অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়ক্ৰীড়ামুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

India Open Badminton: ইণ্ডিয়া অপেন বেডমিণ্টনৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ লক্ষ্য সেন

Spread the love

ইণ্ডিয়া অপেন বেডমিণ্টনৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ লক্ষ্য সেন

DD TIMES নতুন দিল্লী, ১৫ জানুৱাৰীঃ ভাৰতৰ এক নম্বৰ পুৰুষ শ্বাটলাৰ লক্ষ্য সেনে নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত চলি থকা য়নেক্স ছানৰাইজ ইণ্ডিয়া অ’পেন বেডমিণ্টন প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ আজি হোৱা ৰাউণ্ড অব ১৬ ৰ মেচত লক্ষ্যই ২১-১৯, ২১-১০ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰে জাপানৰ কেণ্টা নিছিম’টোক৷

উল্লেখ্য যে লক্ষ্যৰ বাহিৰে একক শাখাত ভাৰতৰ অন্য পুৰুষ-মহিলা শ্বাটলাৰে প্ৰতিযোগিতাৰ পৰা বিদায় লৈছে৷ ২০২২ চনত লক্ষ্যই অন্তিম ভাৰতীয় হিচাপে ইণ্ডিয়া অপেনৰ খিতাপ দখল কৰিছিল৷ কিন্তু তেতিয়া প্ৰতিযোগিতাখন ছুপাৰ ৫০০ ইভেণ্ট আছিল৷

২০২৩ ৰ পৰা প্ৰতিযোগিতাখন ৭৫০ লৈ উন্নীত হোৱাত কোনো ভাৰতীয় শ্বাটলাৰে খিতাপ জয় কৰিবলৈ সমৰ্থ হোৱা নাই৷

ইয়াৰপূৰ্বে আজি হোৱা প্ৰি-কোৱাৰ্টাৰ ফাইনেলৰ পুৰুষৰ একক শাখাৰ খেলত ভাৰতৰ কিদাম্বি শ্ৰীকান্ত ১৪-২১, ২১-১৭, ১৭-২১ পইণ্টৰ ব্যৱধানত ফ্ৰান্সৰ ক্ৰিষ্টো প’প’ভৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ বিপৰীতে এইছ এছ প্ৰনয় ছিংগাপুৰৰ ল’হ কিয়ানৰ বিৰুদ্ধে ২১-১৮, ১৯-২১, ১৪-২১ ৰ ব্যৱধানত পৰাস্ত হৈ অভিযান সামৰে৷ আনহাতে, মহিলাৰ একক শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ মালভিকা বানছ’ডক চীনৰ ইউ হানে ২১-১৮, ২১-১৫ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰে৷

ইয়াৰ লগে লগে মহিলাৰ একক শাখাত ভাৰতৰ প্ৰত্যাহ্বান সমাপ্ত হয়৷ উল্লেখ্য যে প্ৰতিযোগিতাৰ প্ৰথমদিনাই পি ভি সিন্ধু আৰু তনভি শৰ্মা প্ৰথম ৰাউণ্ডত পৰাস্ত হৈছিল৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!