অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়ক্ৰীড়ামুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

GUWAHATI: ছয় অক্টোবৰৰ পৰা গুৱাহাটীত বিশ্ব জুনিয়ৰ বেডমিণ্টন

Spread the love

ছয় অক্টোবৰৰ পৰা গুৱাহাটীত বিশ্ব জুনিয়ৰ বেডমিণ্টনঃ ভাৰতীয় দলক শুভেচ্চা লক্ষ্য, প্ৰনয়, অশ্বিনীৰ

DD TIMES গুৱাহাটী, ৩ অক্টোবৰঃ অহা ছয়ৰ পৰা ১৯ অক্টোবৰলৈ গুৱাহাটীৰ আমিনগাঁৱৰ নেচনেল চেণ্টাৰ অৱ এক্সেলেন্স চেণ্টাৰত য়’নেক্স ছানৰাইজ বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ-২০২৫ অনুষ্ঠিত হ’ব৷

২০০৮ চনৰ পিছত দ্বিতীয়বাৰৰ বাবে ভাৰতত তথা প্ৰথমবাৰলৈ অসমত অনুষ্ঠিত হ’বলগা প্ৰতিযোগিতাখনত অংশ ল’বলগা ভাৰতীয় দলটোৱে সম্প্ৰতি গুৱাহাটীত কঠোৰ অনুশীলনত ব্যস্ত৷ কেৰিয়াৰৰ প্ৰথমখন বৃহৎ আন্তৰ্জাতিক প্ৰতিযোগিতাত দেশক প্ৰতিনিধিত্ব কৰাৰ পূৰ্বে ভাৰতৰ ২৫ জনীয়া ল’ৰা-ছোৱালীৰ দলটোক শুভেচ্চা জনাইছে দেশৰ তিনি তাৰকা শ্বাটলাৰ লক্ষ্য সেন, এইছ এছ প্ৰনয় আৰু অশ্বিনী প’নাপ্পাই৷

উল্লেখ্য যে লক্ষ্য আৰু প্ৰনয় বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপৰ প্ৰাক্তন পদকজয়ী খেলুৱৈ৷

উৎসাহৰ বিশেষ বাৰ্তা প্ৰেৰণ কৰি প্ৰনয়ে জুনিয়ৰ খেলুৱৈসকলক তেওঁলোকৰ খেল উপভোগ কৰিবলৈ আৰু নিজৰ ওপৰত বিশ্বাস ৰাখিবলৈ আহ৩ান জনায়৷ ২০১০ চনত বিশ্ব জুনিয়ৰ বেডমিণ্টনত ব্ৰঞ্জৰ পদক লাভ কৰা প্ৰনয়ে কয় ‘এই সুযোগ সম্ভৱতঃ খেলুৱৈ জীৱনত এবাৰহে পোৱা যায়৷ ইয়াৰ পৰাই পৰবৰ্তী দুবছৰৰ ভিতৰত প্ৰতিজনে ছিনিয়ৰ পৰ্যায়ত প্ৰৱেশ কৰিব তথা ভাৰতীয় বেডমিণ্টনৰ নতুন তাৰকা হ’ব৷

জুনিয়ৰ পৰ্যায়তে বিশ্বৰ শ্ৰেষ্ঠসকলৰ বিৰুদ্ধে খেলাৰ এয়া অনন্য সুযোগ৷ আগুৱাই যোৱাৰ এইটোৱেই হৈছে প্ৰথমটো দৃঢ় খোজ৷’ ভাৰতীয় দেল প্ৰতিযোগিতাৰ পূৰ্বে গুৱাহাটীৰ অত্যাধুনিক এন চি ইত প্ৰশিক্ষণ লৈ থকা বিষয়টো উল্লেখ কৰি প্ৰনয়ে লগতে কয় যে ভাৰতীয় খেলুৱৈসকলে অনুশিলন আৰু প্ৰশিক্ষণৰ দিশ দুটাৰ সৰ্বোত্তম ব্যৱহাৰ কৰি প্ৰদৰ্শনত ইয়াৰ সুবিধা ল’ব পৰিব৷

ইফালে, প্ৰনয়ৰ দৰেই বিশ্ব জুনিয়ৰৰ লগতে চিনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপতো ব্ৰঞ্জৰ পদক লাভ কৰা আন এগৰাকী তাৰকা ভাৰতীয় শ্বাটলাৰ লক্ষ্য সেনে নিজৰ শুভেচ্চা বাৰ্তাত কয় যে এই সন্ধিক্ষণত খেলুৱৈসকলে খেলত মনোনিৱেশ কৰি থকাটো যিমান গুৰুত্বপূৰ্ণ সিমানে অন্যমনস্ক নহোৱাটোও গুৰুত্বপূৰ্ণ৷ ‘প্ৰতিজন ভাৰতীয় খেলুৱৈৰ বাবে গুৱাহাটী হ’ব ঘৰুৱা টাৰ্ফ৷

আনহাতে, ঘৰুৱা সমৰ্থন আৰু পৰিচিত পৰিবেশৰ সুবিধা লাভ কৰাটোও এক ডাঙৰ সুযোগ৷ খেলুৱৈসকলে গুৰুত্বপূৰ্ণ দিশবোৰত মনোনিৱেশ কৰিব লাগিব৷ প্ৰতিযোগিতাৰ সময়ত প্ৰতিজনৰ ওপৰতে সমৰ্থকৰ আশাৰ দৃষ্টি থাকিব৷’ লক্ষ্যই ব্যক্ত কৰে৷

ইফালে, অলিম্পিয়ান তথা ২০১১ চনৰ বিশ্ব চেম্পিয়নশ্বিপৰ মহিলাৰ ডাবলছৰ ব্ৰঞ্জৰ পদক বিজয়ী অশ্বিনীয়ে খেলুৱৈসকলক চেম্পিয়নশ্বিপৰ প্ৰাকক্ষণত প্ৰশিক্ষণ প্ৰক্ৰিয়াক অনুসৰণ কৰা আৰু সামগ্ৰিক ব্যৱস্থাৰ ওপৰত বিশ্বাস কৰিবলৈ আহ৩ান জনায়৷ লগতে দেশৰ বাবে পদক লাভৰ লক্ষ্যত উপনিত হ’বলৈ নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন কৰিবলৈও শুভেচ্চা বাৰ্তাত ব্যক্ত কৰে৷

উল্লেখ্য যে এতিয়ালৈকে এই প্ৰতিযোগিতাত ব্যক্তিগত শাখাত এঘাৰটা পদক লাভ কৰা ভাৰতে গুৱাহাটীত প্ৰথমবাৰৰ বাবে মিক্সড টিম ইভেণ্টত প’ডিয়ামত থিয় হোৱাৰ আশা কৰিছে৷ কাৰণ এইসময়ত ভাৰতৰ জুনিয়ৰ দলটোৰ বিশ্ব ৰেংকিঙত দ্বিতীয় স্থানত আছে তথা খেলুৱৈসকলে ব্যক্তিগতভাবেও ধাৰাবাহিক সফলতা লাভ কৰিছে৷

প্ৰতিযোগিতাৰ মিক্সড টিম ইভেণ্টৰ [ সুহান্দিনাটা কাপ] খেল ছয়ৰ পৰা ১১ অক্টোবৰলৈ অনুষ্ঠিত হোৱাৰ পাছত ১৩ ৰ পৰা ১৯ অক্টোবৰলৈ অনুষ্ঠিত হ’ব ল’ৰা-ছোৱালীৰ একক, ডাবলছ, মিক্সড শাখাৰ খেল৷

প্ৰতিযোগিতাত শক্তিশালী ভাৰতীয় দলটোক নেতৃত্ব দিব এইসময়ৰ জুনিয়ৰৰ বিশ্ব ৰেংকিঙৰ শীৰ্ষস্থানৰ শ্বাটলাৰ তনভি শৰ্মাই৷ জুনিয়ৰ বিশ্বকাপ বেডমিণ্টনত ভাৰতে এতিয়ালৈকে এটা সোণ, চাৰিটা ৰূপ আৰু ৬টা ব্ৰঞ্জকে ধৰি ১১টা পদক লাভ কৰিছে৷ ২০০৮ চনত ভাৰতত হোৱা প্ৰতিযোগিতাত ছাইনা নেহৱালে সোণৰ পদক লাভৰে ইতিহাস ৰছনা কৰাৰ লগতে আৰ এম ভি গুৰু ছাই দত্তই ল’ৰাৰ একক শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল৷ সেয়াই ভাৰতৰ এতিয়ালৈকে শ্ৰেষ্ঠ প্ৰদৰ্শন৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!