অসমঅসমীয়ামুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Electrical shock: বৰক’লাত বিদ্যুতস্পৃষ্ট হৈ এজন লোকৰ মৃ*ত্যু

Spread the love

বৰক’লাত বিদ্যুতস্পৃষ্ট হৈ এজন লোকৰ মৃ*ত্যুঃ বিদ্যুত বিভাগৰ গাফিলতিক লৈ ক্ষুদ্ধ ৰাইজ

DD TIMES নগাঁও, ২৫ ছেপ্টেম্বৰঃ নগাঁও জিলাৰ বৰক’লাত আজি এজন লোকে বিদ্যুতস্পৃষ্ট হৈ মৃ*ত্যুক সাৱটিব লগা হয়। থিতাতে নিহত লোকজন হৈছে মইনা মজুমদাৰ।

অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ অন্যতম শ্বহীদ বলীন্দ্ৰ মজুমদাৰৰ পুত্ৰ মইনা মজুমদাৰে আজি পুৱা ঘৰৰ পদূলিমুখৰ জপনা খুলিবলৈ লওঁতেই এই শোকাৱহ ঘটনাতো সংঘটিত হয়।

এলুমিনিয়ামৰ বিদ্যুত পৰিবাহী তাঁৰ এডাল ছিঙি পৰি থকাৰ বাবেই ষাঠিৰোৰ্দ্ধৰ লোকজনে অনাকাংক্ষিত মৃত্যুক আকোঁৱালি লয়। অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ অমনোযোগিতাৰ বাবেই এই কৰুণ ঘটনাৰ সূত্ৰপাত ঘটে।

যাৰ বাবে অঞ্চলৰ ৰাইজ শক্তি বিভাগৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে। নিহত লোকজন অবিবাহিত আছিল বুলি জানিব পৰা গৈছে। এই খবৰে এতিয়া সমগ্ৰ দক্ষিণপাট-বৰক’লা অঞ্চলত শোকৰ ছাঁ পেলাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!