অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

Hope For A New Day: কৰণৰ কৰণীয় আৰু নতুন দিনৰ আশাৰ বতৰা

Spread the love

কৰণৰ কৰণীয় আৰু নতুন দিনৰ আশাৰ বতৰা


DD TIMESত লিখিছে মানস প্ৰতিম দত্তই

কৰণক চিনি পাইনে আপোনালোকে? এই যে ঢকুৱাখনাৰ বচামুখ চাৰিআলি হাইস্কুলৰ দশম মানৰ ছাত্ৰ— কৰণ দলে। অ’ ৰ’ব, আপোনালোকেনো কেনেকৈ চিনি পাব! ময়েই চিনাকি কৰি দিওঁ ৰ’ব। কিন্তু কৰণক চিনাকি কৰিবলৈ যোৱাৰ আগতে আমাৰ ঘূৰি যাব লাগিব ১২ নৱেম্বৰ, ২০২৫ তাৰিখলৈ।


সিদিনা আমাৰ সন্তান বিক্ৰান্ত বৈভৱ (আয়াং)ৰ জন্মৰ মাত্ৰ ছয় দিন হৈছে। প্ৰায়খিনি সময় আয়াঙৰ লগতেই ব্যস্ত হৈ থকাৰ মাজতে হঠাৎ ফোনটো কম্পন কৰি বাজি উঠিল। স্ক্ৰীণত ভাঁহি আহিল নিৰ্মল সূত ছাৰৰ নাম। নিৰ্মল সূত— মই শ্ৰদ্ধা কৰা নিচেই আপোন মানুহবোৰৰ মাজৰে এজন। তেখেত এজন গণিত বিষয়ক শিক্ষক হোৱাৰ লগতে এজন ভাল চিত্ৰশিল্পী আৰু নীৰৱ পৰিৱেশকৰ্মীও।

শগুন সংৰক্ষণৰ পৰা আৰম্ভ কৰি পৰিৱেশ সংৰক্ষণৰ বিভিন্ন কামত আমাক সদায় উৎসাহিত কৰি অহা মানুহজনেই আমাৰ মৰমৰ নিৰ্মল ছাৰ। ছাৰ এতিয়া বচামুখ চাৰিআলি হাইস্কুলত কৰ্মৰত।

তেখেতৰ আবদাৰতেই এবাৰ বচামুখ চাৰিআলি হাইস্কুললৈ গৈ শিক্ষাৰ্থীসকলৰ সৈতে পৰিৱেশ আৰু কৃষিৰ বিষয়ে কথা পতাৰ সৌভাগ্য হৈছিল। ছাৰে নিজ বিদ্যালয়ৰ লগতে সেই অঞ্চলটোত পৰিৱেশ সচেতনতা গঢ়ি তুলিবলৈ নিষ্ঠাৰে কাম কৰি আছে।


ছাৰৰ নামটো দেখাৰ লগে লগে ফোনটো ৰিচিভ কৰিলোঁ। ছাৰে প্ৰথমে আমাৰ কণমানিটোলৈ মৰম আৰু শুভেচ্ছা জনালে, ব্যক্তিগত খা-খবৰ ল’লে, আৰু তাৰপিছত গহীন হৈ ক’লে— “এটা বিশেষ কথা ক’বলৈ ফোন কৰিছোঁ।

আমাৰ স্কুলৰ এজন ছাত্ৰৰ কথা।” আৰু সেয়াই আছিল কৰণৰ কথা। সেই কৰণৰ কথা, যাৰ কথা এই লেখাৰ আৰম্ভণিতে লিখিছিলোঁ।

ছাৰে কৈ গ’ল— “কৰণে কালি ব্ৰহ্মপুত্ৰৰ পাৰত এটা বৰ কাছৰ পোৱালি পাইছিল। সি কাছটো ঘৰলৈ আনিছিল, কিন্তু আজি তাৰ মনটো ভাবুক হৈ পৰিছে। সি কৈছে, ‘ছাৰ, কাছটো নদীতেই মুকলি কৰি দিম। আমাৰ দৰে ইয়াৰোটো নিজা ঘৰ আছে।”


ছাৰৰ মাতত এটা আৱেগিক সুৰ আছিল। আজিৰ যুগত, যেতিয়া স্মাৰ্টফোনে শিশু-কিশোৰক বেছি বান্ধি ৰাখিছে, তেনে এসময়ত কৰণৰ দৰে এজন কিশোৰ-ছাত্ৰই এটা প্ৰাণীৰ মুক্তিৰ কথা চিন্তা কৰাটো নিশ্চিতভাৱে সাধাৰণ কথা নহয়। ছাৰে ক’লে, “মই ভাবিছোঁ, এই কামটোৱে আন ছাত্ৰ-ছাত্ৰীসকললোকো অনুপ্ৰাণিত কৰিব। আমি কাছটো ব্ৰহ্মপুত্ৰতে এৰি দিলে ভাল নহ’বনে।”


ছাৰৰ কথাখিনিয়ে মোক জোনাকৰ হাঁহি এটিয়েই যেন উপহাৰ দিলে এনে লাগিল। চকুৰ টোপনি আৰু নিজৰ ক্লান্তিৰ মাজতো মনটো ভৰি পৰিল। কাৰণ, এইটো এনে এটা ইতিবাচক সংবাদ যিয়ে ভৱিষ্যতলৈ নতুন আশাৰ সৃষ্টি কৰে।

নিৰ্দিষ্ট সময়ত ব্ৰহ্মপুত্ৰৰ পাৰলৈ গ’ল ছাৰ আৰু সহকৰ্মীসকলৰ লগতে স্কুলৰ আন কেইবাজনো ছাত্ৰ-ছাত্ৰী। সকলোৰে চকুত আছিল এটা সৎ কাম কৰাৰ বাবে সন্তোষৰ মনোভাৱ।


ছাৰে সকলোকে কাছটোৰ বিষয়ে, ইয়াৰ পৰিৱেশত থকা গুৰুত্বৰ বিষয়ে বুজাই দিলে। তাৰপিছত কৰণে সাৱধানেৰে কাছটো উলিয়াই ব্ৰহ্মপুত্ৰৰ পানীলৈ এৰি দিলে। কাছটোৱে পানী স্পৰ্শ কৰাৰ লগে লগে যেন প্ৰাণ পাই উঠিল। সি গতিশীল হৈ পানীৰ তললৈ বাট ল’লে। সকলোৰে মুখত এটা অনিৰ্বচনীয় আনন্দৰ ভাৱ ফুটি উঠিল।


এই সৰু ঘটনাটোৱে আমাক শিকায় যে, পৰিৱেশ প্ৰতি আমাৰ দায়বদ্ধতা আৰু কৰ্তব্যৰ শিক্ষা ঘৰৰ পৰাই আৰম্ভ হ’ব লাগে। কৰণৰ দৰে যুৱপ্ৰজন্মই যেতিয়া সজ কামৰ বাবে আগবাঢ়ে, তেতিয়া সমাজত এক নতুন পৰিৱৰ্তনৰ সূচনা হয়। নিৰ্মল ছাৰৰ দৰে শিক্ষকসকলেই হ’ল সেই সমাজ গঢ়োতাসকল, যিসকলে ভৱিষ্যত প্ৰজন্মক সজ দিশত আগবাঢ়িবলৈ প্ৰেৰণা দিয়ে।


কৰণৰ এই কৰণীয় কামটোৱে আমাক শিকায় যে, আমি যদি আমাৰ চৌপাশৰ প্ৰতি সচেতন হওঁ, তেন্তে আমিও কৰণৰ দৰেই একোটা ‘সেউজ নায়ক’ হ’ব পাৰো আৰু এই কাহিনীবোৰেই গঢ়ি তুলিব নতুন দিনৰ আশাৰ বতৰা।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!