অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Gogamukh College: গোগামুখ মহাবিদ্যালয়ত অভিভাৱক সভা-আপদকালীন মক্‌ড্ৰিল

Spread the love

গোগামুখ মহাবিদ্যালয়ত অভিভাৱক সভা-আপদকালীন মক্‌ড্ৰিল

DD TIMES গোগামুখ, ২৫ ফেব্ৰুৱাৰীঃ ধেমাজি জিলাৰ গোগামুখৰ আগশাৰীৰ উচ্চ শিক্ষাৰ অনুষ্ঠান গোগামুখ মহাবিদ্যালয়ত আজি বৃহৎ অভিভাৱক সভা অনুষ্ঠিত হৈ যায় ৷

গোগামুখ মহাবিদ্যালয় পৰিচালনা সমিতি আৰু শিক্ষক গোটৰ উদ্যোগত অনুষ্ঠিত হোৱা উক্ত অভিভাৱক সভাত আদৰণি ভাষণ দিয়ে গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝাই ৷

আদৰণি ভাষণত তেওঁ কয়- এখন মহাবিদ্যালয়ৰ শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত শিক্ষক অভিভাৱক, ছাত্ৰ-ছাত্ৰীসকলৰ সমন্বয় অতি জৰুৰী ৷

যিবোৰ শিক্ষানুষ্ঠানে ইয়াৰ সমন্বয় নিকপকপীয়াকৈ সংযোগ কৰিব পাৰিছে এইবোৰ শিক্ষানুষ্ঠানে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ সম্প্ৰতি গোগামুখ মহাবিদ্যালয়ে শৈক্ষিক বাতাৱৰণৰ ন-আৱৰণ লৈছে ৷ পূৰ্বে আমাৰ অগ্ৰজসকলে কি কৰি গ’ল বা নকৰিলে ই আমাৰ বাবে ডাঙৰ কথা নহয় ৷

কিন্তু আমি যিসকলে বৰ্তমান মহাবিদ্যালয়খনৰ বিভিন্ন বিভাগত আছোঁ সকলোৱে সমন্বিত হৈ কাম কৰিব লাগিব৷ আমাৰ সমন্বিত প্ৰচেষ্টাই আমাৰ মহাবিদ্যালয়খনত সকলো প্ৰকাৰে উন্নতিৰ পথলৈ নিব আৰু এদিন আমি বিশ্ববিদ্যালয় পৰ্যন্ত স্বীকৃতি লাভ কৰিম বুলি ড° ঝাই দোহাৰে ৷

মহাবিদ্যালয়খনলৈ ধাৰাবাহিকভাৱী পূঁজি আবন্টন দি এখন জাকতজিলিকা মহাবিদ্যালয়লৈ উন্নীতকৰণৰ দিশে আগবঢ়াই নিয়াৰ বাবে তেওঁ অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, মিচিং স্বায়ত্তশাসিত পৰিষদক ধন্যবাদ জ্ঞাপন কৰে ৷

সহস্ৰাধিক অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীয়ে উপস্থিত থকা অভিভাৱক সভাত উপস্থিত থাকে অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰঞ্জিত গগৈ, বিশিষ্ট সমাজ সংগঠক ৰুবেন মুছাহাৰী, মহাবিদ্যালয় পৰিচালনা সমিতিৰ সদস্য মোহন দলে, আছুৰ ধেমাজি জিলা সমিতিৰ উপসভাপতি ঋতুপৰ্ণ কোঁচ, ধেমাজি জিলা পৰিষদৰ প্ৰাক্তন সভাপতি মোহন গগৈ আদিকে বিভিন্ন দল-সংগঠনৰ নেতৃত্ববৃন্দই ৷ অনুষ্ঠানটো পৰিচালনা কৰে গোগামুখ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপকিা চয়নিকা বৰাই ৷

উল্লেখ্য, অভিভাৱক সভাৰ সমান্তৰালভাৱে ধেমাজি জিলা ষ্টেট্‌ ডিজেষ্টাৰ এণ্ড ৰিকভাৰী বিভাগৰ তৰফৰ পৰা আপদকালীন সময়ত জৰুৰী সেৱা আৰু উদ্ধাৰৰ ওপৰত মক্‌ ড্ৰিল প্ৰদৰ্শন কৰে ৷

আকৰ্ষণীয় এই মক্‌ ড্ৰিল কাৰ্যসূচীক উপস্থিত ৰাইজে উচ্চ প্ৰশংসা কৰে আৰু নজনা বিষয় জানিব পৰা বুলি মতপোষণ কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!