Golden Fuel City: বেবেজীয়াৰ কাছমাৰীত গ’ল্ডেন ফিউল চিটি নামৰ জিঅ’ পেট্ৰ’ল পাম্প মুকলি
বেবেজীয়াৰ কাছমাৰীত গ’ল্ডেন ফিউল চিটি নামৰ জিঅ’ পেট্ৰ’ল পাম্প মুকলি
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত শ্ৰদ্ধাঞ্জলিৰে পেট্ৰল পাম্প উদ্বোধন

DD TIMES বেবেজীয়া, ১৭ নৱেম্বৰঃ মানৱদৰদী মহান শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি নগাঁও জিলাৰ বেবেজীয়াৰ পৰা ডেৰ কিলোমিটাৰ নিলগৰ নগাঁও-চিধা মৰিগাঁও সংযোগী পথৰ কাছমাৰীত আজি মুকলি কৰা হয় গ’ল্ডেন ফিউন চিটি নামৰ জিঅ পেট্ৰ’ল পাম্প।
নগাঁৱৰ প্ৰখ্যাত চিকিৎসক ডাঃ ফৰিদুল হুছেইনৰ মালিকানাধীন এই পেট্ৰ’ল পাম্পটো আনুষ্ঠানিক ভাৱে আজি মুকলি কৰে নগাঁও জিলা অতিৰিক্ত আয়ুক্ত সুদীপ নাথে।
নগাঁও-মৰিগাঁৱৰ গ্ৰাহকৰ বাবে ২৪ ঘন্টাই সেৱা আগবঢ়াবলৈ লোৱা প্ৰথমটো পেট্ৰ’ল পাম্পত পৰিণত হ’ব এই গ’ল্ডেন চিটি পেট্ৰ’ল।

আজিৰ পৰা আগন্তুক দুই মাহলৈকে গ্ৰাহকে প্ৰতি লিটাৰ পেট্ৰ’লত দুই টকা আৰু ডিজেলত এক টকা ৰেহাই মূল্যত ক্ৰয় কৰিব পাৰিব।
উল্লেখ্য যে সকলো সময়তে জিঅ ডিপি পেট্ৰ’ল পাম্পত তেলৰ মাত্ৰ আৰু গুণগত মানদণ্ড বৰ্তাই ৰখা হ’ব।
উক্ত অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত সুদীপ নাথ, চিকিৎসক ডা: ফৰিদুল হুছেইন, তৌচিফ ফাৰদিন, মুহাম্মদ স্বেইখ, চুহাগ উদ্দিন চৌধুৰী, লুতফুৰ নেহাৰ লগতে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।

