অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

FESTIVAL OF LIGHTS DIWALI: মৰহি যোৱা মনবোৰক পোহৰাই তুলিবলৈ আহিছে দীপাৱলী

Spread the love

২০ অক্টোবৰ দীপাৱলী উপলক্ষে

মৰহি যোৱা মনবোৰক পোহৰাই তুলিবলৈ আহিছে দীপাৱলী

DD TIMESত লিখিছে প্ৰাঞ্জল বৰদলৈয়ে

পৃথিৱীত পোহৰৰ যিমান প্ৰয়োজন ঠিক সমানেই আন্ধাৰৰো ৷ কাৰণ আন্ধাৰ নথকা হ’লে পূৰ্ণিমাৰ জোনৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন ৷ তথাপিও কিন্তু আমি পোহৰ ভালপোৱা মানুহবোৰে আন্ধাৰলৈ ভয় কৰোঁ ৷ আন্ধাৰ বেয়া পাওঁ বাবেই সন্ধান কৰোঁ পোহৰৰ ৷ এই পোহৰেই আমাক বাট দেখুৱাই দিয়ে জীৱন যাত্ৰাত আগবাঢ়ি যোৱাৰ ৷

তৎস্বত্বেও কেতিয়াবা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই গোৱা “পোহৰ বিচাৰি জুই সাৱটিলি দহনহে হ’ল তোৰ লগৰীয়া,জনসমুদ্ৰত অকলে উটিছ সংগীহীন ভাগৰুৱা, কিনো তোৰ অভাগা কপাল, হৰি কিনো তোৰ বিধান, দুহাতৰ যত সুখ আনকে বিলালি নিজে বৈ দুখতে মজি, তই নিজে ৰৈ দুখতে মজি…৷” শীৰ্ষক গীতৰ কথা আৰু সুৰে অন্তৰৰ কোনোবাখিনিত অনামী দুখ দি যোৱা অনুভৱ হয় ৷ অৱশ্যে আমি বিচৰা বস্তুটো কেনেভাৱে বিচাৰিব লাগে, সেই কথা ভালকৈ হৃদয়ংগম কৰিব নোৱাৰাৰ বাবেও আমাৰ কেতিয়াবা ‘যাচিলেও নাখায় খুজিলেও নাপাই’ৰ দৰে অৱস্থা হয় ৷ ক’বলৈ ওলাইছোঁ পোহৰৰ উৎসৱ দীপাৱলীৰ কথা ৷ দীপাৱলীয়ে আমাৰ জীৱনলৈ জোনাকৰ ধল নমাই আনে ৷ জোনাক সকলোৰে প্ৰিয় ৷ সমানেই পোহৰো ৷ কিন্তু দীপাৱলীৰ নিশা জোনাক কোমল সন্ধিয়াৰ পৰাই গভীৰ নিশা পৰ্যন্ত জগত পোহৰাই ৰখা অলেখ চাকিৰ পোহৰৰ লগতে বিভিন্ন ফটকা,আতচবাজী আদিবোৰেও শব্দ প্ৰদূষণৰ সৃষ্টি কৰি পৰিৱেশ ৰজনজনাই তোলে ৷ অমানিশা নাশি পোহৰৰ সন্ধান কৰোঁতে পাহৰি যাব নালাগিব যে এই ফটকা,আতচবাজীবোৰ আমাৰ বাবে আৰু আমাৰ চৌপাশৰ জীৱজগতৰ বাবে পোহৰ নহৈ দহন হোৱাৰ কথা ৷ মনত ৰাখিব লাগিব সুধাকণ্ঠৰ “সূৰ্য উদয় যদি লক্ষ্য আমাৰ,সূৰ্যাস্তৰ পিনে ধাৱমান কিয়,শীতল বৃষ্টি যদি কাম্য আমাৰ, অনাবৃষ্টি খেদি ফুৰিছোঁ কিয়?” কালজয়ী এই গীতৰ গভীৰতাক ৷


“গাঁৱৰ ল’ৰা গাঁৱে-গাঁৱে বন্তি জ্বলাই যাওঁ আমি”বুলি ৰূপকোঁৱৰৰ সুৱদিসুৰীয়া কণ্ঠত নিগৰিত চিৰসেউজ গীতটিয়েও পোহৰৰ উৎসৱ দীপাৱলীৰ এখন মনোৰম ছবি আমাৰ মানসপটত উজ্জীৱিত কৰে ৷ বন্তিৰ পোহৰে মানৱৰ মনবোৰো দীপ্যমান কৰি পোহৰাই তোলে ৷ কাৰ বাবে,কিহৰ বাবে কাতি মাহৰ অমাৱস্যা (কালীপূজা)ৰ দিনাৰ নিশা আমি ইমান ব্যাকুল হওঁ ! কি এই উৎসৱ
! হয়,তাৰো কাহিনী নথকা নহয় ৷


পুৰাণৰ মতে, এই উৎসৱ ভগৱান শ্ৰীকৃষ্ণৰ বিজয়ৰ প্ৰতীক হিচাপে পালন কৰা হয় ৷ এবাৰ হেনো মহাপ্ৰতাপী ৰজা নৰকাসুৰে ১৬ হাজাৰ গোপিনী সহিতে বিশ্বকৰ্মাৰ কন্যাক বন্দী কৰি ৰাখিছিল ৷ গোপীসকলৰ ক্ৰন্দন আৰু পিতৃ-মাতৃৰ প্ৰাৰ্থনাত শ্ৰীকৃষ্ণই নৰকাসুৰক পৰাস্ত কৰি সুন্দৰী সকলক উদ্ধাৰ কৰি ৰাজ্যত প্ৰৱেশ কৰাৰ লগে-লগে প্ৰজাগণে আনন্দতে পদূলিয়ে-পদূলিয়ে চাকি জ্বলাই সমগ্ৰ নগৰী আলোকিত কৰি তুলিছিল ৷ তদুপৰী পৰাক্ৰমী ৰজা নৰকাসুৰক শ্ৰীকৃষ্ণই নিজে বধ কৰাৰ আগমুহূৰ্তত মাতৃ সত্যভামাৰ পৰা এটি বৰ বিচাৰিছিল ৷ তেওঁৰ মৃত্যুৰ দিনটো যেন পোহৰৰ উৎসৱ ৰূপে পালন কৰে ৷ এই হাবিয়াস পূৰাবলৈ ভাৰতবাসীয়ে আজিও পোহৰৰ উৎসৱ দীপাৱলী পালন কৰি আহিছে ৷ সেই দিনটো আছিল কাতি মাহৰ অমাৱস্যাৰ নিশা ৷ তেতিয়াৰপৰাই এই উৎসৱ পালন কৰি অহা বুলি প্ৰচলিত আছে ৷


আন এক পৌৰাণিক কাহিনী মতে, ৰজা সত্ৰাজিতে আদিত্যদেৱক স্তুতি কৰি সন্তুষ্ট কৰাত আদিত্যই নিজৰ ডিঙিৰ পৰা মণি এটা সত্ৰাজিতক উপহাৰ দিছিল ৷ এই মণিটো আছিল স্যমন্তক মণি ৷ এই মণিটোৰ মাহাত্ম্য হ’ল ই য’তেই থাকিব, চৌদিশ পোহৰাই ৰাখিব আৰু তাত কোনো অশুভ পৰিৱেশ সৃষ্টি হ’ব নোৱাৰে ৷ এনেহেন মণি এটা পাই সত্ৰাজিত বৰ আনন্দিত হ’ল আৰু মণিটো মৰমতে মৰমৰ ভায়েক প্ৰসেনজিতক দি দিলে ৷

প্ৰসেনজিতে মণিটো পিন্ধি চিকাৰলৈ যোৱাত বাটতে সিংহ এটাই প্ৰসেনজিতক বধ কৰি মণিটো লৈ যাব ধৰোঁতেই ভালুক জাম্বৱন্তই সিংহটোক বধ কৰি মণিটো হস্তগত কৰে আৰু গুহাৰ ভিতৰত শিশুসকলক খেলিবলৈ দিয়ে ৷ ইফালে, বহুদিন ধৰি প্ৰসেনজিত চিকাৰৰপৰ ঘূৰি নহাত সত্ৰাজিতে সন্দেহ কৰি অপপ্ৰচাৰ চলালে যে মণিটোৰ বাবে শ্ৰীকৃষ্ণই প্ৰসেনজিতক বধ কৰিলে ৷ এই অপবাদ সহ্য কৰিব নোৱাৰি শ্ৰীকৃষ্ণই প্ৰসেনজিতক বিচাৰি বনলৈ বুলি যাত্ৰা কৰিলে ৷ বনত প্ৰবেশ কৰিয়েই পদচিহ্ন অনুকৰণ কৰি গৈ গৈ গুহাত মণিটো পাই জাম্বৱন্তক মণিটো ঘূৰাই দিবলৈ কয় যদিও ভালুক মান্তি নোহোৱাত ১৪ দিন ধৰি তুমুল ৰণ কৰি শেষত মণিটো উদ্ধাৰ কৰে ৷ জাম্বৱন্তই মণিৰ সৈতে নিজৰ কন্যাকো উপহাৰ হিচাপে শ্ৰীকৃষ্ণলৈ আগবঢ়ায় ৷

শ্ৰীকৃষ্ণই মণি লৈ নগৰত প্ৰৱেশ কৰাৰ লগে লগে নগৰবাসীয়ে আনন্দতে চাকি-বন্তি জ্বলাই শ্ৰীকৃষ্ণক সম্ভাষণ জনায় ৷ সেইদিনটোও আছিল কাতি মাহৰ অমাৱস্যাৰ তিথি ৷ সেয়ে প্ৰজাগণে চৌদিশ পোহৰাই অন্ধকাৰ দূৰ কৰিছিল বাবে তেতিয়াৰপৰাই এই দিনটোত দীপাৱলী উৎসৱ পতা হয় বুলি বিশ্বাস কৰি আহিছে ৷
আন এক জনবিশ্বাস মতে, শ্ৰীৰামচন্দ্ৰৰ পিতৃ দশৰথে মাহীমাক কৈকেয়ীক দিয়া বচন পালনাৰ্থে শ্ৰীৰামে ভাৰ্যা সীতা আৰু লক্ষ্মণৰ সৈতে ১৪ বছৰ বনবাস আৰু এবছৰ অজ্ঞাত বাসৰ অন্তত ৰাৱণক বধ কৰি ৰাম স্বগৃহ অযোধ্যালৈ উভতি অহাৰ দিনটো আছিল কাতি মাহৰ অমাৱস্যা তিথি ৷ ৰামচন্দ্ৰৰ আগমনে যেন অমাৱস্যা তিথিক পূৰ্ণিমালৈ ৰূপান্তৰ কৰিলে ৷

ৰজাবিহীন অযোধ্যাবাসীয়ে ৰাজকোঁৱৰক পাই আনন্দত আত্মহাৰা হৈ আন্ধাৰ নাশিবলৈকে ৰাজপ্ৰসাদকে ধৰি সমগ্ৰ ৰাজ্যতে চাকি-বন্তি জ্বলাই নগৰখনক নন্দনকাননত পৰিণত কৰিলে ৷ এই কাহিনীৰ আলম লৈও তেতিয়াৰেপৰা পোহৰৰ উৎসৱ দীপাৱলী পালন কৰি অহা হয় ৷


ইয়াৰ সমান্তৰালভাৱে এই তিথিত পালিত শিহৰণকাৰী উৎসৱ হ’ল কালীপূজা ৷ ’কালোহি জগদাধাৰ’ অৰ্থাৎ কালেই জগতৰ অধিকাৰ ৷কালৰ ওপৰত যি প্ৰতিষ্ঠিত, তেৱেঁই কালী ৷ কালী হৈছে দশ মহাবিদ্যাৰ প্ৰথম আৰাধ্যা দেৱী ৷সেয়ে কালী গোঁসানীৰ নাম প্ৰথম উচ্চাৰণ কৰা হয় ৷ কালীৰ ৰূপ স্বাভাৱিকতে অতিশয় ভয়লগা ৷ খড়গহস্ত দেৱীৰ এহাতত নৰমুণ্ড, গলত মুণ্ডমালা, শ্মশানবাসিনী, কৰাল বদনী দেৱীৰ ৰক্তবৰ্ণা জিহ্বা ৷

অমাৱস্যাৰ এনেহেন তিমিৰাচ্ছন্ন ৰাতিতে কালী মাতৃৰ পূজা হয় ৷এই গভীৰ ৰাতিতে শ্মশানলৈ গৈ তান্ত্ৰিকসকলে মন্ত্ৰ আৰু তন্ত্ৰবিদ্যাৰ সাধনা কৰে ৷এইটো ৰাতিতে জড়ৰ ওপৰত চেতনৰ আৰু অন্ধকাৰৰ ওপৰত আলোকৰ বিজয় সাব্যস্ত কৰা হৈছে ৷ এনে কাৰণৰ ফলতেই এই তিথিত দীপাৱলীও পালন কৰা হয় ৷ কালিকা পুৰাণৰ মতে, মহাকালীয়ে ৰাক্ষসবোৰক বধ কৰি চঞ্চলা হৈ পৰে আৰু প্ৰাণী মাত্ৰকেই সংহাৰ কৰিবলৈ উদ্যত হয় ৷ যাৰ পৰিণামত কালীক শান্ত কৰিবলৈ শিৱই মাজৰাতি দুৱাৰডলিত পৰি ৰৈছিল ৷

শিৱৰ এনে কাৰ্যৰ বাবে ভয়াৰ্ত মূৰ্তিধাৰিণী কালীয়ে দুৱাৰডলিত পৰি ৰোৱা শিৱৰ বক্ষত অকস্মাতে খোজ (গচক) পেলায় ৷ হঠাতে সংঘটিত হোৱা এনে কাৰ্যত বিকট মূৰ্তিধাৰিণী কালীয়ে লাজে-অপমানে জিহ্বা মেলি থিয় হৈ ৰয় ৷ লাহে-লাহে কালীৰ ক্ৰোধাগ্নি নিৰ্বাপিত হয় ৷ অৱশ্যে পৰৱৰ্তী ক্ষণত প্ৰাণী মাত্ৰেই ৰং- আনন্দত অধীৰ হৈ চাকি-বন্তি জ্বলাই চৌদিশ আলোকিত কৰি তোলে ৷ ঠিক সেই দিন ধৰি এই উৎসৱ পালিত হৈ অহা বুলি কোৱা হয় ৷


সেইদৰে, আন এপ প্ৰবাদ অনুসৰি অসুৰ সকলে সাগৰ মন্থন কৰোঁতে সাগৰৰ তলিৰপৰা উদ্ধাৰ হোৱা মণি-মুকুতাৰ লগতে ঐৰাৱত,অমৃত, হলাহল বিহ, কল্পতৰু বৃক্ষ, শ্ৰীশ্ৰীলক্ষ্মীদেৱী আৰু মুকুতাৰ লগতে আন বস্তুবোৰো দেৱতাসকলে ভগাই লৈছিল ৷ হলাহল বিহ কণ্ঠত ৰাখিছিল প্ৰভু সদাশিৱই, ঐৰাৱত লৈছিল স্বৰ্গৰ ৰজা ইন্দ্ৰই, কল্পতৰু ৰখা হৈছিল স্বৰ্গত, অমৃত পান কৰিছিল দেৱতাসকলে ৷ লক্ষ্মীক পূজা কৰিবলৈ লৈছিল মৰ্ত্যৰ নৰলোকে ৷ বাকী ৰ’ল অলক্ষ্মী ৷ এই অলক্ষ্মীক কোনেও আদৰি নোলোৱাত ব্ৰহ্মাক খাটনি ধৰা হৈছিল ৷

ব্ৰহ্মাই তেতিয়া অলক্ষ্মীকো মৰ্ত্ত্যলৈ পঠিয়াই দি ক’লে যে তেওঁৰ পূজা অমাৱস্যা তিথিতহে পালন কৰা হ’ব ৷ গতিকে, সেইদিনা পাশা, জুৱা আদি খেল খেলি অলক্ষ্মী দেৱীক সন্তুষ্ট কৰাৰ লগতে অমানিশা ভেদি আশাৰ কিৰণ কঢ়িয়াই অনা বুলিও বিশ্বাস কৰা হয় ৷


দীপান্বিতাৰ ৰাতি মহাকালীক আৰাধনা কৰা হয় ৷ দুৰ্গা-সৰস্বতীৰ মতে মহালক্ষ্মী মহাকালীৰেই উদাৰ, শান্ত,সংযত ৰূপ ৷সেয়ে দীপাৱলীত লক্ষ্মীদেৱীকো পূজা কৰা হয় ৷ শৰৎ কালৰ পূৰ্ণিমাত লক্ষ্মী গৌৰবৰ্ণা আৰু অমাৱস্যাত কৃষ্ণ বৰ্ণা ৰূপ লয় ৷ ভক্তবৃন্দই দুয়োটা ৰূপত পূজা কৰে বাবে এই পৰ্বটোক ‘ধন তেৰস’ও বোলা হয় ৷ এই সময়ত পথাৰ শস্য বহনৰ বিপুল সম্ভাৱনাৰে যৌৱনোদীপ্ত হয় আৰু শস্যৰ ভালৰ বাবেই খেতিৰ মাজত ‘কাতিগছা’ জ্বলোৱাও হয় ৷ কেতিয়াবা দেৱালীৰ দিনাই কাতি বিহুও হয় ৷ হঠাৎ এনে হ’লে ধৰণীত এক সৰগীয় অনুভৱে দোলা দি যায় ৷ সেই অনিবৰ্চনীয় আনন্দ আৰু অনুভৱৰ বাবেই তুলসীৰ তলত চাকি-বন্তি জ্বলোৱাৰ উপৰি নাম-গুণ গাই পোহৰৰ উৎসৱ দীপান্বিতাক অতি প্ৰগাঢ় কৰি তোলা হয় ৷


ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত এই উৎসৱ বিশেষ ধৰণে উদ্‌যাপিত কৰি অহাটো মন কৰিবলগীয়া ৷ ৰাজস্থানী মহিলা সকলে দেৱালীৰ দিনা নিজৰ-নিজৰ আ-অলংকাৰ সমূহ পৰিস্কাৰ কৰি পৰিধান কৰাৰ লগতে ঘৰৰ কুশল-মঙ্গলৰ বাবে বন্তি জ্বলায় ৷ আমি যাক প্ৰভুভক্ত বুলি কওঁ, সেই প্ৰভুভক্ত কুকুৰক নেপালী সম্প্ৰদায়ৰ লোকে সেইদিনা খাবলৈ দি মালা পিন্ধাই আৰু কাউৰীকো আহাৰ দিয়ে ৷ আনহাতে, মাজনিশা গাই গৰুক কপালত ফোঁট দি মালা পিন্ধায় ৷ মুম্বাই আৰু মহীশূৰ আদি ঠাইত দেৱালীৰ দিনা মেকুৰী ঘৰত সোমালে শুভ বুলি মানি আহিছে ৷ নৰ্মদা উপত্যকা অঞ্চলত সন্তানহীনা নাৰীসকলে সাতটা কুঁৱাৰ পানী আনি সেই পানীৰে গা ধুই সাজি-কাচি বিভূষিতা হৈ চাকি জ্বলালে বাঞ্ছিত ফল লাভ কৰে বুলি বিশ্বাস কৰে ৷ তাৰোপৰি আমাৰ দেশৰ নদীৰ পাৰত অৱস্থিত তীৰ্থস্থানসমূহতো দীপদান,দীপমালা বা দেৱালী বিশেষ ধৰণেৰে পতা হয় ৷ সেইদিনা স্বৰ্গীয় পিতৃ-মাতৃ বা পূৰ্বপুৰুষসকলক স্মৰণ কৰি জলত দীপদান কৰা হয় ৷ আগলতি কলাপাতত ধূপ-দীপ-নৈবেদ্য দি ফুলেৰে সজাই পূৰ্বপুৰুষৰ নামত অৰ্পণ কৰা হয় ৷

হৰিদ্বাৰ,কাশী,প্ৰয়াগ আদিত বৰ্তমানেও দীপদান পৰ্ব উলহমালহেৰে পালন কৰা হয় ৷ ইয়াৰ বাহিৰেও ভাৰতবৰ্ষৰ পশ্চিমবঙ্গ,ৰাজস্থান, বিহাৰ,ওড়িশা,দিল্লী, গুজৰাট আদি ঠাইত পোহৰৰ উৎসৱ দীপাৱলীক আকৰ্ষণীয়কৈ সজাই তোলা হয় ৷ চাকি,মম জ্বলাই আলোকসজ্জাৰে সমগ্ৰ ঠাই সুসজ্জিত কৰি আতচবাজী ফুটাই পৰৱৰ্তী বছৰটোৰ বাবে সুখ-শান্তি কামনা কৰা হয় ৷ আমাৰ দেশ ভাৰতবৰ্ষৰ অন্য ৰাষ্ট্ৰৰ লোকেও বৰ্তমান দীপাৱলীৰ লগতে কিছু ভাৰতীয় উৎসৱ উদ্‌যাপন কৰি আহিছে ৷ ব্ৰিটেইন আৰু আমেৰিকাত আড়ম্বৰপূৰ্ণভাৱে দীপাৱলী পালন কৰা হয় ৷ লণ্ডন, মানচেষ্টাৰ, থাইলেণ্ড, এডিনবাৰ্গ,ছুইডেন, অষ্ট্ৰেলিয়া আদিত খ্ৰীষ্টমাৰ্ছৰ নিচিনাকৈ দীপাৱলীতো চতুৰ্দিশ সজাই উজলাই তোলা হয়৷


আনহাতে অনৈক্যৰ মাজত ঐক্য হৈ সবল ৰূপত জিলিকি থকা ভাৰতৰ বিভিন্ন সম্প্ৰদায়ৰ মাজত দেৱালী সম্পৰ্কত ভিন-ভিন কাহিনীও জড়িত হৈ আছে ৷ জৈনসকলৰ মাজত দেৱালীৰ মহিমা অপাৰ ৷ ভগৱান মহাবীৰ নিৰ্বাণ উপলক্ষে জৈন ধৰ্মীসকলে দেৱালী উৎসৱ পালন কৰে ৷ জৈনধৰ্মীসকলৰ বাবে এই উৎসৱ অতি পবিত্ৰ উৎসৱ ৷


শিখ ধৰ্মালম্বীসকলে দেৱালী উদ্‌যাপন কৰে গুৰু হৰগোবিন্দজীৰ স্মৃতিত ৷ গোৱালিয়ৰত বন্দী হৈ থকাৰপৰা শিখসকলৰ ষষ্ঠজন গুৰু হৰগোবিন্দজী মুক্ত হোৱা হেতু তাৰেই স্মৃতিত পালিত হয় শিখধৰ্মীৰ দেৱালী ৷ অৰ্থাৎ পোহৰৰ অলেখ গছি চাকি ৷ এনে এক কাৰণতেই সেই নিশা স্বৰ্ণ মন্দিৰৰ বাহিৰে-ভিতৰেও মন-মন্দিৰত নব্য চেতনাৰ আশাৰ আলোক কঢ়িয়াই জ্বলি উঠে শাৰী-শাৰী বন্তি ৷


মুছলমান সম্ৰাটসকলেও দীপাৱলী উৎসৱ উলাহ-উচাটনেৰে পালন কৰিছিল ৷ আকবৰে নিজেও এই উৎসৱত হাত উজান দি আনন্দ লাভ কৰিছিল আৰু জাতি-ধৰ্ম নিৰ্বিশেষে সকলো প্ৰজাকে দেৱালী উৎসৱ উদ্‌যাপন কৰিবলৈ আন্তৰিক আহ্বান জনাইছিল ৷ ‘আইন ই আকবৰী’ত উল্লেখ আছে যে আকবৰে নিজে পঞ্চাছ গজ ওখ স্তম্ভ নিৰ্মাণ কৰি তাৰ ওপৰত বন্তি জ্বলাইছিল ৷
হিন্দু দৰ্শন মতে, আমাৰ শৰীৰত একোটি আত্মা লুকাই থাকে ৷আমাৰ মনৰ আন্ধাৰ আঁতৰাই আত্মাক উজলাই তুলিবলৈ দেৱালীত জাকজমকতাৰে সু-সজ্জিত কৰি তোলা হয় আমাৰ মন আৰু হৃদয় ৷


আমি আশা কৰিছোঁ সময় গতিৰ ছন্দায়িত লহৰৰ লগতে দেৱালীৰ চাকি-বন্তিৰ শিখাই আমাৰ জীৱনলৈ কঢ়িয়াই আনিব নতুনৰ পোহৰ ৷ এই পোহৰে আমাৰো হৃদয়ৰাজ্য উদ্ভাসিত কৰি তোলক ৷ ৰাতিৰ আন্ধাৰ হেনো গমগমীয়া ৷ তাতে সেই নিশা যদি অমাৱস্যা নিশা হয় ! এনেকুৱা মৰ আঁউসীৰ ৰাতিত ফেঁচাই কুৰুলিয়ালে আমি স্তম্ভিত হৈ উঠোঁ ৷ আমাৰ বুকুখন কঁপি উঠে ৷

কাৰণ আন্ধাৰত কোনেও নেদেখাকৈ বহুত ঘটনাই ঘটি যায় ৷ সেইবাবেই আন্ধাৰক আমি ভয় কৰোঁ, ঘিণ কৰোঁ ৷ যি কাৰণত দীপাৱলী বা কালীপূজাৰ আগে-আগে ভিন্নৰঙী চাকি আৰু লাইটৰ সৌন্দৰ্য বিচাৰি একপ্ৰকাৰ অধীৰ হৈ পৰোঁ ৷

এনে এক সময়ত মাটিৰ চাকিৰ ঠাইত ৰঙা-নীলা ভিন্নৰঙৰ সৰু-সৰু মমবাতিকে ধৰি লিচু লাইটে খোপনি পোতা বাবেই মৃৎশিল্পীৰ সংখ্যাও হ্ৰাস পোৱা দেখা গৈছে যদিও সম্প্ৰতি মাটিৰ চাকিৰ গুৰুত্ব আৰু আদৰ তুলনামূলকভাৱে কমি অহাটোৱে আমাক ব্যথিতও কৰিছে ৷ লগতে পৰিৱৰ্তনমুখী সময়ে যেন পুনৰ ঘূৰাই আনিবলৈ সক্ষম হয় মাটিৰ চাকিৰ অপৰিসীম গুৰুত্বৰ কথা ৷

এই কথা নিশ্চিত যে ৰঙা-নীলা ভিন্নৰঙৰ মমবাতি, লিচু লাইটবোৰৰ জাকজমকতা আৰু চকু চাটমৰা উজ্জ্বলতাৰ মাজতো মাটিৰ চাকিৰ এক নিজস্ব সৌন্দৰ্য আৰু এক বিশেষ মহত্ব আছে ৷ এই মাটিৰ চাকিৰ পোহৰত নিহিত হৈ আছে আধ্যাত্মিক পোহৰ আৰু সেই পোহৰৰ বাবেই অপশক্তিক ৰুধিবলৈ পালন কৰা হয় পোহৰৰ উৎসৱ দীপান্বিতা বা দীপাৱলী ৷ এই পোহৰে আমাৰ মন-প্ৰাণ পোহৰাই সকলোকে যেন কৰি তোলে ঐক্যবদ্ধ ৷ কাৰণ গাঁৱৰ গোঁসাইঘৰত জ্বলি থকা তেল-শলিতাৰ বন্তিগছিয়েও আমাক তাৰেই কথা সোঁৱৰাই কৰি তোলে মন্তমুগ্ধ ৷


শৰৎ কালৰ ৰাতি অতি বিতোপন ৷ এই শৰতেই কঢ়িয়াই আনে উৎসৱ-পাৰ্বণৰ মেটমৰা সম্ভাৰ ৷ শৰৎ কালৰ এনে বিতোপন সন্ধিয়াতেই গকুলৰ কৃষ্ণৰ মন ক’লৈ যাওঁ কি কৰোঁ কৰিছিল ৷ ৰাসক্ৰীড়া কৰিবলৈ কৃষ্ণৰ মন উত্ৰাৱল হৈছিল ৷

বাঁহীটো লৈ উলাই গৈছিল বৃন্দাবনলৈ ৷ তাৰ পাছত সেই যাদুকৰী বাঁহীত ফু দিওঁতেই ষোড়শ গোপিনী বাউলি হৈ জোনাকৰ সন্ধিয়াত সাঁতুৰি-সাঁতুৰি বাঁহীৰ সুৰত হাবু-ডাবু খাই যমুনাৰ পাৰলৈ ঢাপলি মেলিছিল—ওৰে নিশা কেলি কৰিছিল…৷ ঠিক একেদৰেই দীপাৱলীৰ নিশাও আমি উজাগৰে থাকি আন্ধাৰৰ বিৰুদ্ধে যেন ওৰে নিশা বিদ্ৰোহ ঘোষণা কৰোঁ ৷ সমস্বৰে গাওঁ পোহৰৰ জয়গান ৷ আমাক পোহৰ লাগে ৷

সেয়ে আশা কৰিছোঁ—’নতুন সুৰৰ,নতুন ৰাগিণী,উঠিব এদিন আকাশলঙ্ঘী; তৰ্কশূন্য ভক্তিৰ থাপনা হ’ব অনন্ত কালৰ সঙ্গী, ধৰা সকলোৱে,মঙ্গল আৰতি,অভয় গীতেৰে কৰা প্ৰসঙ্গ; আকাশত গাওক সপ্ত ঋষিয়ে, বনত নাচক বন বিহঙ্গ ৷’ এই আশাৰে মৰহি যোবা মানুহৰ মনবোৰক পোহৰাই তুলিবলৈকে আহিছে পোহৰৰ উৎসৱ দীপাৱলী…৷ আন্ধাৰৰ বক্ষ বিদাৰি আহক সকলোৱে সন্ধান কৰোঁ পোহৰৰ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!