অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

GUWAHATI: আৰক্ষী বিষয়া গীতাৰ্থ দেৱশৰ্মাৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিলে মানৱ অধিকাৰ আয়োগে

Spread the love

বাক্সাৰ কাৰাগাৰৰ সন্মুখত লংকাকাণ্ডৰ ঘটনাঃ আৰক্ষী বিষয়া গীতাৰ্থ দেৱশৰ্মাৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিলে মানৱ অধিকাৰ আয়োগে

DD TIMES গুৱাহাটী, ১৯ অক্টোবৰঃ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্তসকলৰ ভিতৰত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাকে ধৰি কেইবাজনো লোকক আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পিছত তেওঁলোকক লৈ যোৱা হৈছিল বাক্সাৰ নৱ নিৰ্মিত কাৰাগাৰলৈ।

অভিযুক্তসকলক কাৰাগাৰলৈ নিয়াৰ সময়তে কাৰাগাৰৰ বাহিৰত সৃষ্টি হৈছিল লংকাকাণ্ডৰ। বহুতে অভিযোগ কৰিছিল যে অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱশৰ্মাই উচনিমূলক কাৰ্যৰ বাবেই ৰাইজ অধিক উত্তেজিত হৈ পৰিছিল। ইয়াৰ পিছতে ৰাইজৰ ওপৰত চলিছিল লাঠিচালনা।

আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে লাঠীচালনা কৰাৰ ঘটনাক লৈ তদন্তৰ নিৰ্দেশ দিছে অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগে।

আয়োগৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ন্যায়াধীশ অজিত বৰঠাকুৰে সমগ্ৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত কৰি এক বিস্তৃত প্রতিবেদন দাখিল কৰিবলৈ বাক্সা জিলা দণ্ডাধীশক নির্দেশ দিছে বুলি জানিব পৰা গৈছে।

আয়োগে লগতে প্ৰতিবেদনৰ সৈতে লাঠিচালনাৰ ঘটনাৰ ভিডিঅ’গ্ৰাফী, আঘাতপ্রাপ্ত লোকৰ প্ৰতিবেদন দাখিল কৰিবলৈও নিৰ্দেশ দিছে।

উল্লেখ্য অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত গ্ৰেপ্তাৰ হোৱা শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাসহ পাঁচ অভিযুক্তক বাক্সাৰ জিলা কাৰাগাৰলৈ লৈ যোৱাৰ সময়তে জনতাই প্ৰতিবাদ সাব্যস্ত কৰিছিল।

এনে প্ৰতিবাদৰ সময়তে অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱশৰ্মাই ৰাইজৰ ওপৰত লাঠিচালনা কৰিছিল বুলি অভিযোগ উঠিছিল । ফলত উত্তেজিত ৰাইজে শিলগুটি নিক্ষেপ কৰিছিল। আৰক্ষীয়ে পিছত শূন্যলৈ গুলীচালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগীয়া হৈছিল। জনতাৰ শিলাবৰ্ষণত বহুকেইগৰাকী সাংবাদিক আৰু আৰক্ষীৰ লোকো আহত হৈছিল। উল্লেখ্য অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱশৰ্মাই ৰাইজৰ ওপৰত লাঠিচালনা কৰা ঘটনা সন্দৰ্ভত ভাৰতীয় ছাত্র সংগঠনৰ সভাপতি দুর্লভ তালুকদাৰ আৰু সম্পাদক অনন্যা শ‍ইকীয়াই অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগত লিখিত অভিযোগ দাখিল কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!