অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

HAPPY BIRTHDAY: ৰাজীৱ ভৱনত ওপজা দিনত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াক স্মৰণ

Spread the love

ৰাজীৱ ভৱনত ওপজা দিনত হিতেশ্বৰ শইকীয়াক স্মৰণ

DD TIMES গুৱাহাটী, ৩ অক্টোবৰঃ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ ৯১ সংখ্যক ওপজা দিনত আজি ৰাজীৱ ভৱনত বিশিষ্ট ৰাজনৈতিক নেতাজনক গভীৰভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। প্ৰাক্তন সাংসদ বলীন কুলী, ৰিপুণ বৰা আৰু আব্দুল খালেকে গুৱাহাটীৰ ৰাজীৱ ভৱনত থকা হিতেশ্বৰ শইকীয়া মণ্ডপত প্ৰয়াত নেতাজনৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি প্ৰদান কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা জ্ঞাপন কৰে।

প্ৰাক্তন সাংসদ ৰিপুন বৰা আৰু বলীন কুলীয়ে হিতেশ্বৰ শইকীয়াৰ কৰ্মৰাজিৰ বিশ্লেষণ কৰি এক কঠিন আৰু জটিল পৰিস্থিতিত হিতেশ্বৰ শইকীয়াই অসমৰ উন্নয়নৰ বাবে কৰি যোৱা কামৰ এখন তালিকা ৰাজহুৱা কৰে। অসুস্থ শৰীৰৰে অবিৰাম কষ্ট কৰি হিতেশ্বৰ শইকীয়াই কেনেদৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি-ফুৰি ৰাজহুৱা কাম কৰিছিল এই বিষয়েও দুয়োজন প্ৰাক্তন সাংসদে পৰ্যালোচনা কৰে।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জ্যেষ্ঠ কংগ্ৰেছ নেতা অৰুণ তিৱাৰী, বালিকা লাহন পেগু, গোপাল শৰ্মা, দীপৰঞ্জন মজুমদাৰ, ৰামপ্ৰসাদ শৰ্মা, ৰূপক দাস প্ৰমুখ্যে লোকসকল উপস্থিত থাকে।

অনুষ্ঠানৰ আঁত ধৰে মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই। ইফালে, শিৱসাগৰতো আজি অনুষ্ঠিত হিতেশ্বৰ শইকীয়াৰ ওপজা দিনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই অংশগ্ৰহণ কৰে।

জিলা কংগ্ৰেছৰ কাৰ্যালয়সমূহতো আজি পুৱাৰ ভাগত বন্তি প্ৰজ্বলনেৰে প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!