অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়ক্ৰীড়াফটোগ্রাফিফটোগ্ৰাফীমুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Exhibition football match in Dhakuakhana: ‘সপ্তশিখা’ৰ উদ্যোগত ঢকুৱাখনাত বিষ্টুৰাম দলে ক্ৰীড়া পৰিসৰত প্ৰদৰ্শনীমূলক ফুটবল

Spread the love

‘সপ্তশিখা’ৰ উদ্যোগত ঢকুৱাখনাত প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধা জনাই মাতমৰাৰ বিষ্টুৰাম দলে ক্ৰীড়া পৰিসৰত নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু অইল ইণ্ডিয়া একাদশৰ মাজত প্ৰদৰ্শনীমূলক ফুটবল

DD TIMES ঢকুৱাখনা, ১৯ নৱেম্বৰঃ ৰাজ্যজুৰি মঙলবাৰে হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰা হয়৷ ঢকুৱাখনাতো এই উপলক্ষ্যত এখন ফুটবল খেল অনুষ্ঠিত কৰে৷ উক্ত অনুষ্ঠানত উপস্থিত থকা প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক নৱ কুমাৰ দলে সেই সম্পৰ্কত দিয়া ফেচবুক পোষ্ট…

‘অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গ দেৱৰ ওপজা দিন উপলক্ষে ‘সপ্তশিখা’ৰ উদ্যোগত আৰু ঢকুৱাখনাবাসীৰ সহযোগত প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধা জনাই আজি মাতমৰাৰ বিষ্টুৰাম দলে ক্ৰীড়া পৰিসৰত নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু অইল ইণ্ডিয়া একাদশৰ মাজত অনুষ্ঠিত প্ৰদৰ্শনীমূলক ফুটবল খেলখনত উপস্থিত থাকো। অতি সুন্দৰ প্ৰদৰ্শনেৰে ক্ৰীড়াপ্ৰেমীক মুগ্ধ কৰা দুয়োটা দলৰ খেলুৱৈসকললৈ আমাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
এই কাৰ্যসূচীত লখিমপুৰ লোকসভা সমষ্টিৰ মাননীয় সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়া,মাজুলীৰ মাননীয় বিধায়ক ভূৱন গাম ডাঙৰীয়া,মিচিং স্বায়ত্ত শাসিত পৰিষদৰ সন্মানীয় অধ্যক্ষ সুনীল পেগু ডাঙৰীয়া,আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ তথা অসম গৌৰৱ বঁ‌টাপ্ৰাপক পাৰ্থিৱ সুন্দৰ গগৈ ডাঙৰীয়া আৰু ৰাষ্ট্ৰীয় ফুটবলাৰ প্ৰজ্ঞান সুন্দৰ গগৈ ডাঙৰীয়া প্ৰমুখ্যে দুয়োগৰাকী কৃতী খেলুৱৈৰ পিতৃ-মাতৃ,ঢকুৱাখনা সমজিলা প্ৰশাসনৰ বিষয়াবৰ্গ,সপ্তশিখাৰ কাৰ্যকৰী সভাপতি প্ৰণৱ বৰুৱা ডাঙৰীয়া,সম্পাদক যোগানন্দ গগৈ ডাঙৰীয়া প্ৰমুখ্যে বিষয়ববীয়াসকল,অসম ফুটবল সন্থাৰ কোষাধ্যক্ষ হীৰেণ গগৈ ডাঙৰীয়া প্ৰমুখ্যে বিষয়ববীয়াসকল,বিভিন্ন শিক্ষানুষ্ঠানৰ মুৰব্বীসকল,ঢকুৱাখনা জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি প্ৰদীপ চমুৱা ডাঙৰীয়া প্ৰমুখ্যে বিষয়ববীয়াসকল, আয়োজক সমিতিৰ বিষয়ববীয়াসকল আৰু ক্ৰীড়াপ্ৰেমী ৰাইজ উপস্থিত থাকে।’

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!