অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Foundation stone of the bridge: বিধায়ক শশীকান্ত দাসৰ পকী দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন

Spread the love

বিধায়ক শশীকান্ত দাসৰ পকী দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন

ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানত সহায়ক হ’বঃ বিধায়ক শশীকান্ত দাস

DD TIMES বেবেজীয়া, ২২ নৱেম্বৰঃ নগাঁও লোকনিৰ্মাণ পথ বিভাগৰ নগাঁও-বটদ্ৰৱা, ৰহা আৰু বঢ়মপুৰ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ অধীনত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ অন্তৰ্গত “বিশ্ব বেংক”ৰ পুঁজিৰে ARRBP অধীনত দুটাকৈ পথত পকী দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে ৷


উক্ত পথ দুটা হৈছে ক্ৰমে- ‘ঘিলানি মাধৱপাৰা’ পথত পকী দলং নিৰ্মাণ আৰু ‘ৰহা গাঁও টুপাকুচি’পথত পকী দলং নিৰ্মাণ৷

এই পকী দলং দুখনৰ জৰিয়তে বৃহত্তৰ অঞ্চলটোৰ বহু সংখ্যাক ৰাইজৰ বহুদিনীয়া এটা সমস্যা হ্ৰাস সমাধান হোবাৰ লগতে তেওঁলোক যথেষ্ট পৰিমাণে উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰিছে বিধায়ক শশীকান্ত দাসে৷

আজিৰ এই আধাৰ শিলা অনুষ্ঠানত বিধায়ক গৰাকীৰ লগতে উপস্থিত থাকে লোক নিৰ্মাণ বিভাগৰ ৰহা সংমণ্ডল বিষয়া আবেদুৰ ৰোফ, পঞ্চায়তৰ প্ৰতিনিধি সকলৰ লগতে কনিষ্ঠ অভিযন্তা সকল আৰু বিজেপিৰ কাৰ্যকৰ্তা সকলৰ উপৰি বহুসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!