GOLDEN JUBILEE: ২০২৬ৰ ১১ জানুৱাৰীত জাগীয়াল ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী মহোৎসৱ
২০২৬ৰ ১১ জানুৱাৰীত জাগীয়াল ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী মহোৎসৱ
অনুষ্ঠানস্থলীক প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰ নামেৰে নামকৰণ

DD TIMES নগাঁও, ৩ নৱেম্বৰনগাঁও জিলাৰ ঘাঁহী, জাগীয়াল, পেটবঢ়া, বালিগাঁও, দক্ষিণপাট অঞ্চলৰ একমাত্ৰ স্ত্ৰী শিক্ষাৰ শিক্ষানুষ্ঠান জাগীয়াল ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ে ইতিমধ্যে সোণালী জয়ন্তী বৰ্ষ গৰকিলে।
১৯৭৩ চনতে স্থাপিত বিদ্যালয়খনে বৃহত্তৰ অঞ্চলটোৰ স্ত্ৰী শিক্ষাৰ ক্ষেত্ৰত বিগত অৰ্ধ শতিকা বৰ্ষজুৰি বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে।
সেই উপলক্ষে কালি বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিশিষ্ট শিক্ষাবিদ প্ৰফুল্ল চন্দ্ৰ বৰাৰ সভাপতিত্বত এখনি সাধাৰণ সভা অনুষ্ঠিত হয়।
বৃহত্তৰ অঞ্চলটোৰ গণ্য-মান্য লোকসকল উপস্থিত থকা সাধাৰণ সভাখনিৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক তথা সোণালী জয়ন্তী উদযাপন সমিতিৰ সম্পাদক পূৰ্ণ কান্ত নাথে।
সভাত শিক্ষাবিদ টংকেশ্বৰ দাস, দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ লৱ কান্ত শৰ্মা, বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ গোবিন শৰ্মা, সমাজকৰ্মী ৰেৱ হাজৰিকা, দক্ষিণাট গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি ঘন দাস, সমাজকৰ্মী ৰাজেন শইকীয়া, জিলা পৰিষদৰ সদস্য অৰ্ণৱ দাস, কুশী বৰুৱা, মুৰুলী মজুমদাৰ, ঘাঁহী গাঁও পঞ্চায়তৰ সভানেত্ৰী মমতা দাস, কাউঞ্চিলৰ নিলাক্ষী দাস, শিক্ষক নৱকুমাৰ হীৰা, প্ৰশান্ত বৰুৱা, শৰৎ বৰা, আনন্দ হাজৰিকা,ক্ষিতীশ দাস , লীলা বৰা, নৱ জ্যোতি বৰা, শান্তনু শইকীয়া প্ৰমূখ্যে বহু ব্যক্তি উপস্থিত থাকি ২০২৬ বৰ্ষৰ ১১ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া সোণালী জয়ন্তীৰ কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তুলিবলৈ বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়াই।
উল্লেখ্য যে অনুষ্ঠানটি অসমৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
উল্লেখ্য যে সেইদিনা অনুষ্ঠিত হ’বলগীয়া সোণালী জয়ন্তীৰ পুৱাৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ, সাংস্কৃতিক শোভাযাত্ৰা, দুপৰীয়াৰ মুকলি সভা, স্মৃতি গ্ৰন্থ উন্মোচন, সম্বৰ্ধনা অনুষ্ঠান আৰু নিশালৈ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

