INDIA AND CANADA: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কানাডাৰ বৈদেশিক মন্ত্ৰীৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিলে কানাডাৰ বৈদেশিক মন্ত্ৰীয়েঃ প্ৰধানমন্ত্ৰীয়ে জি-৭ শীৰ্ষ সন্মিলনৰ বাবে কানাডা ভ্ৰমণ আৰু প্ৰধানমন্ত্ৰী কাৰ্নীৰ সৈতে হোৱা বৈঠকৰ কথা স্মৰণ কৰে
DD TIMES নতুন দিল্লী, ১৩ অক্টোবৰঃ কানাডাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী অনিতা আনন্দে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

.প্ৰধানমন্ত্ৰীয়ে বৈদেশিক মন্ত্ৰী আনন্দক আদৰণি জনায় আৰু কয় যে তেওঁৰ এই ভ্ৰমণে ভাৰত-কানাডাৰ দ্বিপাক্ষিক অংশীদাৰিত্বক নতুন গতি প্ৰদান কৰাৰ বাবে চলি থকা প্ৰচেষ্টাত অৰিহণা যোগাব।

প্ৰধানমন্ত্ৰীয়ে চলিত বৰ্ষৰ জুনত জি ৭ শীৰ্ষ সন্মিলনৰ বাবে কানাডা ভ্ৰমণৰ কথা স্মৰণ কৰে, য’ত তেওঁ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীৰ সৈতে এক অত্যন্ত ফলপ্ৰসূ বৈঠকত মিলিত হৈছিল।

প্ৰধানমন্ত্ৰীয়ে দুয়োখন দেশৰ মাজত বাণিজ্য, শক্তি, প্ৰযুক্তি, কৃষি আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ গুৰুত্বৰ কথা উল্লেখ কৰে।
প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে আৰু কয় যে তেওঁলোকৰ আগন্তুক সাক্ষাতৰ বাবে তেওঁ অপেক্ষাৰত।

