Gaurav Gogoi in Jorhat: যোৰহাট সমষ্টিত মনোনয়ন দাখিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ
▪️ৰাইজৰ বিপুল উৎসাহৰ মাজেৰে বিশাল সমদল কৰি যোৰহাট সমষ্টিত মনোনয়ন দাখিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ
▪️ডিমা হাচাওত আদানি-আম্বানিক মাটি দিয়াৰ বিৰোধিতা কৰাৰ বাবে নন্দিতা গাৰ্লোছাক বিজেপিয়ে টিকটৰ পৰা বঞ্চিত কৰিলেঃ গৌৰৱ গগৈ
▪️গুৱাহাটীত বিশাল সমদলৰে দিছপুৰৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ, নিউ গুৱাহাটীৰ প্ৰাৰ্থী শান্তনু বৰা, জালুকবাৰীৰ প্ৰাৰ্থী বিদিশা নেওগৰ মনোনয়ন দাখিল
▪️গুৱাহাটীত মনোনয়ন পত্ৰ দাখিলৰ সময়ত কংগ্ৰেছ প্ৰাৰ্থীক সংগ দি জিতেন্দ্ৰ সিঙে ক’লে, ”অসমৰ ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে’’
▪️ডিমা হাছাওৰ হাফলং সমষ্টিত নন্দিতা গাৰ্লোছাৰ মনোনয়ন পত্ৰ দাখিল, মনোনয়ন পত্ৰ দাখিল কৰিলে ৰঙানদীৰ প্ৰাৰ্থী জয়ন্ত খাউণ্ডে

গুৱাহাটী, ২৩ মাৰ্চঃ যোৰহাট চহৰৰ মাজমজিয়াত যোৰহাটবাসী ৰাইজে আজি গৌৰৱ গগৈৰ সমৰ্থনত পূৰ্ণ শক্তি প্ৰদৰ্শন কৰে। ৰাইজৰ বিপুল উৎসাহৰ মাজেৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে ১০০নং যোৰহাট বিধানসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত আৰু মিত্ৰদলসমূহৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে সহস্ৰাধিক সমৰ্থকক লগত লৈ বিশাল সমদল কৰি যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন দাখিলৰ পূৰ্বে যোৰহাটস্থিত নিজ বাসগৃহত পিতৃ তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ আৰু ককাক-আইতাকলৈ শ্ৰদ্ধাঞ্জলি জনাই গৌৰৱ গগৈয়ে তেওঁলোকৰ আদৰ্শ, নীতি আৰু জনসেৱাৰ পথ অনুসৰণ কৰাৰ সংকল্প গ্ৰহণ কৰে। সৰ্বধৰ্ম-সম্প্ৰীতি, ঐক্য আৰু মানৱতাৰ বাৰ্তা বুকুত লৈ যোৰহাটৰ পৱিত্ৰ মাটিক সাক্ষী কৰি গুৰুদ্বাৰ, মন্দিৰ, নামঘৰ, মছজিদ আৰু গীৰ্জাঘৰ দৰ্শন কৰিও আশীৰ্বাদ লয় গগৈয়ে।

যোৰহাট জিলাৰ আন দুটা সমষ্টি ক্ৰমে তিতাবৰৰ প্ৰাৰ্থী প্ৰাণ কুৰ্মী আৰু টীয়কৰ প্ৰাৰ্থী পল্লৱী শইকীয়া গগৈৰ সৈতে মনোনয়ন দাখিল কৰি আহি গৌৰৱ গগৈয়ে সংবাদমাধ্যমৰ সৈতে মুখামুখি হৈ অজাপ, ৰাইজৰ দল আৰু কংগ্ৰেছৰ যিসকল প্ৰাৰ্থীয়ে আজি মনোনয়ন দাখিল কৰিছে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে৷ তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই নিৰ্দলীয়ভাবে মনোনয়ন দাখিল কৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে আমি তেখেতৰ সৈতে কথা পাতিম৷ আমি আশা কৰিম যে কংগ্ৰেছৰ ক্ষতি হ’ব পৰা কাম তেওঁ নকৰে৷ আমি সকলো কথা মিডিয়াৰ সন্মুখত নকও বুলি উল্লেখ কৰি গগৈয়ে কয় যে মই ৪৫ মিনিট বহু কথা পাতিছো৷ এআইচিচিৰ সম্পাদক আহিছে৷ সম্পাদকেও কথা পাতিব৷ আমি আশা কৰিম যে দলৰ বৃহত্তৰ স্বাৰ্থত তেওঁ চিন্তা কৰিব৷ প্ৰতিটো নিৰ্বাচনত প্ৰত্যাহ্বান থাকে বুলি উল্লেখ কৰি গগৈয়ে কয় যে ৰাইজে সকলো নিৰ্ধাৰণ কৰিব৷ গগৈয়ে কয়, ”ৰাইজে এখন নিকা অসম, নতুন অসম বিচাৰে নে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ কংগ্ৰেছ চৰকাৰে বিচাৰে সেয়া ৰাইজে সিদ্ধান্ত ল’ব৷’’ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ কংগ্ৰেছে বাজপেয়ী ভৱন দখল কৰা বুলি মুখ্যমন্ত্ৰীক আক্ৰমণ কৰি তেওঁ আৰু কয়, ”অসমৰ ৰাইজে আজি উদ্ধাৰ হ’ব বিচাৰিছে৷ অসমখন নিকা হোৱাতো বিচাৰে৷ যাৰ বাবে আমি অসমৰ ৰাইজৰ হৈ বৃহৎ চাফাই অভিযান চলাই আছো৷’’ মন্ত্ৰী নন্দিতা গাৰ্লোছাক বিজেপিয়ে টিকটৰ পৰা বঞ্চিত কৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গগৈয়ে কয় যে তেওঁক টিকটৰ পৰা বঞ্চিত কৰিব নালাগিছিল৷ ডিমা হাচাওত আদানি-আম্বানিক স্থানীয় ৰাইজৰ সৈতে আলোচনা নকৰাকৈ হাজাৰ হাজাৰ বিঘা মাটি দিয়াৰ বিৰোধিতা কৰাৰ বাবে নন্দিতা গাৰ্লোছাক টিকটৰ পৰা বঞ্চিত কৰা হৈছে বুলিও কয় গগৈয়ে৷ গগৈয়ে কয়, ”কংগ্ৰেছে ডাঙৰ ডাঙৰ উদ্যোগপতিৰ হৈ কাম কৰা জনজাতীয় নেতাক নিবিচাৰে৷ যিসকলে দুখীয়া জনজাতিৰ অধিকাৰ, সংবিধানৰ সপক্ষত থাকে কংগ্ৰেছে সেইসকল জনজাতীয় নেতাক বিচাৰে৷’’ হিতেন্দ্ৰ গোস্বামীক লৈ কোনো মন্তব্য নিদিও বুলি স্পষ্ট কৰি দি গৌৰৱ গগৈয়ে কয় যে মই কোনো মন্তব্য নিদিও, ৰাইজে সিদ্ধান্ত ল’ব৷

ইফালে, গুৱাহাটীত আজি দিছপুৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ, নিউ গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী শান্তনু বৰা আৰু জালুকবাৰী সমষ্টিৰ প্ৰাৰ্থী বিদিশা নেওগেও মহানগৰীৰ হেঙেৰাবাৰীস্থিত জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে।

দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা আৰু নিউ গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী শান্তনু বৰা ৰাজীৱ ভৱনৰ পৰা সমদল কৰি গৈ মনোনয়ন পত্ৰ দাখিল। নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্ৱাৱধায়ক জিতেন্দ্ৰ সিঙে মীৰা বৰঠাকুৰ আৰু শান্তনু বৰাক মনোনয়ন পত্ৰ দাখিলৰ সময়ত সংগ দিয়ে। জিতেন্দ্ৰ সিঙে কয়, ”হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে অসমৰ ৰাইজ সজাগ হৈছে আৰু ২০২৬ চনত হিমন্ত বিশ্ব শৰ্মাক বিদায় দি গৌৰৱ গগৈৰ নেতৃত্বত অসমত এখন নতুন চৰকাৰ গঠন কৰিবৰ বাবে মিত্ৰজোঁটৰ সকলো নেতা-কৰ্মীয়ে কাম কৰিছে। অসমৰ ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে।’’

আনহাতে, আজি মনোনয়ন দাখিলৰ অন্তিম দিনা ২০ মাৰ্চত মনোনয়ন দাখিল নকৰাকৈ থকা প্ৰতিটো সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থীসকলৰ লগতে মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলেও মনোনয়ন দাখিল কৰে।

আজি মনোনয়ন দাখিল কৰা প্ৰাৰ্থীসকলৰ অন্যতম হৈছে পাহাৰীয়া জিলা ডিমা হাছাওৰ হাফলং সমষ্টিত নন্দিতা গাৰ্লোছা, ছিপাঝাৰ সমষ্টিত বিনন্দ কুমাৰ শইকীয়া, ৰঙিয়া সমষ্টিত প্ৰাণজিৎ চৌধুৰী, ছমৰীয়াত ৰেকিবুদ্দিন আহমেদ, বিহপুৰীয়াত নাৰায়ণ ভূঞা, ৰঙানদীত জয়ন্ত খাউণ্ড, বৰক্ষেত্ৰীত দিগন্ত বৰ্মন, নলবাৰীত অশোক শৰ্মা আৰু নগাঁও-বটদ্ৰৱা সমষ্টিত দুৰ্লভ চমুৱা। একেদৰে সোণাৰি সমষ্টিত উৎপল গগৈ, অভয়াপুৰী সমষ্টিত প্ৰদীপ সৰকাৰ, তিনিচুকীয়া সমষ্টিত ডেভিদ ফুকন, দেৰগাঁৱত সাগৰিকা বৰা, ঢকুৱাখনাত আনন্দ নৰহ, ডিমৌ সমষ্টিত অজয় কুমাৰ গগৈ আৰু নদুৱাৰ সমষ্টিত সুনীল ছেত্ৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰে।

