Food poisoning in SISSIBORGAON: চিচিবৰগাঁৱত ন খাই বিষক্ৰিয়াত আক্ৰান্ত ৩৫গৰাকী লোক, কেইবাজনৰ অৱস্থা সংকটজনক
চিচিবৰগাঁৱত ন খাই বিষক্ৰিয়াত আক্ৰান্ত ৩৫গৰাকী লোকঃ কেইবাজনৰ অৱস্থা সংকটজনক

DD TIMES চিচিবৰগাঁও, ২২ নৱেম্বৰঃ ন খোৱা খাই চিচিবৰগাঁৱত বিষক্ৰিয়াত আক্ৰান্ত হৈছে ৩৫ গৰাকীকৈ লোক।

জানিব পৰা অনুসৰি চিচি বৰচুক গাঁৱৰ এঘৰত যোৱানিশা এঘৰত ন খোৱা সকাম আছিল। নিশা ন ভাত খোৱাৰ পিছত অধিকাংশ লোকৰ শৌচ আৰু বমি হ’বলৈ আৰম্ভ কৰে।
নিশা প্ৰায় দুই বজাত চিচিবৰগাঁও খণ্ড প্ৰাথমিক চিকিৎসালয় ভৰি পৰে বিষক্ৰিয়া হোৱা লোকেৰে। ইয়াৰে অধিকাংশৰ অৱস্থা সংকটজনক হোৱাৰ বাবে ধেমাজিৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

আক্ৰান্ত সকলৰ সৰহ সংখ্যকেই মহিলা আৰু শিশু বুলি জানিব পৰা গৈছে। ইয়াৰে কেইগৰাকীমানৰ অৱস্থা কিছু উন্নতি হৈছে যদিও বৰ্তমানেও অধিকাংশ লোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
কেইগৰাকীমানৰ অৱস্থা বেছি সংকটজনক হোৱাৰ বাবে ডিব্ৰুগড়লৈ উন্নত চিকিৎসাৰ বাবে লৈ যোৱা হৈছে।
ইতিমধ্যে ঘটনাস্থলীত চিকিৎসকৰ দল উপস্থিত হৈ অৱশিষ্ট খাদ্যৰ নমুনা পৰীক্ষাৰ বাবে সংগ্ৰহ কৰিছে।

