GOMOTHAGAON NAGAON: অৱসৰপ্ৰাপ্ত সেনা জোৱান ডিম্বেশ্বৰ বৰাৰ মৃ*ত্যু
অৱসৰপ্ৰাপ্ত সেনা জোৱান ডিম্বেশ্বৰ বৰাৰ মৃ*ত্যু

DD TIMES বঢ়মপুৰ, ১ নৱেম্বৰঃ নগাঁও জিলাৰ গোমোঠাগাঁও নিবাসী, অৱসৰপ্ৰাপ্ত সেনা জোৱান ডিম্বেশ্বৰ বৰা (৬২)ৰ ৩১ অক্টোবৰৰ পুৱা নিজ বাসভৱনত দেহাৱসান ঘটে।
উল্লেখযোগ্য যে, প্ৰয়াত ব্যক্তিগৰাকী দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছিল।
তেওঁ পূব নগাঁও কলংপৰীয়া অৱসৰপ্ৰাপ্ত সৈনিক সন্থাৰ এগৰাকী সক্ৰিয় সদস্য আছিল।
অতি সহজ-সৰল, নম্ৰ, ভদ্ৰ প্ৰকৃতিৰ ব্যক্তিগৰাকীৰ মৃত্যুত গাঁওখনত শোকৰ ছাঁ পৰিছে।
মৃত্যুৰ সময়ত ব্যক্তিগৰাকীয়ে পত্নী, দুই ভাতৃ, তিনিগৰাকী ভগ্নী, দুই পুত্ৰ, বোৱাৰীসহ অনেক আত্মীয়-স্বজনক ইহ সংসাৰত এৰি থৈ গৈছে।

