অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়রাষ্ট্ৰীয়ৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

Guidance Table Book: কেৰিয়াৰ গাইডেন্স টেবুল বুক– শিক্ষাৰ্থীৰ বাবে এক দূৰদৰ্শী পদক্ষেপ

Spread the love

প্ৰসংগঃ ৰিয়াৰ গাইডেন্স টেবুল বুক– শিক্ষাৰ্থীৰ বাবে এক দূৰদৰ্শী পদক্ষেপ

শিক্ষাৰ্থীসকলৰ ভৱিষ্যত গঢ়াৰ লক্ষ্যৰে অসম চৰকাৰৰ সমগ্ৰ শিক্ষা অসমে ইউনিচেফ (UNICEF)ৰ সহযোগত চাৰিটা খণ্ডৰ কেৰিয়াৰ গাইডেন্স টেবুল বুক (Career Guidance Table Book) প্ৰস্তুত কৰিছে।

এই কিতাপসমূহে এছটিইএম (STEM), নন-এছটিইএম (Non-STEM), কলা, মিডিয়া, বিনোদন, আৰু বৃত্তিমূলক শিক্ষাৰ দৰে বহুতো ক্ষেত্ৰত কেৰিয়াৰ গঢ়িবলৈ ইচ্ছুক শিক্ষাৰ্থীসকলক প্ৰয়োজনীয় পথনিৰ্দেশনা আগবঢ়াইছে।

এই গাইডবুকসমূহত ৪০০ৰো অধিক কেৰিয়াৰ বিকল্পৰ বিষয়ে স্পষ্ট তথ্য সন্নিৱিষ্ট কৰা হৈছে, য’ত ইঞ্জিনিয়াৰিং, তথ্য প্ৰযুক্তি, স্বাস্থ্য আৰু সুস্থতা, বিজ্ঞান, মৎস্য, চৰকাৰী সেৱা, ৰক্ষা, আইনী অধ্যয়ন, সমাজ বিজ্ঞান, শিক্ষা, বেংকিং,ফাইনেঞ্চ, ইনছুৰেন্স, ব্যৱস্থাপনা, ক্ৰীড়া, মিডিয়া, কলা, ডিজাইন, লজিষ্টিকছ, পৰ্যটন, হস্পিটেলিটি  আদিৰ দৰে বহুমুখী পেছাৰ বিষয়ে আলোচনা কৰা হৈছে।

এইবোৰে শিক্ষাৰ্থীসকলক তেওঁলোকৰ আগ্ৰহ, দক্ষতা, আৰু লক্ষ্যৰ ভিত্তিত সঠিক কেৰিয়াৰ বাছনি কৰাত সহায় কৰিব।

আজিৰ পৰিবৰ্তনশীল চাকৰিৰ বজাৰত বৈধ আৰু সংগঠিত কেৰিয়াৰ গাইডেন্সৰ প্ৰয়োজনীয়তা অপৰিসীম। এই টেবুল বুকসমূহে সেই অভাৱ পূৰণ কৰিবলৈ এক উল্লেখযোগ্য ভূমিকা পালন কৰিব বুলি আশা কৰিব পাৰি।

ইতিমধ্যে এই গাইডবুকসমূহ বিদ্যালয়বোৰত বিতৰণ কৰা হৈছে, ইয়াৰ জৰিয়তে শিক্ষাৰ্থীসকলে উপকৃত হ’ব পাৰে। এই গুৰুত্বপূৰ্ণ উদ্যোগৰ বাবে সমগ্ৰ শিক্ষা অসম আৰু ইউনিচেফক ধন্যবাদ জ্ঞাপন কৰিছো।

এই পদক্ষেপৰ ব্যাপক প্ৰচাৰ হ’ব লাগে,যাতে সকলো শিক্ষাৰ্থীয়ে ইয়াৰ পৰা সমানে উপকৃত হ’ব পাৰে। এনে প্ৰয়াসে অসমত এক দক্ষ, আত্মবিশ্বাসী আৰু লক্ষ্যপ্ৰৱণ কৰ্মশক্তি গঢ়াত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব।

ড° বুলজিৎ বুঢ়াগোহাঁই, কেৰিয়াৰ পৰামৰ্শদাতা তথা মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডন বস্ক’ বিশ্ববিদ্যালয়

ফোন: ৯৪৩৫১৮৮৬৩০

ই-মেইল: buljit@gmail.com

www.buljit.com

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!