HOCKEY GAME: আন্তঃজিলা স্কুল হকীৰ আজি ফাইনেল
আন্তঃজিলা স্কুল হকীৰ আজি ফাইনেল
DD TIMES গুৱাহাটী, ১৪ অক্টোবৰঃ অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত গুৱাহাটীৰ ভেটাপাৰৰ মৌলানা মহম্মদ তৈয়বুল্লাহ হকী ষ্টেডিয়ামত চলি থকা আন্তঃজিলা স্কুল হকী প্ৰতিযোগিতাৰ ছোৱালীৰ ফাইনেল মেচখন মঙলবাৰে দৰং আৰু ডিব্ৰুগড়ৰ মাজত অনুষ্ঠিত হ’ব৷

সোমবাৰে হোৱা ছেমিফাইনেলত ডিব্ৰুগড়ে ১৩-০ গলত মৰিগাঁৱক পৰাস্ত কৰাৰ বিপৰীতে দৰং জিলাৰ ছোৱালী দলে ৪-০ গলত ধেমাজিক পৰাস্ত কৰে৷
ইফালে, ১৭ বছৰ অনূধ্বৰ্ ল’ৰা-ছোৱালীৰ ৰাজ্যিক প্ৰতিযোগিতাৰ ল’ৰাৰ ছেমিফাইনেল মেচৰ লাইনআপ নিশ্চিত হৈছে৷

সেই অনুসৰি কাইলৈ পূৱা ল’ৰাৰ প্ৰথমখন ছেমিফাইনেলত কামৰূপ মহানগৰ জিলাই বঙাইগাঁও দলৰ মুখামুখি হোৱাৰ বিপৰীতে কাচাৰে নগাঁও জিলাৰ বিৰুদ্ধে আনখন ছেমিফাইনেলত অৱতীৰ্ণ হ’ব৷
মেচত কামৰূপ মহানগৰ দলে লখিমপুৰক, বঙাইগাঁও জিলা দলে হোজাইক, কাচাৰে চিৰাং দলক আৰু নগাঁও দলে পশ্চিম কাৰ্বি আংলঙৰ পৰাস্ত কৰে৷
উল্লেখ্য, ল’ৰাৰ ১৮ আৰু ছোৱালীৰ ১৬খন জিলাৰ দলে যোগদান কৰা প্ৰতিযোগিতাখনৰ ফাইনেল মঙলবাৰে আবেলি অনুষ্ঠিত হ’ব৷
উল্লেখ্য, চেম্পিয়ন ল’ৰা-ছোৱালী দল দুটাই নতুন দিল্লীত হ’বলগা জৱহৰলাল নেহৰু হকী প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিব৷ ১৮ অক্টোবৰৰ পৰা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব৷

