Foundation Day of Ganashakti: ঢকুৱাখনাত গণশক্তিৰ প্ৰতিষ্ঠা দিৱস পালন
ঢকুৱাখনাৰ বিভিন্ন ঠাইত গণশক্তিৰ ২০সংখ্যক প্ৰতিষ্ঠা দিৱস পালন
DD TIMES ঢকুৱাখনা, ২০ নৱেম্বৰঃ সম অধিকাৰ, সম মৰ্যাদা আৰু সম উন্নয়নৰ শ্লোগানেৰে জন্ম লাভ কৰা উজনি অসমৰ আঞ্চলিক ৰাজনৈতিক শক্তি সন্মিলিত গণশক্তি,অসমৰ ২০ সংখ্যক প্ৰতিষ্ঠা দিৱসটি আজি উজনি অসমৰ বিভিন্ন ঠাইৰ দৰে ঢকুৱাখনাতো কেইবাটাও স্থানত পালন কৰা হয়।

সন্মিলিত গণশক্তি, অসমৰ পূৱ ঢকুৱাখনা আৰু পশ্চিম মাছখোৱা আঞ্চলিক সমিতি দুখনৰ উদ্যৈগত পূৱ ঢকুৱাখনাৰ বান্দেনাস্থিত টিএমপিকে’ৰ উদ্যোগত ২০ সংখ্যক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে
পতা হয়।

পুৱা চফাইৰ পিছতে জাতীয় সংগ্ৰামৰ শ্বহীদ সকলৰ স্মৃতিত স্মৃতি তৰ্পণ কৰে আঞ্চলিক সমিতিৰ বিষয়-
ববীয়া সকলে। ইয়াৰ পিছতেই সন্মিলিত গণশক্তি অসমৰ ২০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি পতাকা উত্তোলন কৰা হয়।
এই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মিচিং স্বায়ত্ব পৰিষদৰ অধ্যক্ষ তথা গণশক্তিৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি আৰু বৰ্তমানৰ উপদেষ্টা সুনীল কুমাৰ পেগুৱে- ৰাজনৈতিক দলটোৰ জন্মৰ ইতিহাস, বিগত সময়ত কৰি অহা কামবোৰ আৰু অনাগত দিনত দলটোৱে লোৱা ভিচনবোৰৰ সন্দৰ্ভত বিস্তৃতভাৱে বক্তব্য ৰাখে।
তেওঁ লগতে বৰ্তমানৰ যুৱ প্ৰজন্মৰ যুৱক-যুৱতীসকলক ৰাজনীতিৰ সমান্তৰালভাৱে অৰ্থনৈতিক দিশতো গুৰুত্ব দিবলৈ আহ্বান জনাই।
অন্যহাতে এই প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত আমন্ত্ৰিত বিশেষ অতিথিৰূপে টিএমপিকে’ৰ কেন্দ্ৰীয় সমিতিৰ শিক্ষা সম্পাদক দিপাঞ্জল দলে, ঢকুৱাখনা খণ্ড শক্তিৰ উপদেষ্টা লক্ষ্মীনাথ দলেৰ লগতে সন্মিলিত গণশক্তিৰ জিলা পৰ্যায়ৰ বিষয়-ববীয়া-প্ৰকৃৎ মিলি, নবীন পেগু, প্ৰদীপ ময়ং, মুকুল লাগাছু, মৃদুল দলে, নৱ লয়িং, জিনি পেগু আদি উপস্থিত আছিল।

