অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Exhibition and Competition: কপিলীৰ ৰজাপুখুৰী মণ্ডল সমলকেন্দ্ৰত শিক্ষণ-শিকন সামগ্ৰীৰ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা

Spread the love

কপিলীৰ ৰজাপুখুৰী মণ্ডল সমলকেন্দ্ৰত শিক্ষণ-শিকন সামগ্ৰীৰ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা

DD TIMES বেবেজীয়া, ১৯ নৱেম্বৰঃ মৰিগাঁও জিলাৰ কপিলী শিক্ষাখণ্ডৰ অধীনৰ ৰজাপুখুৰী মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত মঙলবাৰে কেন্দ্ৰটোৰ অন্তৰ্গত বিদ্যালয়সমূহৰ মাজত প্ৰাথমিক স্তৰৰ ছাত্ৰ-ছাত্ৰীৰ মাজত খেল ধেমালি আৰু শিক্ষণ-শিকণ সামগ্ৰীৰে অধিক ফলপ্ৰসূ শিক্ষাদানৰ লক্ষ্যৰে এখনি বিশেষ শিক্ষণ-শিকন সামগ্ৰীৰ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা অনুষ্ঠিত হয়।

উক্ত প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাৰ ফিটা কাটি উদ্বোধন কৰে লেখক,জ্যেষ্ঠ সাংবাদিক জয়ন্ত বৰদলৈয়ে।

ৰজাপুখুৰী আদৰ্শ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাখনত শিক্ষক-শিক্ষয়ত্ৰীসকলে অতি কম খৰছত পেলনীয়া সামগ্ৰীৰ দ্বাৰা নিজে উদ্ভাৱন কৰা পৰিকল্পনাৰে তৈয়াৰ কৰা শিক্ষণ-শিকণ সামগ্ৰী উপস্থাপন কৰে।

বুনিয়াদী সাক্ষৰতা আৰু বুনিয়াদী সাংখ্যিকতা বিষয়ক আয়োজিত প্ৰতিযোগিতাখনত সাক্ষৰতা শিতানত প্ৰথম স্হান অধিকাৰ কৰে ৰজাপুখুৰী আদৰ্শ প্ৰাথমিক বিদ্যালয়ে, দ্বিতীয় স্হান অধিকাৰ কৰে ১নং কাহিবাৰী প্ৰাথমিক বিদ্যালয়ে, তৃতীয় স্হান অধিকাৰ কৰে পূব বৰভগীয়া প্ৰাথমিক বিদ্যালয়ে।

আনহাতে, সাংখ্যিকতা শিতানত প্ৰথম স্হান অধিকাৰ কৰে ৰজাপুখুৰী আদৰ্শ প্ৰাথমিক বিদ্যালয়ে, দ্বিতীয় স্হান অধিকাৰ কৰে কাহিবাৰী নিগম প্ৰাথমিক বিদ্যালয়ে, তৃতীয় স্হান অধিকাৰ কৰে ১নং কাহিবাৰী প্ৰাথমিক বিদ্যালয়ে।

প্ৰতিযোগিতাৰ অন্তত অনুষ্ঠিত বঁটা বিতৰণী অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক জয়ন্ত বৰদলৈ আৰু ৰজাপুখুৰী মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক ৰঞ্জন জ্যোতি মহন্তই উভয় শিতানত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত বিদ্যালয়সমূহক প্ৰশংসা পত্ৰ আৰু ট্ৰফীৰে পুৰস্কৃত কৰে।

প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাখনত কপিলী শিক্ষাখণ্ডৰ (মৰিগাঁও অংশ) খণ্ড সমল ব্যক্তি বসন্ত কুমাৰ নাথৰ লগতে শিক্ষক-শিক্ষয়ত্ৰীসকল ক্ৰমে তৰণী কান্ত নাথ, তিলক চন্দ্ৰ নাথ, প্ৰমোদ দাস, সেৱব্ৰত বৰুৱা,ৰূপম বৰা, জ্যোতি শিখা দলৈ, সৌৰভ বৰদলৈ, জোনমণি দেৱী, অৰূপা দেৱী, শিৱানী কোঁৱৰ, হৰিপ্ৰিয়া দেৱী, জ্যোতিপ্ৰভা দেৱী, ৰেখা দেৱী আদিকে ধৰি অন্যান্য ব্যক্তিসকল উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!