Incomplete Talks: মই মিত্ৰতাৰ পক্ষত আছোঁঃ গৌৰৱ গগৈ
মই মিত্ৰতাৰ পক্ষত আছোঁঃ গৌৰৱ গগৈ
▪️বাকী দলৰ সৈতে আলোচনা সম্পন্ন, ৰাইজৰ দলৰে আলোচনা আধৰুৱা
▪️মিত্ৰতাক লৈ আনুষ্ঠানিকভাৱে আলোচনা কৰি কথাৰ গোপনীয়তা বাহাল ৰাখিম
▪️লোকসভাৰ অধ্যক্ষই দায়িত্ব দিয়াৰ পিছত মুখ্যমন্ত্ৰীৰ কথাৰ কি মূল্য আছে বুলি প্ৰত্যুত্তৰ

DD TIMES গুৱাহাটী, ২৫ ফেব্ৰুৱাৰীঃ ৰাইজৰ দলৰ সৈতে মিত্ৰতা সন্দৰ্ভত আজি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ মই মিত্ৰতাৰ পক্ষত আছো বুলি উল্লেখ কৰি গৌৰৱ গগৈয়ে কয় যে ৰাইজৰ দলৰ সৈতে আলোচনা চলি আছে৷ অখিল গগৈয়ে কোৱাটো ঠিক যে ইতিমধ্যে কংগ্ৰেছ দলৰ কিছুমান দলৰ সৈতে আলোচনা প্ৰায় সম্পন্ন হৈছে৷
কেৱল আনুষ্ঠানিকভাবে ৰাইজক জনাবলৈ বাকী আছে৷ বিভিন্ন দলৰ লগত আলোচনা সম্পন্ন হ’ল যদিও ৰাইজৰ দলৰ লগত আলোচনা এতিয়াও আধৰুৱা হৈ আছে৷ দিল্লীত উপস্থিত থকাৰ সময়ত কেন্দ্ৰীয় নেতৃত্বই মিত্ৰতা সন্দৰ্ভত আমাৰ পৰা কিছু তথ্য বিচাৰিছে৷
পৰৱৰ্তী দিনত কেন্দ্ৰীয় নেতৃত্বই মাৰ্গদৰ্শন আৰু পৰামৰ্শ দিব৷ য’ত য’ত আমাৰ আলোচনা সম্পন্ন হ’ল সেই প্ৰতিবেদন আমি কেন্দ্ৰীয় নেতৃত্বক দিম৷ ৰাইজৰ দলৰ সৈতে আলোচনা আধৰুৱা হৈছে বুলি দোহাৰি গৌৰৱ গগৈয়ে পুনৰ কয় যে ৰাইজৰ দলৰ সৈতে আলোচনা আধৰুৱা হৈ থকাৰ কথা আমি কেন্দ্ৰীয় নেতৃত্বক অৱগত কৰিছো৷
ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে মিডিয়াৰ সন্মুখত কথাবোৰ কৈ থাকেই বুলি উল্লেখ কৰি গৌৰৱ গগৈয়ে কয়, “আমাৰ তেনে অভ্যাস নাই৷ সেয়া আমাৰ পৰম্পৰা নহয়৷ আমি কথাবোৰ আনুষ্ঠানিকভাবে ভালকৈ আলোচনা কৰি কথাৰ গোপনীয়তা বাহাল ৰাখি কথাবোৰ কওঁ৷
এতিয়াও মই কোন কেইটা দলৰ সৈতে আলোচনা সম্পন্ন হ’ল সেই কথাই কোৱা নাই৷ সেয়া আমাৰ দলৰ পৰম্পৰা৷ তেনেকৈ কথা কৈ থকা আমাৰ অভ্যাস নাই৷” কংগ্ৰেছে নিলম্বন কৰা বিধায়কক ৰাইজৰ দলত যোগদান কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে তেওঁ এনে এজন বিধায়কক ল’লে যি বিধায়কক কংগ্ৰেছ দলে নিলম্বিত কৰিছে৷ মিডিয়াৰ বাতৰি মতে তেওঁ বিধায়কজনক টিকট প্ৰদান কৰিছে৷ আন এজন বিধায়কক লৈ আমাৰ দলত বহু চৰ্চা চলি আছিল আৰু অভিযোগ আছিল৷
সেইজন বিধায়ককো ইতিমধ্যে দলত লৈ প্ৰাৰ্থী হিচাপে থিয় কৰাব খুজিছে৷ এনে এটা পৰিৱেশ পৰিস্থিতি আমি বহু দিনৰ পৰা চাই আছো৷ আমাৰ দলত কিছুমান কথা চৰ্চা হৈ আছে৷ তাৰ এটা ইংগিত দিলো৷ মিত্ৰতাক লৈ মই আজিও পজিটিভ হৈ আছো বুলি উল্লেখ কৰি তেওঁ কয়, ‘‘মিত্ৰতা হোৱাটো ভাল৷ কিন্তু ক’বলৈ গ’লে আগতে মই যিমান পজিটিভ আছিলো৷
আজিৰ তাৰিখত শক্তিটো ক’ৰবাত নহয় ক’ৰবাত কমিছে৷ তথাপিও মই সতীৰ্থ, জ্যেষ্ঠ নেতাখিনি, কৰ্মীখিনিক আৰু কেন্দ্ৰীয় নেতৃত্বক বুজাবলৈ চেষ্টা কৰিম যে কিয় আমি সকলোকে এক হোৱাটো ভাল হ’ব৷ যিহেতু এতিয়ালৈকে মিত্ৰতা সম্পন্ন হোৱা নাই সেয়েহে আগতে যিমান পজিটিভ হৈ আছিলো, এতিয়া কিন্তু মোৰ মনটো আগৰ দৰে নহয়৷’’
ইপিনে, ভাৰত–ফিলিপাইন সংসদীয় মৈত্ৰী গোটৰ অধ্যক্ষ নিযুক্তি দিয়াত মুখ্যমন্ত্ৰীৰ মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰদান কৰি গৌৰৱ গগেয়ে মুখ্যমন্ত্ৰীৰ কথাৰ কি গুৰুত্ব আছে বুলি প্ৰত্যুত্তৰ দিয়ে৷ গৌৰৱ গগৈয়ে কয় যে লোকসভাৰ অধ্যক্ষ ডাঙৰীয়াই যিখন চিঠি দিছে সেইখন মই লিখা নাই৷ এটা গোট বনাইছে৷ গোটত সদস্য থাকে আৰু সভাপতি থাকে৷ মোক যি দায়িত্ব দিছে সেয়া পত্ৰযোগে অৱগত কৰিছে৷ লোকসভাৰ অধ্যক্ষ ডাঙৰীয়াই দিয়া পত্ৰ সকলোৱে দেখা পাইছে৷
এই মুহূৰ্তত যোৰহাট সমষ্টিৰ ৰাইজ আৰু অসমবাসীক ধন্যবাদ জ্ঞাপন কৰিছো৷ বিশেষকৈ যোৰহাট সমষ্টিবাসীক ধন্যবাদ জ্ঞাপন কৰিছো৷ তেওঁলোকে আমাক যোৱা লোকসভা নিৰ্বাচনত যিদৰে মৰম দিলে, আশীৰ্বাদ কৰিলে তাৰ বাবে আজি মই এই পৰ্যায় পাইছো৷ মোক যোৱা দিনবোৰত যোৰহাট সমষ্টিবাসী আৰু অসমবাসীয়ে যি মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিলে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো৷
মুখ্যমন্ত্ৰীয়ে পাকিস্তানৰ দায়িত্ব দিব লাগিছিল বুলি কৰা সমালোচনাৰ উত্তৰ প্ৰদান কৰি গৌৰৱ গগৈয়ে কয় যে লোকসভাৰ অধ্যক্ষ মহোদয়ে আমাক এটা দায়িত্ব দিছে ,ইয়াত মুখ্যমন্ত্ৰীৰ কি ভূমিকা আছে বা মুখ্যমন্ত্ৰীৰ কথাৰ কি গুৰুত্ব আছে বুলি কয়।
সদনৰ ভিতৰত লোকসভাৰ অধ্যক্ষ মহোদয়ে দায়িত্ব দিয়াৰ পিছত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথাৰ কি মূল্য আছে মই বুজি পোৱা নাই বুলিও কয় গৌৰৱ গগৈয়ে৷

