GHAZAL SANDHYA AT NAGAON: ৰিমঝিম বৰষুণ আৰু সংগীতৰ মধুৰ মূৰ্চ্ছনাৰে মোহাছন্ন কুশীলৱ প্ৰেক্ষাগৃহ
নগাঁও ছোৱালী মহাবিদ্যালয়ত ‘গজল-সন্ধ্যা’
ৰিমঝিম বৰষুণ আৰু সংগীতৰ মধুৰ মূৰ্চ্ছনাৰে মোহাছন্ন কুশীলৱ প্ৰেক্ষাগৃহ

DD TIMES নগাঁও, ২ নৱেম্বৰঃ নগাঁও চহৰৰ মাজমজিয়াত অৱস্থিত নগাঁও ছোৱালী মহাবিদ্যালয়ত কালি সন্ধিয়া সামাজিক-সাংস্কৃতিক অনুষ্ঠান মাগৰিনাৰ ব্যৱস্থাপনাত আৰু সোণাইপৰীয়া কবি সন্মিলন, সোণাইপৰীয়া শিল্পী মঞ্চৰ সৌজ্যন্যত তথা সুনীল শইকীয়া সংগীত মহাবিদ্যালয়,নগাঁও ছোৱালী ক’লেজ,ষ্টাৰলেব ডায়’গনষ্টিকচ আৰু ডুগডুগীৰ সহযোগত অভিনৱ চিন্তাৰে আয়োজিত গজল-সন্ধ্যাৰ সফল সামৰণি পৰে।

নগাঁও ছোৱালী কলেজৰ কুশীলৱ প্ৰেক্ষাগৃহত কালি সন্ধিয়া ৬ বজাত অনুষ্ঠিত প্ৰাণকন্ঠ জুবিন গাৰ্গলৈ উৎসৰ্গিত অনুষ্ঠানটিত জুবিন গাৰ্গ আৰু জন্মশতবৰ্ষ উদযাপন হৈ থকা সুধাকন্ঠ ভূপেন হাজৰিকাদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলনৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে সমাজসেৱক শশীকান্ত নাথ আৰু পদ্মেশ্বৰী দেৱীয়ে।

বন্তি প্ৰজ্জ্বলন কাৰ্যসূচীত সহযোগিতা কৰে সমুদ্ৰগুপ্ত কাশ্যপ,নগাঁও ছোৱালী কলেজৰ অধ্যক্ষ কুলেন দাস,গল্পকাৰ শিৱানন্দ কাকতি,নগাঁও ছোৱালী কলেজৰ অসমীয়া বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যপক
ড° মঞ্জু লস্কৰ, ডিমৰীয়া কলেজৰ প্ৰাক্তন অধ্যাপক মোহিনীমোহন ডেকা,মুকুল বৰঠাকুৰ,বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰতাপ সিঙে।
পৰৱৰ্তী কাৰ্যসূচীত নগাঁও জিলাৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ উপস্থিতিত সমৱেত আটায়ে জুবিন-প্ৰাৰ্থনা “মায়াবিনী” পৰিৱেশন কৰি জুবিন গাৰ্গৰ পুণ্যাত্মাক পুনৰ এই অসম মুলুকতেই আৱিৰ্ভাৱৰ প্ৰাৰ্থনা কৰা হয়।
তাৰ পিছতে অসমৰ বিশিষ্ট গজল গায়ক আৰিফুল হকে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই ৰচিত সঞ্জীৱ সাগৰ চৌধুৰীৰ এটি গজলেৰে গজল-সন্ধ্যাৰ আৰম্ভণি কৰে।
দীপাংকগিৰি দেৱগোস্বামী,তৰুণ শইকীয়া,জিতু শ্ৰাৱণ,কানু কন্দলি,স্বপ্নালী কলিতা,নিলোৎপল গায়ন,কুমাৰ কিশোৰ,নিপু ভূঞা আৰু প্ৰযুক্তি দেৱীয়ে সঞ্জীৱ সাগৰ চৌধুৰীৰ ৰচিত ১৪ টি অসমীয়া আৰু হিন্দুস্থানী গজল পৰিৱেশন কৰে।
অনুষ্ঠানত সংগীত শিল্পী দুলুমনি শইকীয়া,নয়ন অসম কলিয়াবৰীয়া,সুৱাগ মনি মহন্ত, কল্পিতা দেৱী, মদাৰজ্যোতি, দুৰ্গেশ্বৰ বৰকটকী, অনিৰুদ্ধ ডেকা,কৰৱী লিগিৰা, অৱন্তি বৰা,অভিনেতা পৰাগ তামুলী সাংবাদিক অজয় মাহাতো, নাট্যকৰ্মী প্ৰেমনন্দ শৰ্মা, চন্দ্ৰজিৎ দাসকে প্ৰমূখ্য কৰি শতাধিক লোক উপস্থিত থাকে।
উল্লেখ্য যে দীপেন দাস,ৰাজীৱ বৰঠাকুৰ,কনক হীৰা,সিদ্ধাৰ্থ দেৱনাথ,অমল ডেকা,চম্পক বৰদলৈ,বাবুল বৰা আৰু প্ৰাঞ্জল শৰ্মাই বাদ্য সংগত কৰা আৰু সঞ্জীৱ সাগৰ চৌধুৰী, পুন্যহাপুনম চৌধুৰীয়ে আঁত ধৰা অনুষ্ঠানটিৰ শেষত জন্ম শতবৰ্ষত ভূপেন হাজৰিকাদেৱৰ কালজয়ী গীত মানুহে মানুহৰ বাবে সমবেত পৰিৱেশনৰে গজল সন্ধ্যাৰ সামৰণি মৰা হয়।
উল্লেখযোগ্য যে নেৰানেপেৰা প্ৰৱল বৰষুণকো নেওচি অনুষ্ঠানটি প্ৰায় ডেৰ শতাধিক শ্ৰোতা-দৰ্শকে ৰিমঝিম বৰষুণৰ মধুৰ ছন্দে-ছন্দে প্ৰায় ৩ ঘন্টাজুৰি গজল উপভোগ কৰে।

