অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Hajo Pride 2025 Awards: বিশিষ্ট লেখক থানেশ্বৰ মালাকাৰলৈ হাজোৰ গৌৰৱ ২০২৫ সন্মান

Spread the love

বিশিষ্ট লেখক থানেশ্বৰ মালাকাৰলৈ হাজোৰ গৌৰৱ ২০২৫ সন্মান

DD TIMES গুৱাহাটী, ১৪ ডিচেম্বৰঃ অসমীয়া সাহিত্যৰ মানৱতাবাদী লেখক তথা অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া থানেশ্বৰ মালাকাৰলৈ আগবঢ়োৱা হৈছে”হাজোৰ গৌৰৱ ২০২৫ সন্মান”।

ঐতিহ্যমণ্ডিত হাজো অঞ্চলৰ পৰা প্ৰচাৰিত ‘হাজোৰ খবৰ’ নিউজ প’ৰ্টেলৰ দ্বাৰা ২০২০ চনৰ পৰা হাজো অঞ্চলৰ বাবে গৌৰৱ কঢ়িয়াই অনা নতুন প্ৰজন্মৰ বাবে আদৰ্শ ব্যক্তিক ‘হাজোৰ গৌৰৱ’ সন্মান প্ৰদান কৰি আহিছে।

উল্লেখযোগ্য যে কামৰূপ জিলাৰ হাজো বৰদধিত জন্মগ্ৰহণ কৰি অসম চৰকাৰৰ অসামৰিক সেৱাৰ বিষয়া হিচাপে অসমৰ বিভিন্ন ঠাইত সেৱা আগবঢ়োৱা মালাকাৰে ওদালগুৰি, কোকৰাঝাৰ আৰু বৰপেটা জিলাৰ উপায়ুক্ত হিচাপে দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰিছিল।

অসম চৰকাৰৰ আয়ুক্ত সচিব হিচাপে অৱসৰ গ্ৰহণ কৰা মালাকাৰে ইতিমধ্যে ২৭খন গ্ৰন্থ ৰচনাৰে অসমীয়া সাহিত্য জগতলৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াইছে।

অহা ২১ ডিচেম্বৰত হাজোৰ খবৰৰ উদ্যোগত আয়োজিত এক বৰ্ণাঢ্য অনুষ্ঠানত মালাকাৰক এই বঁটা প্ৰদান কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!