FOOTBALL COMPITITION: হাবুং কাপত গোগামুখ ফুটবল একাডমী চেম্পিয়ন
হাবুং কাপত গোগামুখ ফুটবল একাডমী চেম্পিয়ন

DD TIMES গোগামুখ, ২৯ জানুৱাৰীঃ মে-ডা-মে-ফীৰ উপলক্ষে আহোমৰ দ্বিতীয় ৰাজধানী ধেমাজি জিলাৰ আজুহা পঞ্চায়তৰ হাবুং খেলপথাৰত অনুষ্ঠিত হোৱা ১৫ বছৰ অনুৰ্ধ্ব হাবুং কাপ-২০২৬ ফুটবল প্ৰতিযোগিতাত গোগামুখ ফুটবল একাডেমী চেম্পিয়ন হ’বলৈ সক্ষম হৈছে ৷
আজি বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা চূড়ান্ত খেলত গোগামুখ ফুটবল একাডেমীয়ে ধেমাজিৰ বিদ্যা দ্য লিভিং স্কুল ফুটবল একাদশক টাইব্ৰেকাৰৰ জৰিয়তে পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ দখল কৰে ৷
আজিৰ উত্তেজনাপূৰ্ণ খেলত বিদ্যা দ্য লিভিং ফুটবল একাদশে প্ৰথমাৰ্ধত দমনীয় খেল প্ৰদৰ্শন কৰি প্ৰথমে দুটা গ’ল দি গোগামুখ ফুটবল একাদশক বেক্ফুটলৈ ঠেলি দিয়ে ৷
কিন্তু বিৰতিৰ কিছু সময়ৰ পাছতে গোগামুখ ফুটবল একাডেমীয়ে আক্ৰমণাত্মক খেল খেলিবলৈ আৰম্ভ কৰে৷ গোগামুখ ফুটবল একাডেমীৰ উপৰ্যুপৰি আক্ৰমণত বিদ্যা দ্য লিভিং স্কুল ফুটবল একাদশ একপ্ৰকাৰ দিশহাৰা হৈ পৰে আৰু এই সুযোগতে মাথোঁ দহ মিনিটৰ ব্যৱধানত গোগামুখ ফুটবল একাডেমীয়ে দুয়োটা গ’লেই পৰিশোধ কৰিবলৈ সক্ষম হয় ৷
নিৰ্দিষ্ট সময়ত খেল অমিমাংসিত হোৱাত খেলৰ পৰিচালকে টাইব্ৰেকাৰৰ আশ্ৰয় লৈ আৰু টাইব্ৰেকাৰত গোগামুখ ফুটবল একাডমীয়ে ৪-২ গ’লৰ ব্যৱধানত জয়ী হৈ চেম্পিয়নৰ সন্মান অৰ্জন কৰে ৷

