INDIA MARITIME WEEK 2025: মুম্বাইত অনুষ্ঠিত ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫ৰ সামুদ্ৰিক নেতৃত্ব সন্মিলনত সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুম্বাইত অনুষ্ঠিত ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫ৰ সামুদ্ৰিক নেতৃত্ব সন্মিলনত সম্বোধন কৰে

আমি এশ বছৰতকৈও অধিক পুৰণি ঔপনিৱেশিক জাহাজ চলাচল আইনসমূহক একবিংশ শতিকাৰ উপযোগী আধুনিক, ভৱিষ্যৎমুখী আইনেৰে সলনি কৰিছোঁঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
আজি ভাৰতৰ বন্দৰসমূহ উন্নয়নশীল বিশ্বৰ ভিতৰত সৰ্বাধিক কাৰ্যক্ষম বুলি গণ্য কৰা হয়; বহু দিশত ই বিশ্বৰ উন্নত বন্দৰসমূহতকৈও উত্তম প্ৰদৰ্শন কৰিছেঃ প্ৰধানমন্ত্ৰী
ভাৰতে জাহাজ নিৰ্মাণত নতুন উচ্চতা স্পৰ্শ কৰাৰ প্ৰয়াস তীব্ৰতৰ কৰিছে, আমি এতিয়া ডাঙৰ জাহাজসমূহক আন্তঃগাঁথনিগত সম্পদৰ মৰ্যাদা প্ৰদান কৰিছোঁঃ প্ৰধানমন্ত্ৰী
বৈশ্বিক উত্তেজনা, বাণিজ্য বিঘ্নিত আৰু সৰবৰাহ শৃংখলৰ পৰিৱৰ্তনৰ মাজতো ভাৰতে দ্ৰুত ৰূপান্তৰমুখী উন্নয়নৰ প্ৰতীক হিচাপে থিয় দিছেঃ প্ৰধানমন্ত্ৰী
৮৫খনতকৈ অধিক দেশৰ অংশগ্ৰহণ, ৪৫০তকৈ অধিক বক্তা, ৫০০তকৈ অধিক প্ৰদৰ্শক, ১৩খন সমান্তৰাল আন্তঃৰাষ্ট্ৰীয় অধিৱেশন আৰু ১ লাখতকৈ অধিক প্ৰতিনিধিৰ সৈতে ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫এ ভাৰতৰ সামুদ্ৰিক খণ্ডৰ ক্ৰমবৰ্ধমান গুৰুত্বক প্ৰতিফলিত কৰিছেঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত ভাৰতে এতিয়া প্ৰতিফলিত কৰিছে সাগৰ সমৃদ্ধিৰ সাঁকোঃ সোণোৱাল
বিগত ১১ বছৰত কাৰ্যকৰী জলপথ ১০ গুণ বৃদ্ধি পাইছে, মালবাহী পৰিবহণ ৭০০% বৃদ্ধি পাইছেঃ সোণোৱাল

DD TIMES মুম্বাই, ২৯ অক্টোবৰ ২০২৫ঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সৰ্বানন্দ সোণোৱালৰ দায়িত্বত থকা কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনত মহাৰাষ্ট্ৰৰ মুম্বাইত অনুষ্ঠিত ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫ৰ সামুদ্ৰিক নেতৃত্ব সন্মিলনত ৮৫খন দেশৰ প্ৰতিনিধি তথা সামুদ্ৰিক বিশ্বৰ সংশ্লিষ্ট অগণন লোকক সম্বোধন কৰে আৰু বিশ্ব সামুদ্ৰিক চিইঅ’ ফ’ৰামত অধ্যক্ষতা কৰে।
এই অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে সকলো অংশগ্ৰহণকাৰীক বিশ্ব সামুদ্ৰিক নেতৃত্ব সন্মিলনলৈ স্বাগতম জনায়। তেওঁ উল্লেখ কৰে যে এই কাৰ্যসূচী ২০১৬ চনত মুম্বাইতে আৰম্ভ হৈছিল আৰু এতিয়া ই বিশ্বৰ সৰ্ববৃহৎ সামুদ্ৰিক সন্মিলনলৈ পৰিণত হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে ৮৫খনৰো অধিক দেশৰ অংশগ্ৰহণে ভাৰতৰ বাবে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰা বুলি উল্লেখ কৰে।
তেওঁ প্ৰধান জাহাজ পৰিবহণ কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়া, ষ্টাৰ্টআপ, নীতি নিৰ্ধাৰক আৰু উদ্ভাৱকসকলৰ উপস্থিতিৰ কথা উল্লেখ কৰে, যিসকলে এই অনুষ্ঠানত একত্ৰিত হৈছে। তেওঁ লগতে সৰু দ্বীপ ৰাষ্ট্ৰসমূহৰ প্ৰতিনিধিসকলৰ উপস্থিতিৰ কথাও উল্লেখ কৰে আৰু কয় যে তেওঁলোকৰ যৌথ দৃষ্টিভংগীয়ে সন্মিলনৰ সমন্বয় আৰু শক্তি যথেষ্ট বৃদ্ধি কৰিছে।
সন্মিলনত জাহাজ পৰিবহণ খণ্ডৰ সৈতে জড়িত কেইবাটাও প্ৰকল্প উন্মোচন কৰা হোৱা বুলি উল্লেখ কৰি নৰেন্দ্ৰ মোদীয়ে জাহাজ পৰিবহণ খণ্ডত লাখ লাখ কোটি টকাৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱাৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ই ভাৰতৰ সামুদ্ৰিক দক্ষতাৰ প্ৰতি বিশ্বৰ বৰ্ধিত আস্থাক প্ৰতিফলিত কৰে।
“একবিংশ শতিকাত ভাৰতৰ সামুদ্ৰিক খণ্ডই আত্মবিশ্বাস আৰু বৰ্ধিত শক্তিৰে আগবাঢ়িছে”, প্ৰধানমন্ত্ৰীয়ে কয় আৰু ২০২৫ বৰ্ষক সামুদ্ৰিক খণ্ডটোৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি মুখ্য সাফল্যসমূহৰ সন্দৰ্ভত আলোকপাত কৰে।
তেওঁ মন্তব্য কৰে যে ভাৰতৰ প্ৰথম গভীৰ পানীৰ আন্তৰ্জাতিক ট্ৰেন্স-শ্বিপমেণ্ট হাব বিজিনজাম বন্দৰ এতিয়া কাৰ্যক্ষম হৈছে আৰু বিশ্বৰ সৰ্ববৃহৎ কণ্টেইনাৰ জাহাজে শেহতীয়াকৈ বন্দৰটোত প্ৰৱেশ কৰাটো প্ৰতিজন ভাৰতীয়ৰ বাবে গৌৰৱৰ মুহূৰ্ত। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে ২০২৪–২৫ চনত ভাৰতৰ প্ৰধান বন্দৰসমূহে ইতিহাসৰ সৰ্বোচ্চ পৰিমাণৰ মাল পৰিবহণ সঞ্চালিত কৰিছে, নতুন ৰেকৰ্ড স্থাপন কৰিছে। তেওঁ ঘোষণা কৰে যে প্ৰথমবাৰৰ বাবে এটা ভাৰতীয় বন্দৰে মেগাৱাট স্কেলৰ স্থানীয় সেউজ হাইড্ৰ’জেন সুবিধা আৰম্ভ কৰিছে, যি হৈছে মূলতঃ কাণ্ডলা বন্দৰৰ কৃতিত্ব।
তেওঁ যোগ কৰে যে জৱাহৰলাল নেহৰু বন্দৰত ভাৰত মুম্বাই কণ্টেইনাৰ টাৰ্মিনেলৰ দ্বিতীয় পৰ্যায় আৰম্ভ হৈছে। “ইয়াৰ ফলত টাৰ্মিনেলৰ পৰিচালনা ক্ষমতা দুগুণ হৈছে, যাৰ ফলত ই ভাৰতৰ সৰ্ববৃহৎ কণ্টেইনাৰ বন্দৰ হৈ পৰিছে”, প্ৰধানমন্ত্ৰীয়ে কয়। মোদীয়ে ছিংগাপুৰৰ অংশীদাৰসকলৰ অৱদানৰ বাবেও বিশেষ কৃতজ্ঞতা প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে এই বৰ্ষত ভাৰতে সামুদ্ৰিক খণ্ডত পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰৰ দিশত ঐতিহাসিক পদক্ষেপ লৈছে। “এশ বছৰতকৈও অধিক পুৰণি ঔপনিৱেশিক জাহাজ চলাচল আইনসমূহক একবিংশ শতিকাৰ উপযোগী আধুনিক আৰু ভৱিষ্যৎমুখী বিধেয়কেৰে সলনি কৰা হৈছে”, প্ৰধানমন্ত্ৰীয়ে কয়।
এই নতুন আইনসমূহে ৰাজ্যিক সামুদ্ৰিক ব’ৰ্ডসমূহক শক্তিশালী কৰিছে, সুৰক্ষা আৰু স্থিৰতা বৃদ্ধি কৰিছে আৰু বন্দৰ পৰিচালনাত ডিজিটেলাইজেচনৰ সম্প্ৰসাৰণ কৰিছে বুলি তেওঁ মন্তব্য কৰে।
এক দেশ, এক বন্দৰ প্ৰক্ৰিয়াৰ বিষয়ে উল্লেখ কৰি মোদীয়ে মন্তব্য কৰে যে জাহাজ পৰিবহণ খণ্ডত এই সংস্কাৰসমূহে ভাৰতৰ সামুদ্ৰিক খণ্ডত এক নতুন দিগন্তৰ সূচনা কৰিছে।
সামুদ্ৰিক ভাৰত দৃষ্টিভংগীৰ অধীনত ১৫০টাৰো অধিক নতুন পদক্ষেপ আৰম্ভ কৰা হৈছে, যাৰ ফলত প্ৰধান বন্দৰসমূহৰ ক্ষমতা প্ৰায় দুগুণ হৈছে, টাৰ্ণএৰাউণ্ড সময় যথেষ্ট হ্ৰাস পাইছে, আৰু ক্ৰুজ পৰ্যটনত নতুন গতি লাভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে যোগ কৰে যে অন্তৰ্দেশীয় জলপথত সামগ্ৰীৰ পৰিবহণ ৭০০ শতাংশৰো অধিক বৃদ্ধি পাইছে।
প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এই বৃহৎ সন্মিলন অনুষ্ঠিত হোৱা ভূমি ছত্ৰপতি শিৱাজী মহাৰাজৰ স্মৃতিৰে সমৃদ্ধ পুণ্যভূমি। শিৱাজী মহাৰাজে কেৱল সামুদ্ৰিক সুৰক্ষাৰ ভেটি স্থাপন কৰাই নহয়, আৰৱ সাগৰৰ বাণিজ্যিক পথতো ভাৰতীয় শক্তি প্ৰতিষ্ঠা কৰিছিল। তেওঁ শিৱাজী মহাৰাজৰ দৃষ্টিভংগী উল্লেখ কৰি কয় যে সাগৰসমূহ সুযোগ-সম্ভাৱনাৰ দুৱাৰ, আৰু ভাৰত শিৱাজী মহাৰাজৰ চিন্তাধাৰাৰে আগবাঢ়িছে।
বিশ্ব সৰবৰাহ শৃংখলৰ স্থিতিস্থাপকতা শক্তিশালী কৰাৰ প্ৰতি ভাৰতৰ দৃঢ় প্ৰতিশ্ৰুতিৰ বিষয়ে গুৰুত্ব আৰোপ কৰি আৰু দেশে বিশ্বমানৰ মেগা বন্দৰ নিৰ্মাণ কৰি থকা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় কৰে যে মহাৰাষ্ট্ৰৰ ৱধাবনত ৭৬,০০০ কোটি টকাৰ ব্যয়েৰে নতুন বৃহৎ বন্দৰ নিৰ্মাণ কৰি থকা হৈছে।
‘মেক ইন ইণ্ডিয়া, মেক ফ’ৰ দ্য ৱৰ্ল্ড’ দৃষ্টিভংগীৰ অধীনত ইনচেণ্টিভ প্ৰদান কৰা হৈছে, আৰু ৰাজ্যসমূহক বিনিয়োগ আকৰ্ষণ কৰিবলৈ উৎসাহিত কৰা হৈছে। তেওঁ বিভিন্ন দেশৰ বিনিয়োগকাৰীসকলক ভাৰতৰ জাহাজ পৰিবহণ খণ্ডত জড়িত হ’বলৈ আহ্বান জনায় আৰু কয় যে এইটোৱেই ভাৰতৰ সৈতে জড়িত হৈ বিশ্বৰ সামুদ্ৰিক খণ্ডক উজ্জীৱিত কৰাৰ সঠিক সময়।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ভাষণ প্ৰসংগত কয়, “৮৫খনতকৈ অধিক দেশৰ অংশগ্ৰহণ, ৪৫০তকৈ অধিক বক্তা, ৫০০তকৈ অধিক প্ৰদৰ্শক, ১৩খন সমান্তৰাল আন্তঃৰাষ্ট্ৰীয় অধিৱেশন আৰু ১ লাখতকৈ অধিক প্ৰতিনিধিৰ সৈতে ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫এ ভাৰতৰ সামুদ্ৰিক খণ্ডৰ ক্ৰমবৰ্ধমান গুৰুত্বক প্ৰতিফলিত কৰিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰেৰণাদায়ক উপস্থিতিয়ে আজি দেশৰ সামুদ্ৰিক খণ্ডক এক নতুন গতি প্ৰদান কৰিছে। তেখেতৰ দূৰদৰ্শী নেতৃত্বই ভাৰতৰ সামুদ্ৰিক খণ্ডক ৰূপান্তৰিত কৰিছে। মেৰিটাইম ইণ্ডিয়া ভিজন ২০৩০ আৰু মেৰিটাইম অমৃতকাল ভিজন ২০৪৭ হৈছে মোদী ডাঙৰীয়াৰ শক্তিশালী দৃষ্টিভংগীৰ উদাহৰণ। ভাৰতে এতিয়া প্ৰতিফলিত কৰিছে সাগৰ সমৃদ্ধিৰ সাঁকো।
দশক দশক ধৰি ভাৰতৰ সামুদ্ৰিক খণ্ডৰ পুনৰুজ্জীৱিতকৰণ এক সপোন হৈয়ে আছিল। কিন্তু মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত ভাৰতৰ সামুদ্ৰিক তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ খণ্ডৰ আমূল ৰূপান্তৰ সাধন হৈছে। মহাৰাষ্ট্ৰৰ পালঘৰত ভাৰতৰ প্ৰথম মেগা বন্দৰ ৱধাৱন নিৰ্মাণকাৰ্য মোদী ডাঙৰীয়াৰ দূৰদৰ্শিতাৰে ফলশ্ৰুতি।”
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগতে কয়, “ভাৰতে এতিয়া বিশ্বৰ নাৱিকৰ ১০%তকৈও অধিক অৰিহণা যোগাইছে। ২০৩০ চনৰ ভিতৰত বিশ্বৰ প্ৰতি পাঁচজন নাৱিকৰ ভিতৰত এজন ভাৰতীয় হ’ব। আমি ক্ৰুজ পৰ্যটনতো আমাৰ পৰিসৰ বৃদ্ধি কৰিছোঁ, এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ নেতৃত্ব ল’বলৈ লক্ষ্য ৰাখি যাত্ৰীৰ সংখ্যা দহগুণ বৃদ্ধি কৰিবলৈ নিৰন্তৰ প্ৰচেষ্টা গ্ৰহণ কৰিছোঁ।
আনহাতে জাহাজ নিৰ্মাণ খণ্ডতো বিভিন্ন পদক্ষেপ লোৱা হৈছে। প্ৰথমবাৰৰ বাবে জাহাজ নিৰ্মাণৰ বাবে আমাৰ চৰকাৰে ৭০,০০০ কোটি টকাৰ পেকেজ নিৰ্ধাৰণ কৰিছে, যিয়ে ভাৰতক কেৱল জাহাজ ব্যৱহাৰকাৰী নহয়, জাহাজ নিৰ্মাণকাৰী দেশ হিচাপে গঢ়ি তুলিবলৈ প্ৰধানমন্ত্ৰীৰ দৃঢ়তা প্ৰদৰ্শন কৰিছে।
বিগত সংসদীয় অধিৱেশনত পাঁচখন গুৰুত্বপূৰ্ণ সামুদ্ৰিক বিধেয়ক গৃহীত হোৱাটো ভাৰতৰ সামুদ্ৰিক খণ্ডৰ বাবে ঐতিহাসিক ক্ষণ। সামুদ্ৰিক খণ্ডৰ আধুনিকীকৰণ, ঔপনিৱেশিক অৱশেষ আঁতৰোৱা আৰু সৰল নিয়ম, ব্যৱসায় কৰাৰ সহজতা বৃদ্ধিৰ জৰিয়তে ঔদ্যোগিক সশক্তিকৰণত এতিয়া ভাৰতে বিশেষকৈ অগ্ৰাধিকাৰ দিছে।”
সোণোৱালে লগতে কয়, “অন্তৰ্দেশীয় জলপথ খণ্ডতো বহু অভূতপূৰ্ব পৰিৱৰ্তন ঘটিছে। বিগত ১১ বছৰত কাৰ্যকৰী জলপথ ১০ গুণ বৃদ্ধি পাইছে, মালবাহী পৰিবহণ ৭০০% বৃদ্ধি পাইছে, আৰু আমি এক নতুন, পৰিৱেশ-অনুকূল, তুলনামূলকভাৱে কম খৰচী আৰু বহুমুখী লজিষ্টিক পৰিবহণ মাধ্যমৰ উত্থানৰ সাক্ষী হৈছোঁ।
গুজৰাটৰ লোথালত ৰাষ্ট্ৰীয় মেৰিটাইম ঐতিহ্য কমপ্লেক্সৰ নিৰ্মাণৰ জৰিয়তে আমি আমাৰ সামুদ্ৰিক ঐতিহ্যক পুনৰুজ্জীৱিত কৰি আছোঁ। এতিয়া ভাৰত বিশ্বৰ সামুদ্ৰিক বিনিয়োগকাৰী আৰু উদ্যোগীসকলৰ বাবে অন্যতম আকৰ্ষণীয় গন্তব্যস্থান হিচাপে পৰিগণিত হৈছে। সামুদ্ৰিক উন্নয়নে ৰাষ্ট্ৰীয় প্ৰগতিক এক নতুন গতি প্ৰদান কৰিছে।
এই গুৰুত্বপূৰ্ণ সন্মিলন আয়োজনত মহাৰাষ্ট্ৰ চৰকাৰৰ অটল সমৰ্থনৰ বাবে মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তদুপৰি দেশ-বিদেশৰ মন্ত্ৰীসকল আৰু বিশ্বৰ আগশাৰীৰ মুখ্য কাৰ্যবাহী বিষয়াসকলক ভাৰত মেৰিটাইম সপ্তাহ ২০২৫ত তেওঁলোকৰ মূল্যৱান অংশগ্ৰহণ আৰু ফলপ্ৰসূ সহযোগিতাৰ বাবে মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।”
এই অনুষ্ঠানত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফডনৱীশ, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰ আৰু কীৰ্তি বৰ্ধন সিং প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত আছিল।

