলাৰ দ্বাৰা সম্বৰ্দ্ধনা জনাই।
সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন মূৰব্বী অধ্যাপক ড° মালিনী গোস্বামীয়ে মামনি ৰয়ছম গোস্বামীৰ সাহিত্যত থকা মানুহৰ প্ৰতি সহমর্মিতাৰ দিশটোত আলোকপাত কৰি বক্তব্য আগবঢ়ায়।
বিশিষ্ট সাহিত্যক কনক শর্মাই মামনি ৰয়ছম গোস্বামীয়ে অসম তথা অসমীয়া সাহিত্যক আন্তর্জাতিক প্রেক্ষাপটত উজলাই তুলি অসমীয়া জাতিক চিৰকালৰ বাবে ঋনী কৰি গৈছে বুলিও উল্লেখ কৰে।
অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, সন্দিকৈ মহাবিদ্যালয়কে ধৰি বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্রী উপস্থিত থাকে।
উল্লেখ্য, অনুষ্ঠানত উপস্থিত থকা সকলোকে গুৱাহাটী জিলা পুথিভঁৰালৰ আজীৱন সদস্য হিচাপে অন্তর্ভুক্ত হোৱাৰ সুবিধা প্ৰদান কৰা হয়।
এনে পদক্ষেপৰ বাবে সকলোৱে জিলা পুথিভঁৰালৰ সঞ্চালক প্রশান্ত বৰুৱাৰ লগতে কৰ্মচাৰীবৃন্দ আৰু জিলা পুথিভঁৰালৰ গ্ৰন্থাগাৰিক নৱজ্যোতি ডেকাৰ লগতে কৰ্মচাৰীবৃন্দই শলাগ লয়৷ সভাত ছাত্ৰ-ছাত্ৰীকে ধৰি প্ৰায় চাৰিশৰো অধিক লোক উপস্থিত থাকে।

