অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

GANDHI JAYANTI: ৰাজ্যজুৰি গান্ধী জয়ন্তী পালন, লালবাহাদুৰ শাস্ত্ৰীক স্মৰণ প্ৰদেশ কংগ্ৰেছৰ

Spread the love

জুবিনৰ ন্যায় বিচাৰি গ্ৰেপ্তাৰ হোৱাসকলক বিনা চৰ্তে মুকলি কৰি দিয়াৰ আহ্বান গৌৰৱ গগৈৰঃ ৰাজ্যজুৰি গান্ধী জয়ন্তী পালন, লালবাহাদুৰ শাস্ত্ৰীক স্মৰণ প্ৰদেশ কংগ্ৰেছৰ

DD TIMES গুৱাহাটী, ২ অক্টোবৰঃ জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মজয়ন্তী উপলক্ষে আজি ৰাজীৱ ভৱনত মহামানৱ মহাত্মা গান্ধীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। দেশৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰী আজিৰ দিনটোতে ধৰাত আৱিৰ্ভাৱ হোৱা বাবে মহান স্বাধীনতা সংগ্ৰামীজনৰ প্ৰতিও গুৱাহাটীৰ ৰাজীৱ ভৱনত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি দুয়োজন মহান ভাৰতীয়ক সন্মান প্ৰদৰ্শন কৰা হয়।

ইয়াৰ লগতে বৰ অসম নিৰ্মাতা, জাতি-ধৰ্ম নিৰ্বিশেষে সকলোকে একত্ৰিত কৰি অসমীয়া ভাষা-সাহিত্য, কৃষ্টি-সংস্কৃতিৰ বুনিয়াদ সবল কৰি যোৱা যুগনায়ক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিও আজি সশ্ৰদ্ধ স্মৰণ কৰা হয় ৰাজীৱ ভৱনত। কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা, প্ৰাক্তন সাংসদ বলীন কুলী আৰু ৰিপুন বৰাই বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলিৰে মহাত্মা গান্ধী আৰু লালবাহাদুৰ শাস্ত্ৰীৰ প্ৰতি সন্মান জনাই শ্ৰদ্ধাঞ্জলি জনাই অনুষ্ঠানৰ শুভাৰম্ভ কৰে।

প্ৰাক্তন সাংসদ ৰিপুন বৰাই গান্ধী আৰু শাস্ত্ৰী আৰু দুয়োজনৰে জীৱনৰ আদৰ্শ আৰু ত্যাগ সন্দৰ্ভত বিশ্লেষণ আগবঢ়াই কংগ্ৰেছ কৰ্মীসকলক গান্ধী আৰু শাস্ত্ৰীৰ আদৰ্শৰে বাট বুলিবলৈ আহ্বান জনায়। ত্যাগক মূলধন হিচাপে লৈ অহিংস পন্থাৰে ব্ৰিটিছৰ কবলৰ পৰা দেশক স্বাধীন কৰা মহাত্মা গান্ধীক সমগ্ৰ বিশ্বই সসন্মানে গভীৰ আস্থাৰে স্বীকাৰ কৰাৰ পিছত ভাৰতীয় জনতা পাৰ্টীৰ দৰে ৰাজনৈতিক দলে মহাত্মা গান্ধীৰ প্ৰতি দেখুওৱা সংকীৰ্ণতাক বৰাই সমালোচনা কৰে।

বিজেপিৰ সাংসদ সাধ্বী প্ৰজ্ঞাই গান্ধী জয়ন্তীৰ দিনটোত কিদৰে পুনৰ পুতলা পিষ্টলেৰে জাতিৰ পিতাক গুলীয়াই ক’লা এক ইতিহাস ৰচনা কৰিছিল সেই বিষয়েও বৰাই বিশ্লেষণ আগবঢ়ায়। আৰএছএছ আৰু বিজেপিয়ে গান্ধীৰ নীতি-আদৰ্শক ভৰিৰে মোহাৰি নতুনকৈ ইতিহাস ৰচিবলৈ যি অপচেষ্টা চলাইছে তাক কংগ্ৰেছ কৰ্মীসকলে বাধা দিব লাগিব বুলিও তেওঁ কয়। অসম প্ৰদেশ কংগ্ৰেছৰ আহ্বানক্ৰমে আজি প্ৰতিটো জিলা কাৰ্যালয়ত গান্ধী জয়ন্তী পালন কৰা হয়।

গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজিত অনুষ্ঠানটো পৰিচালনা কৰে মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই। অনুষ্ঠানটোত জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী বালিকা লাহন পেগু, উপ-সভাপতি মেহদী আলম বৰা, কংগ্ৰেছ নেতা নাছিৰ খান, অৰুণ তিৱাৰী, মহানগৰ জিলা কংগ্ৰেছৰ বিপুল চক্ৰৱৰ্তী, ৰূপক দাস প্ৰমুখ্যে কংগ্ৰেছৰ নেতা-কৰ্মীসকলে আজি নিখিল ভাৰত কংগ্ৰেছৰ মহীৰূহ আৰু দেশৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক ভেটি গঢ়োতা মহাত্মা গান্ধী আৰু লালবাহাদুৰ শাস্ত্ৰীক গভীৰ কৃতজ্ঞতাৰে স্মৰণ কৰে।

ইফালে, আজি পুৱাৰ ভাগত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে সামাজিক মাধ্যমৰ জৰিয়তে এক বিবৃতিত বিজয়া দশমীৰ দিনটোত অসমৰ সকলো ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰে আৰু অপশক্তিক দমন কৰিবৰ বাবে আহ্বান জনায়।

সাংসদ গৌৰৱ গগৈয়ে অসমৰ বুকুৰ আপোন শিল্পী জুবিন গাৰ্গৰ প্ৰতি ন্যায় বিচাৰি আন্দোলন কৰা যিসকল লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ পঠিয়াইছে আৰু এনএছএ প্ৰয়োগ কৰিছে সেইসকল জুবিন অনুৰাগীক বিনাচৰ্তে মুকলি কৰি দিবৰ বাবেও আহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!