অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

HONG KONG: হংকঙত দহিছে জুইয়ে

Spread the love

বিধ্বংসী জুয়ে ছানিছে হংকঙৰ ইটোৰ পিছত সিটো অট্টালিকা
৯৪ জনৰ মৃত্যু, দুশৰো অধিক লোকৰ নাই কোনো সন্ধান
অগ্নিকাণ্ডৰ কাৰণ শুকান বাঁহ!খিৰিকীত আছিল অতি জ্বলনশীল ষ্টাইৰ’ফ’ম

হংকং, ২৮ নৱেম্বৰঃ হংকঙলৈ উভতি আহিছে ১৭ বছৰ আগৰ সেই ভয়াৱহ স্মৃতি। ১৭ বছৰ পূৰ্বে হংকঙত সংঘটিত হৈছিল এক ভয়ংকৰ অগ্নিকাণ্ড। নিহত হৈছিল বহু লোক। ঠিক একে ঘটনাৰেই পুনৰাবৃত্তি ঘটিছে হংকঙত।

হংকঙৰ আৱাসিক টাৱাৰত বুধবাৰৰ পৰা সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড। এই ঘটনাত ৯৪জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু আহত হৈছে। ক্ৰমাৎ বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা। হংকঙৰ টাইপো অঞ্চলৰ ৱাং ফুক ক’ৰ্ট নামৰ এটা হাউছিং কমপ্লেক্সত সংঘটিত হয় এই অগ্নিকাণ্ড। কেইবা কিলোমিটাৰ দূৰৰ পৰা দৃশ্যমান হৈছে জুইৰ শিখা।

ৱাং ফুক ক’ৰ্ট নামৰ ২০০০ ফ্লেটৰ এই আৱাসিক কমপ্লেক্সটোত হঠাতে বিস্ফোৰণ হোৱা জুইৰ শিখাই ওচৰৰ কেইবাটাও ওখ অট্টালিকা আগুৰি ধৰে।বুধবাৰে বিয়লি প্ৰায় ২০০০টা এপাৰ্টমেণ্ট থকা ৮টা অট্টালিকাৰ এটা হাউচিং কমপ্লেক্সত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। ই বিশ্বৰ ঘন জনবসতিপূৰ্ণ আৰু ওখ আৱাসিক ব্লকৰ ভিতৰত অন্যতম চহৰখনৰ উত্তৰ দিশত থকা টাই প’ জিলাৰ এই ৱাং ফুক ক’ৰ্ট।

অগ্নিকাণ্ড ইমানে ভয়ংকৰ আছিল যে নিৰ্বাপনৰ পিছতো বৃহস্পতিবাৰে পুৱালৈ কেইবাটাও এপাৰ্টমেণ্ট জ্বলিয়ে আছিল। আৰক্ষীয়ে জনোৱা মতে এই ঘটনাত জড়িত ৩জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

তাত মেৰামতিৰ কাম চলি আছিল আৰু জ্বলি থকা সামগ্ৰী তাতেই এৰি গৈছিল অভিযুক্তসকলে। যাৰ ফলত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। জানিব পৰা মতে মেৰামতিৰ কামত ব্যৱহৃত বাঁহত প্ৰথমে জুইৰ সূত্ৰপাত হৈছিল আৰু সেই জুই ৱাং ফুক ক’ৰ্টৰ সমগ্ৰ এপাৰ্টমেণ্টবোৰত বিয়পি পৰিছিল।


আন এক প্ৰতিবেদন অনুসৰি, এটা টাৱাৰৰ প্ৰতিটো মহলাৰ খিৰিকীত অতি জ্বলনশীল ষ্টাইৰ’ফ’ম সংলগ্ন হৈ থকা দেখা গৈছে। ষ্টাইৰ’ফ’ম পলিষ্টাইৰিন নামৰ পেট্ৰলিয়াম ভিত্তিক প্লাষ্টিকৰে তৈয়াৰ কৰা হয়। ইয়াক নিৰ্মাণ, ইনচুলেচন আৰু খাদ্য পেকেজিঙৰ ক্ষেত্ৰত ইয়াৰ বহুল ব্যৱহাৰ কৰা হয়।

খাদ্যৰ পেকেজিঙত ইয়াৰ ব্যৱহাৰ ইউৰোপীয় সংঘকে ধৰি বিশ্বৰ কেইবাখনো ঠাইত নিষিদ্ধ কৰা হৈছে।নিষেধাজ্ঞাৰ আঁৰৰ কাৰণসমূহৰ ভিতৰত আছে ষ্টাইৰ’ফ’ম জৈৱ-বিঘ্নিত নহয় আৰু ই কাৰ্চিনোজেনিক হ’ব পাৰে ।

ষ্টাইৰ’ফ’মৰ এটা মূল বৈশিষ্ট্য হ’ল ই তুলনামূলকভাৱে কম উষ্ণতাত জ্বলি উঠিব পাৰে আৰু দ্ৰুতগতিত জ্বলি যায়। জ্বলালে ঘন ক’লা ধোঁৱা আৰু কাৰ্বন মনোক্সাইডৰ দৰে বিষাক্ত ধোঁৱা উৎপন্ন হয়। ই জুইৰ দ্ৰুত বিস্তাৰতো সহায় কৰে।

স্থানীয় নেতা জন লীয়ে কয় যে ২৭৯ গৰাকী লোকৰ কোনো সন্ধান নাই । অৱশ্যে পিছত অগ্নিনিৰ্বাপক বাহিনীয়ে কয় যে তেওঁলোকে ইতিমধ্যে কিছুমানৰ সৈতে যোগাযোগ স্থাপন কৰিছে। এই অগ্নিকাণ্ডৰ পিছত ৯০০ৰো অধিক লোকে অস্থায়ী শিবিৰত আশ্ৰয় লৈছে বুলি তেওঁ উল্লেখ কৰে।

অস্থায়ী শিবিৰৰ এজন আৰক্ষী বিষয়াই সংবাদ মাধ্যমক জনোৱা মতে কিমান লোক সন্ধানহীন, সেয়া এতিয়াও স্পষ্ট নহয়। কিয়নো বহু নিশালৈ পৰিয়ালৰ লোকে সন্ধানহীন লোকৰ তথ্য দিছে । ইফালে অট্টালিকাবোৰ যথেষ্ট ওখ হোৱাৰ বাবে উদ্ধাৰ অভিযানত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ কথা স্বীকাৰ কৰি অগ্নিনিৰ্বাপক বাহিনীয়ে।


চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে। ক্ষতিগ্ৰস্ত পৰিয়াল আৰু আত্মীয়লৈ তেওঁ সহানুভূতি প্ৰকাশ কৰিছে । লগতে জুই নিৰ্বাপন কৰাৰ লগতে হতাহত আৰু লোকচানৰ পৰিমাণ হ্ৰাস কৰাৰ প্ৰচেষ্টা চলাবলৈ আহ্বান জনাইছে। অগ্নিকাণ্ডৰ পিছতে ৭০০ অগ্নিনিৰ্বাপক বাহিনী নিয়োগ কৰা হয়। ঘটনাস্থলীত অব্যাহত আছে উদ্ধাৰ অভিযান।

হংকঙৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি টাই প’ জিলা চীনৰ বিত্তীয় কেন্দ্ৰৰ উত্তৰ অংশত অৱস্থিত। অগ্নিকাণ্ডৰ ফলত টাৱাৰটোত কেইবাজনো লোক আবদ্ধ হৈ পৰাৰ খবৰ পোৱা গৈছে। ঘটনাস্থলীত উপস্থিত থাকে কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ বাহন। ওচৰৰ বাসিন্দাসকলক ঘৰৰ ভিতৰতে থাকিবলৈ, দুৱাৰ-খিৰিকী বন্ধ কৰি ৰাখিবলৈ আৰু শান্ত হৈ থাকিবলৈ পৰামৰ্শ দিছে অগ্নিনিৰ্বাপক বাহিনীয়ে।

৯০% লোকক নিৰাপদে স্থানান্তৰ কৰা হৈছে। এই ঘটনাৰ পিছতে বন্ধ কৰি দিয়া হৈছে কেইবাটাও পথ। এই বৃহৎ অগ্নিকাণ্ডক ৫ কেটেগুৰীৰ জুই হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে।

হংকঙত ৫নং স্তৰৰ শেষৰটো বৃহৎ অগ্নিকাণ্ড প্ৰায় ১৭ বছৰ পূৰ্বে সংঘটিত হৈছিল, য’ত চাৰিজন লোকৰ মৃত্যু হৈছিল। আহত আৰু ক্ষতিগ্ৰস্তসকলৰ বাবে হেল্পলাইন নং মুকলি কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!