অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়রাষ্ট্ৰীয়ৰাষ্ট্ৰীয়শিৰোনাম

FOOTBALL: মৰিগাঁও ‘এ’ ডিভিজন ফুটবল লীগ আৰম্ভ

Spread the love

মৰিগাঁও ‘এ’ ডিভিজন ফুটবল লীগ আৰম্ভঃ দলবাৰী যুৱকল্যাণ সংঘৰ জয়লাভ

DD TIMES মৰিগাঁও, ৯ অক্টোবৰঃ মৰিগাঁও জিজলা ক্রীড়া সস্থাৰ উদ্যোগত আৰু ফুটবল উপসমিতিৰ তত্ত্বাৱধানত আজিৰে পৰা কর্মপ্রাণ ক্ষীবোদ বৰুৱা স্টেডিয়ামত অনুষ্ঠিত হোৱা শিশুৰাম হাজৰিকা আৰু ডা° সতীশ দাস সোঁৱৰণী প্রাইজমাণী ‘এ’ ডিভিজন আন্তঃক্লাব ফুটবল লীগ প্রতিযোগিতাৰ উদ্বোধনী খেলখনত দলবাৰী যুৱকল্যাণ সংঘই সংঘবদ্ধ খেল প্রদর্শন কৰি গড়মাৰী ৰাইনুজ ক্লাবক ৩-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি সম্পূর্ণ পইন্ট অর্জন কৰে।

দলবাৰী যুৱকল্যাণ সংঘৰ হৈ শ্বাহিদুল আলী,মফিদুল ইছলাম আৰু হামিজুৰ ৰহমানে একোটাকৈ গ’ল স্ক’ৰ কৰে। খেলৰ আৰম্ভণিতে অসম ফুটবল সন্হাৰ উপসভাপতি তথা মৰিগাঁও জিলা ক্রীড়া সন্থাৰ সাধাৰণ সম্পাদক জিতু বৰদলৈয়ে দাতাসকলৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ পাছত ফুটবল উপসমিতিৰ সভাপতি নিপুন বৰাই মৰিগাঁও জিলা ক্ৰীড়া সন্হাৰ পতাকা উত্তোলন কৰে৷

মৰিগাঁও জিলা ক্ৰীড়া সন্হাৰ মিডিয়া সমন্বয়ক মানস প্ৰতীম পাটৰৰ তত্ত্বাবধানত খেলৰ পূর্বে আয়োজিত এক চমু উদ্বোধনী অনুষ্ঠানত অসমবাসীৰ হিয়াৰ আমঠু সদ্যপ্ৰয়াত জুবিন গাৰ্গৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে এক মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱাৰ পাছত অসম পুলিচ দলৰ প্ৰাক্তন সুদক্ষ খেলুৱৈ নৱকান্ত ডেকাই দুয়োদলৰ খেলুৱৈসকলক উদ্দেশ্যি শুভেচ্ছামূলক বার্তা বিনিময় কৰে।

বিপুল সংখ্যক ফুটবল প্রেমী দর্শকব উপস্থিতিত আয়োজিত শুভ আৰম্ভণি অনুষ্ঠানটোত ক্রীড়া সন্থাৰ উপ সভাপতি মুনীন্দ্র বৰা, কোষাধ্যক্ষ মুকুল হাজৰিকাৰ লগতে যুটীয়া সম্পাদক নাছিৰ উদ্দিন আহমেদ, সহকাৰী সম্পাদকদ্বয় সমুদ্র নাৰায়ণ মেধী,ইক্ৰামূল হুছেইন, ফুটবল সম্পাদক অপূর্ব বৰদলৈ,খেলপথাৰ সম্পাদক দিব্য মহন্ত সহিতে ভালেসংখ্যক বিষয়ববীয়া আৰু প্ৰাক্তন সুদক্ষ ফুটবলাৰ ক্ৰমে নিৰঞ্জন দত্ত,সতীশ দাস, বাহাজত আলী আৰু প্ৰশান্ত মহন্ত উপস্থিত থাকে।

আজিৰ খেলখন অসম ফুটবল সন্থাৰ স্বীকৃতিপ্রাপ্ত ৰেফাৰী ক্রমে তুলেশ্বৰ বাংঠাই, দ্বীপ পাতৰ, ধনঞ্জয় বৰদলৈ আৰু পংকজ বৰদলৈয়ে পৰিচালনা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!