অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

INDIAN OIL: নগাঁৱৰ উৰিয়াগাঁওস্থিত ইণ্ডিয়ান অইলৰ পেট্ৰল পাম্প ছীল জিলা আয়ুক্তৰ

Spread the love

নগাঁৱৰ উৰিয়াগাঁওস্থিত ইণ্ডিয়ান অইলৰ পেট্ৰল পাম্প ছীল কৰিলে জিলা আয়ুক্তই

ট্ৰেড লাইচেঞ্চ নথকা-জোখত হেৰফেৰৰ অভিযোগ

DD TIMES বঢ়মপুৰ, ৪ অক্টোবৰঃ বেআইনীভাৱে চলাই থকা নগাঁৱৰ উৰিয়াগাঁওস্থিত এটা পেট্ৰল পাম্প আজি নগাঁও জিলা প্ৰশাসনে ছীল কৰি দিয়ে। জিলাখনৰ এগৰাকী সচেতন নাগৰিকে কালি দিয়া লিখিত অভিযোগৰ পিছতেই আজি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই চহৰখনৰ পাৰ্শ্বৱৰ্তী উৰিয়াগাঁও বাইপাছ চ’কত থকা মেচাৰ্চ হাইৱে কেৰিয়াৰ ৰিফিলিং চেন্টাৰ নামৰ পেট্ৰল পাম্পটোত আজি বিয়লি উপস্থিত হৈ অভিযান চলায়।

তেওঁ পেট্ৰল পাম্পটোত চলি থকা কেতবোৰ বিসংগতি ধৰা পেলায়। আয়ুক্তগৰাকীয়ে সংবাদ মাধ্যমক জনোৱা মতে, পেট্ৰল পাম্পটোৰ স্বত্বাধিকাৰীজনে জিলা প্ৰশাসনৰ পৰা ব্যৱসায়িক অনুজ্ঞাপত্ৰ লোৱা নাছিল।

বহি:ৰাজ্যৰ এগৰাকী মহিলা ব্যৱসায়ীক ইণ্ডিয়ান অইল লিমিটেডে এই পেট্ৰল পাম্পটো চলাবলৈ শেহতীয়াকৈ দায়িত্ব দিছিল। কিন্তু এই ব্যৱসায়ী গৰাকীয়ে ব্যৱসায়িক অনুজ্ঞাপত্ৰ অবিহনে যোৱা ২৬ ছেপ্টেম্বৰৰ পৰা এই পেট্ৰল পাম্পটো বেআইনী ভাবে চলাই আহিছিল।

অৱশ্যে দিল্লীৰ গুৰগাঁৱৰ মমতা নামৰ মহিলাগৰাকীয়ে জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সঞ্চালকক ব্যৱসায়িক অনুজ্ঞাপত্ৰ বিচাৰি আবেদন কৰিছে যদিও মহিলাগৰাকীৰ স্বাক্ষৰো সন্দেহজনক বুলি স্বয়ং জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰিছে।

আনকি বিভাগীয় নীতি অনুসৰি, গ্ৰাহক ৰাইজৰ সুবিধাৰ বাবে পেট্ৰল পাম্পত পৰিমাপ নিৰূপন প্ৰমাণ পত্ৰ থাকিব লাগে যদিও সেয়াও ৰখা নাছিল। জিলা বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ পৰা সংগ্ৰহ কৰিব লগা সেই প্ৰমাণ পত্ৰখনো পেট্ৰল পাম্পটোৰ কৰ্তব্যৰত কৰ্মচাৰীয়ে জিলা আয়ুক্তগৰাকীক প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা নাই।

এনেবোৰ অনিয়ম আৰু বিসংগতিৰ বাবে আজি জিলা আয়ুক্তগৰাকীয়ে পেট্ৰল পাম্পটো ছীল কৰা হয় বুলি মন্তব্য কৰে। লগতে সকলো পেট্ৰল পাম্পৰ কৰ্তৃপক্ষক বিভাগীয় নীতি নিৰ্দেশনা মানি পাম্পসমূহ চলাবলৈ আহ্বান জনায়। এই ক্ষেত্ৰত আয়ুক্তগৰাকীয়ে গ্ৰাহক ৰাইজৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি পেট্ৰল পাম্প সমূহ চলাবলৈয়ো সতৰ্ক কৰি দিয়ে।

নগাঁৱৰ একাংশ পেট্ৰল পাম্পে গ্ৰাহকক পেট্ৰল -ডিজেল দিয়াৰ সময়ত জোখত হেৰফেৰ কৰি অহাৰ কথাও আয়ুক্তগৰাকীয়ে সদৰি কৰি কয় যে এই সন্দৰ্ভত কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব।


উল্লেখ্য যে, নগাঁও চহৰকে প্ৰমুখ্য কৰি জিলাখনৰ একাংশ পেট্ৰল পাম্পত গ্ৰাহক ৰাইজ সদায় প্ৰৱঞ্চিত হৈ আহিছে।বাহনত তেল ভৰোৱাৰ সময়ত জোখত হেৰফেৰ কৰি গ্ৰাহকক প্ৰবঞ্চনা কৰি অহা হৈছে। বহু সময়ত পেট্ৰল পাম্পত গ্ৰাহক আৰু পেট্ৰল পাম্পৰ কৰ্মচাৰীৰ মাজত সংঘাত হোৱা, আনকি মাৰপিট পৰ্যন্ত হোৱা পৰিলক্ষিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!