GANDHI JAYANTI: জাতিৰ পিতাক সশ্ৰদ্ধ স্মৰণ কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ
জাতিৰ পিতাক সশ্ৰদ্ধ স্মৰণ কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ
DD TIMES কামৰূপ মহানগৰ, ২ অক্টোবৰঃ মহামানৱ মহাত্মা গান্ধীৰ ১৫৬ সংখ্যক জয়ন্তী উপলক্ষে আজি কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই যৌথভাৱে জাতিৰ পিতাগৰাকীক সশ্ৰদ্ধাৰে সোঁৱৰণ কৰে।

এই উপলক্ষে আজি গুৱাহাটীস্থিত শৰণীয়া পাহাৰৰ গান্ধী মণ্ডপত আয়োজিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেণ শৰণীয়া, অসম চৰকাৰৰ মুখ্য সচিব ড° ৰবি কোটা, কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱান,গুৱাহাটী পৌৰ নিগমৰ উপাধ্যক্ষ ধীৰা তালুকদাৰে উপস্থিত থাকি জাতিৰ পিতাগৰাকীৰ প্ৰতিমূৰ্ত্তিত পুস্পাঞ্জলি অৰ্পণ কৰে।
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা সৰ্বধৰ্ম প্ৰাৰ্থনা সভাত মৌলানা মোস্তাকিম নাজিৰে কোৰাণ পাঠ,কস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় স্মাৰক ট্ৰাষ্টৰ সেৱিকাসকলে সৰ্বধৰ্ম প্ৰাৰ্থনা, ক্ষেমানন্দ ভিক্ষুয়ে বৌদ্ধ ধৰ্মীয় পাঠ, ভগত সিঙে শিখ ধৰ্মীয় পাঠ, দ্বীপেন বড়োৱে বাইবেল পাঠ, আনিশ তিৱাৰীয়ে বেদ পাঠ কৰে।

আজিৰ এই অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ বিভিন্ন ৱাৰ্ডৰ পাৰিষদসকল, গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ যুটীয়া আয়ুক্ত ড° ধ্ৰুবজ্যোতি হাজৰিকা প্ৰমুখ্যে জিলা প্ৰশাসন আৰু গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ উচ্চপদস্থ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।