Extraordinary Stability: ভাৰতৰ অসাধাৰণ সুস্থিৰতাই কি সূচিত কৰিছে? কৌশলী প্ৰতিৱেশীৰ মাজতো দেশখন শান্ত হৈয়েই আছে
ভাৰতৰ অসাধাৰণ সুস্থিৰতাই কি সূচিত কৰিছে?
কৌশলী প্ৰতিৱেশীৰ মাজতো দেশখন শান্ত হৈয়েই আছে
দ্য ইকনমিষ্ট ব্যুৰ’
দূৰ-দৃষ্টিসম্পন্ন এগৰাকী অৰ্থনীতিবিদে হয়তো নতুন দিল্লীৰপৰা দেশৰ প্ৰতিটো প্ৰান্তলৈ চাই অস্থিৰতা দেখিব। ভাৰতৰ উত্তৰ-পূবত থকা চুবুৰীয়া দেশ নেপালত চলিত বৰ্ষৰ আৰম্ভণিতে বৈষম্যৰ বিৰুদ্ধে “জেন জেড” প্ৰতিবাদৰ সূচনা হৈছিল।
ৰাজনৈতিক বংশৰ উত্তৰসূৰীসকলে ইনষ্টাগ্ৰামত নিজৰ বিলাসী হলিডে’ আৰু ডিজাইনাৰ পোছাক প্ৰদৰ্শনৰ বিপৰীতে সাধাৰণ নেপালীসকলে নিবনুৱা সমস্যাৰ সৈতে যুঁজি আছিল। আৰু পূব দিশত বাংলাদেশৰ ছাত্ৰ-ছাত্ৰীসকলে যোৱা বৰ্ষত বিপ্লৱৰ নেতৃত্ব প্ৰদানেৰে ২০০৯ৰ পৰা প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰি অহা শেখ হাছিনাক উৎখাত কৰিছিল।
তেওঁলোকৰ অন্যতম অভিযোগ আছিল যুদ্ধৰ প্ৰবীণ সৈনিকৰ বংশধৰসকলৰ বাবে ৰাজ্যিক চাকৰি সংৰক্ষিত কৰা কোটা ব্যৱস্থা।
ভাৰতৰ দক্ষিণ দিশত ২০২২ত শ্ৰীলংকাৰ জনসাধাৰণে ৰাষ্ট্ৰপতি ভৱনত আক্ৰমণ চলোৱাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰপতি গোটবয়া ৰাজপক্ষই পলায়ন কৰিবলৈ বাধ্য হৈছিল। শ্ৰী ৰাজপক্ষই অৰ্থনৈতিক সংকট নমাই আনিছিল, যিয়ে দেশখনক দেউলীয়া কৰি পেলাইছিল, ইন্ধন আৰু ঔষধ শেষ হৈ গৈছিল। পশ্চিমে পাকিস্তান কাৰাবন্দী প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ সমৰ্থকৰ প্ৰতিবাদ আৰু আইএমএফ-ৰ আন এক উদ্ধাৰৰ সন্মুখীন হৈছে।
কিন্তু ভাৰতত এনে হোৱা নাই। দক্ষিণ এছিয়াৰ সৰ্ববৃহৎ অৰ্থনীতিৰ দেশখন আচৰিত ধৰণেৰে সুস্থিৰ। এই বছৰ দেশখন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বাণিজ্য যুদ্ধৰ বলি হৈছে। ৰাছিয়াৰ তেল ক্ৰয়ৰ ক্ষেত্ৰত বিশেষ শাস্তিমূলক শুল্কই দেশখনক প্ৰভাৱিত কৰিছে। একেদৰে পাৰমাণৱিক-অস্ত্ৰধাৰী পাকিস্তানৰ সৈতে গুলীচালনাৰ যুদ্ধত অংশগ্ৰহণ কৰিছে।
ইয়াৰ অৰ্থনীতিক সততে লক্ষ্য কৰা নহয়। পাকিস্তানৰ লগতে আইএমএফ-ৰ কাৰ্য্যসূচীত বাংলাদেশ, নেপাল আৰু শ্ৰীলংকাই অংশগ্ৰহণ কৰিছে। ইফালে ভাৰতৰ দহ-বছৰীয়া চৰকাৰী বণ্ডৰ ফল ৭% তকৈ কম। এই হাৰ বৰ্ষটোৰ আৰম্ভণিৰে পৰা সামান্য হ্ৰাস পাইছে আৰু পাকিস্তান তথা শ্ৰীলংকাৰ ১২% তকৈ নিম্ন। ভাৰতৰ বৈদেশিক-মুদ্ৰাৰ মজুত প্ৰায় ৭০০ বিলিয়ন ডলাৰ বা জিডিপিৰ ১৮%— যি ১১ মাহৰ আমদানিৰ বাবে যথেষ্ট। যিয়ে বছৰি ৬-৮% বিকাশক সূচিত কৰে।
ভাৰত সদায় আজিৰ দৰে সুস্থিৰ নাছিল। ১৯৪৭-ত ব্ৰিটেইনৰ পৰা স্বাধীনতা লাভৰ পিছৰে পৰা দেশখন বাৰে-বাৰে বেলেন্স-অৱ-পেমেন্ট সমস্যাৰ সন্মুখীন হৈ আহিছে। ১৯৬৫-ত পাকিস্তানৰ সৈতে হোৱা যুদ্ধ তথা বিধ্বংসী খৰাং পৰিস্থিতিৰ পিছত ইয়াক খাদ্য সাহায্যৰ ওপৰত নিৰ্ভৰশীল কৰি তোলা হৈছিল, যাৰ বিনিময়ত আমেৰিকাই ইয়াৰ টকাৰ মূল্য হ্ৰাস কৰিছিল।
১৯৯১ত উপসাগৰীয় যুদ্ধৰ পৰিণতিত তেলৰ মূল্য বৃদ্ধি পাইছিল আৰু কুৱেইটত কৰ্মৰত শ্ৰমিকসকলৰ ৰেমিটেন্সৰ পতনৰ ফলত আন এক দুৰ্য্যোগ হৈছিল। লোনৰ জামিন হিচাপে চৰকাৰক ব্ৰিটেইনলৈ সোণ বিমানেৰে নিবলৈ বাধ্য কৰোৱা হৈছিল।
তেতিয়া ভাৰতৰ বিত্তমন্ত্ৰী মনমোহন সিঙে অৱশ্যে সংকটৰ সুযোগ গ্ৰহণেৰে ইয়াক অজুহাত হিচাপে লৈ ৰপ্তানি নিয়ন্ত্ৰণৰ “লাইচেন্স ৰাজ” ব্যৱস্থাটো ভাঙি পেলাইছিল। এই কাৰ্য্যই অৰ্থনীতিক সুস্থিৰকৰণত সহায় কৰিছিল।
তথাপিও ২০১৩ পৰ্য্যন্ত দেশখন বিশ্ব পুঁজিৰ ওপৰত নিৰ্ভৰশীল আছিল। ব্ৰাজিল, ইণ্ডোনেছিয়া, দক্ষিণ আফ্ৰিকা আৰু তুৰস্কৰ সমান্তৰালভাৱে মৰ্গান ষ্টেনলী নামৰ এটা বেংকে ইয়াক উদীয়মান বজাৰৰ “ফ্ৰেজাইল ফাইভ” গ্ৰুপত অন্তৰ্ভুক্ত কৰিছিল।
সকলোবোৰ আমেৰিকাৰ বৰ্ধিত সুতৰ হাৰৰ বলি হৈছিল। “টেপাৰ টেন্ট্ৰাম”-ৰ সময়ছোৱাত আমেৰিকাই বিত্তীয়-সংকটৰ-পিছৰ পৰিমাণগত-শিথিলতা কাৰ্য্যসূচীৰ মাত্ৰা হ্ৰাস কৰিবলৈ আৰম্ভ কৰাৰ লগে-লগে মে’ৰ পৰা আগষ্টলৈকে টকাৰ মূল্য ২০% হ্ৰাস পাইছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে চৰকাৰে দেশৰ বেংকসমূহ পৰিষ্কাৰ কৰি ঋণদাতাক “বেড লোন”ক চিনাক্ত কৰিবলৈ বাধ্য কৰাইছিল আৰু দেউলীয়া সংহিতাৰ সংস্কাৰ সাধন কৰিছিল। নন-পাৰ্ফৰ্মিং লোন ২০১৮-ত ১৫%-ৰ পৰা এই বছৰ ৩%-লৈ হ্ৰাস পাইছে।
শ্ৰীলংকাৰ শেহতীয়া সংকটৰ কাৰণ আছিল অপুঁজিৰ (unfunded) কৰ কৰ্তন আৰু ধন ছপাৰ ঘাটি ব্যয়। ভাৰতত বিত্তীয় আৰু চলিত-একাউন্ট উভয়তে ঘাটি অব্যাহত আছিল যদিও ক’ভিড-১৯ মহামাৰীৰ আৰম্ভণিতে ৯% বাজেট ঘাটিৰ পৰা এয়া ৫%-ৰ তললৈ হ্ৰাস পাইছে। চৰকাৰে ২০৩১-ৰ ভিতৰত ইয়াৰ ঋণ-জিডিপি অনুপাত ৫৭%-ৰ পৰা ৫০%-লৈ হ্ৰাসৰ পৰিকল্পনা কৰিছে।
আনকি ভাৰতৰ দীৰ্ঘদিনীয়া তেলৰ সমস্যাও আজিকালি হ্ৰাস পাইছে। ইয়াৰ আংশিক কাৰণ হৈছে বিগত কেইবছৰ মানত তেলৰ মূল্য তুলনামূলকভাৱে হ্ৰাস পাইছে। একেদৰে চৰকাৰ আৰু উদ্যোগে অৰ্থনীতিৰ সংবেদনশীলতা হ্ৰাসৰো ফলশ্ৰুতি এয়া।
কৌশলগত তেল বাফাৰ আৰু নতুন শোধনাগাৰৰ ক্ষমতাই পাৰ্থক্য আনে; তেনেদৰেই সুলভ আমদানিকৃত ৰাছিয়াৰ খাৰুৱা তেলেও এই ক্ষেত্ৰত প্ৰভাৱ পেলায়। ইয়াৰ ফলশ্ৰুতিত যোৱা বছৰ প্ৰায় ৮ বিলিয়ন ডলাৰ বৈদেশিক মুদ্ৰা ৰাহি হয়, আনকি এই কাৰ্য্যই ট্ৰাম্পৰ ক্ষোভকো প্ৰশমিত কৰে। ২০২১-ত প্ৰৱৰ্তিত পেট্ৰ’লত ইথানল মিহলোৱাৰ ব্যৱস্থাই ইঞ্জিনৰ বাবে ভীতিগ্ৰস্ত চালকসকলক অসন্তুষ্ট কৰিছে যদিও কুঁহিয়াৰ খেতিয়কসকলক আনন্দিত কৰিছে আৰু জীৱাশ্ম-ইন্ধন আমদানিৰ বিল অধিক হ্ৰাস কৰিছে।
পৰম সন্তুষ্টি
বেলেন্স-অৱ-পেমেন্ট সংকট নোহোৱা কাৰ্য্যই একমাত্ৰ কাৰণ নহয়, বৰঞ্চ একাধিক অনুকূল পৰিস্থিতিয়ে ভাৰতীয় যুৱক-যুৱতীসকলক ৰাজপথলৈ ওলাই আহিবলৈ ইন্ধন যোগাৱা নাই।
মাৰ্চত মহাৰাষ্ট্ৰৰ নগৰ নাগপুৰত বিশৃঙ্খলতাই বিৰাজ কৰিছিল। ইয়াৰ লক্ষ্য বৰ্তমান ক্ষমতাত থকা কোনো লোক নাছিল— বৰঞ্চ হিন্দুক অত্যাচাৰ কৰা ১৭-শতিকাৰ মুছলমান সম্ৰাট ঔৰংজেবৰ সমাধি আছিল। কিন্তু প্ৰতিবাদ নোহোৱাৰ কাৰণ হিচাবে এক আশাবাদী ব্যাখ্যাও আগবঢ়াব পাৰি: ভাৰতৰ স্পষ্টভাৱে বৃদ্ধি পোৱা অৰ্থনীতিয়ে এনে এটা আশা কঢ়িয়াই আনে যে আগলৈ অধিক ভাল সময় আহি আছে।
তথ্য প্ৰদানকাৰী চেন্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমিৰ এক সমীক্ষাত ভাৰতীয়সকলক তেওঁলোকৰ জীৱন সন্তুষ্টিৰ ৰেটিং একৰ পৰা দহৰ ভিতৰত দিবলৈ কোৱা হৈছিল। যদিও এই মুহূৰ্তত গৰিষ্ঠসংখ্যক লোকেই ইয়াত চাৰি-পাঁচ স্ক’ৰ প্ৰদান কৰিছে, তথাপিও ভৱিষ্যতৰ প্ৰতি তেওঁলোকে অধিক আশাৰ মনোভাৱ ব্যক্ত কৰিছে। পাঁচ বছৰৰ পাছত তেওঁলোকে ছয়-সাত স্ক’ৰ প্ৰদানৰ মনস্থ কৰিছে। দক্ষিণ এছিয়াৰ অশান্ত অৰ্থনীতিত যিকোনো বস্তু, আনকি জীৱনৰ চাপ আৰু টানো সহ্য কৰাটো সহজ, যদিহে আপুনি ই চিৰস্থায়ী হ’ব বুলি আশা নকৰে।

