ETHNIC FOOD: জাগীৰোডত ‘মিচিং কিটচেন’ৰ নতুন শাখা মুকলি
জাগীৰোডত ‘মিচিং কিটচেন’ মুকলি নৱ কুমাৰ দলেৰ
DD TIMES জাগীৰোড, ১৫ অক্টোবৰঃ অসমৰ অন্যতম জনগোষ্ঠী মিচিংসকলৰ থলুৱা, পৰম্পৰাগত তথা সুস্বাদু খাদ্য-সম্ভাৰেৰে এতিয়াৰেপৰা উপলব্ধ হ’ব জাগীৰোডৰ ‘মিচিং কিটচেনত’।

গুৱাহাটীৰ হেঙেৰাবাৰীৰ পাছতে অন্যতম দ্বিতীয়টো শাখা মিচিং কিটচেন তথা ৰেষ্টুৰেণ্ট মুকলি কৰা হয় জাগীৰোডৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত।
অত্যাধুনিক ৰেষ্টুৰেণ্টখন আনুষ্ঠানিকভাৱে মুকলি কৰে প্ৰাক্তন মন্ত্রী তথা বৰ্তমানৰ বিধায়ক নৱ কুমাৰ দলেই।
জাগীৰোডতো মিচিং কিটচেনৰ শাখাটোৱে বিভিন্ন পৰ্যটকৰ লগতে উজনি, নামনিৰ ৰাইজক সেৱা আগবঢ়াবলৈ আগবাঢ়ি আহিছে আৰু এই থলুৱা খাদ্যৰ প্রতিষ্ঠানখনক ৰাইজে আদৰ, মৰম কৰিব বুলি আশা কৰে বিধায়ক দলেই।
অনুষ্ঠানত লগতে উপস্থিত থাকে মিচিং কিটচেনৰ স্বত্বাধিকাৰী নিবেদিতা য়েন পেগু আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল।

