অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Gogamukh Cricket Academy: গোগামুখ ক্ৰিকেট একাডেমী চেম্পিয়ন

Spread the love

গোগামুখত সদৌ অসম ক্লাব ক্ৰিকেট প্ৰতিযোগিতাৰ সামৰণিঃ ৯৩ ৰাণত জয়ী গোগামুখ ক্ৰিকেট একাডেমী

DD TIMES গোগামুখ, ১০ ডিচেম্বৰঃ লখিমপুৰ আৰু ধেমাজি জিলা সীমান্তৱৰ্তী পথালিপামৰ সোৱণশিৰি মহাবিদ্যালয়ৰ খেলপথাৰত গোগামুখ ক্ৰিকেট একাডেমীৰ উদ্যোগত আৰু অসম চৰকাৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ পৃষ্ঠপোষকতাত সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা ১৬ বছৰ অনুৰ্ধ্বৰ ক্ৰিকেট খেলখনৰ আজি সফল সামৰণি পৰিছে। 

আজি অনুষ্ঠিত হোৱা ফাইনেল খেলত গোগামুখ ক্ৰিকেট একাডেমীয়ে জোনাইৰ ত্ৰিপ’ল ক্ৰাউনক ৯৩ ৰাণত পৰাস্ত কৰি চেম্পিয়নৰ সন্মান লাভ কৰিছে ৷  আজি ট’ছত জিকি গোগামুখ ক্ৰিকেট একাডেমীয়ে নিৰ্ধাৰিত ৩০ অভাৰত ৭ উইকেট হেৰুৱাই ২০৫ ৰাণ সংগ্ৰহ কৰে৷

গোগামুখ ক্ৰিকেট একাডেমীৰ হৈ সম্ভাৱনাময় বেটাৰ ৰোহিত চাহুৱে ১১৫ বলত ১১৭ ৰাণ সংগ্ৰহ কৰি দলক শক্তিশালী ৰাণ গঢ়াত সহায় কৰে। ৰোহিতৰ শতকীয় ইনিংছত আছিল ১৩টা বাওণ্ডাৰী আৰু ৫টা অভাৰ বাওণ্ডাৰী ৷ দলটোৰ হৈ একলব্য বাল্মিকীয়ে ২৫ বলত ২৯ ৰাণ সংগ্ৰহ কৰি ৰোহিতক সুন্দৰ সহযোগিতা আগবঢ়ায় ৷

একলব্যই ৪টা বাওণ্ডাৰী আৰু এটা অভাৰ বাওণ্ডাৰীৰে নিজৰ ইনিংছটো সজায় ৷ ২০৬ ৰাণৰ লক্ষ্য অনুকৰণ কৰি জোনাই ত্ৰিপ’ল ক্ৰাউনে ২৩.১ অভাৰত আটাইকেইটা উইকেত হেৰুৱাই ১১২ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।  ত্ৰিপ’ল ক্ৰাউনৰ হৈ মুহিত চৰকাৰে ৩৬ বলত ২৮ আৰু দিব্যম কুমাৰে ১২ বলত ২৮ ৰাণ সংগ্ৰহ কৰে।

দিব্যমে বিস্ফোৰক ইনিংছ খেলি ত্ৰিপ’ল ক্ৰাউনক কিছু আশাৰ ৰেঙনি দিয়ে যদিও দিব্যমে উইকেটত বেছি সময় টিকিব নোৱাৰিলে। ফলত ত্ৰিপ’ল ক্ৰাউন পৰাজয় স্বীকাৰ কৰিবলগা হয় ৷ ফাইনেল খেলৰ হিৰ’ অফ দ্যা মেচ, শ্ৰেষ্ঠ খেলুৱৈ আৰু শ্ৰেষ্ঠ বেটাৰৰ সন্মান লাভ কৰে গোগামুখ ক্ৰিকেট একাডেমীৰ ৰোহিত চাহুৱে। 

শ্ৰেষ্ঠ বলাৰ হিচাপে বিবেচিত হৈ গোগামুখ ক্ৰিকেট একাডেমীৰ অচিন্ত্য দলেয়ে ৷অচিন্ত্যই ৫ অভাৰত ১৫ ৰাণ দি ৪ উইকেট দখল কৰে ৷ খেলৰ পূৰ্বে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন, পুস্পাঞ্জলী অৰ্পণ কৰা হয়।

আজিৰ ফাইনেল খেলখন উদ্ধোধন কৰে অসম চৰকাৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ তেওঁক সহযোগ কৰে সোৱণশিৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰূপেশ্বৰ চেতিয়া, প্ৰতিষ্ঠিত ব্যৱসায়ী, সমাজকৰ্মী কল্যাণ গগৈ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক শৰৎ চুতীয়া, গোগামুখ ক্ৰিকেট একাডেমীৰ মুখ্য প্ৰশিক্ষক ৰাজু পেগুৱে ৷

খেলৰ অন্তত বিজয়ী দলক নগদ ৩০ হেজাৰ টকাৰ লগতে ট্ৰফী প্ৰদান কৰে সমাজকৰ্মী কল্যাণ গগৈয়ে ৷ বিজিত দলক নগদ ২০ হেজাৰ টকাৰ লগতে ট্ৰফী প্ৰদান কৰে এম এ চিৰ জি এম ৰাজু পেগুৱে ৷ 

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!