অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Eastern Himalayan Natural Science Forum-2025: গুৱাহাটীত বালিপাৰা ফাউণ্ডেচনৰ আন্তৰ্জাতিক অধিৱেশন ‘পূৱ হিমালয় প্ৰকৃতিবিজ্ঞান মঞ্চ-২০২৫’

Spread the love

১০-১১ ডিচেম্বৰত গুৱাহাটীত বালিপাৰা ফাউণ্ডেচনৰ ১৩ সংখ্যক বাৰ্ষিক আন্তৰ্জাতিক অধিবেশন ‘পূৱ হিমালয় প্ৰকৃতিবিজ্ঞান মঞ্চ-২০২৫’

DD TIMES গুৱাহাটী, ৮ ডিচেম্বৰঃ অহা ১০ আৰু ১১ ডিচেম্বৰত দেশৰ অগ্ৰনী প্ৰাকৃতিক সংস্থা বালিপাৰা ফাউণ্ডেচনৰ উদ্যোগত গুৱাহাটীৰ চাৰিখন উচ্ছ শিক্ষাৰ প্ৰতিষ্ঠান ক্ৰমে গুৱাহাটী বিশ্ববিদ্যালয়, আই আই টি গুৱাহাটী, কটন বিশ্ববিদ্যালয় আৰু অসম ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত ১৩ সংখ্যক বাৰ্ষিক আন্তৰ্জাতিক অধিবেশন ‘পূৱ হিমালয় প্ৰকৃতিবিজ্ঞান মঞ্চ-২০২৫’ অনুষ্ঠিত হ’ব৷

আজি সংবাদমেলত এই কথা সদৰি কৰি ফাউণ্ডেচনৰ প্ৰতিস্থাপক তথা ৰাজ্যৰ বিশিষ্ট উদ্যোগী ৰঞ্জিত বৰঠাকুৰে জনাই যে এইবাৰৰ অধিৱেশনত ভাৰতসহ ১৫ খন দেশৰ প্ৰায় ১৫০ গৰাকী বিশিষ্ট বক্তাই বিশ্ববিদ্যালয়ৰ প্ৰায় এহেজাৰ শিক্ষাৰ্থীৰ লগত পূৱ হিমালয়ৰ ভৱিষ্যতক লৈ আলোচনা কৰিব৷

‘বিশ্বৰ তৃতীয় মেৰুৰ দেশবোৰ এতিয়া চিন্তাজনকভাবে প্ৰাকৃতিক সংকটৰ সন্মুখীন হৈছে৷ হিম সাগৰৰ সংকটে মানৱৰ লগতে জীৱকুল তথা প্ৰকৃতিৰ প্ৰতি ভাবুকি লৈ আহিছে৷ সেয়ে ইয়াক ইমানতে ৰক্ষাৰ কৰাৰ সময় সমাগত যি কেবল মানুহৰ হাততহে আছে৷ অৰ্থিক উত্তৰণে আৰু প্ৰকৃতিৰ ধ্বংস মাতি আনিছে৷ সেয়ে পৰিৱেশ আৰু উন্নয়নত ভাৰসাম্য ৰক্ষা কৰাটো অতি জৰুৰী৷

মানুহক আৰ্থিক প্ৰগতিও লাগিব লগতে প্ৰকৃতিও ৰক্ষা কৰিব লাগিব৷ জনসংখ্যা বৃদ্ধিয়ে প্ৰকৃতিৰ ওপৰত অতিৰিক্ত বোজা দিছে৷ বননীৰ বিস্তাৰৰ সমান্তৰালকৈ শষ্য ৰোপনৰ জড়িয়তে পৰিৱেশ ৰক্ষা কৰাটো এতিয়া সময়ৰ দাবী৷ মাটি, পানী, খাদ্য, প্ৰকৃতি-পৰিৱেশ, উন্নয়ন, আৰ্থিক প্ৰগতি, মানৱৰ কৰণীয় আদি বিষয়বোৰে অধিবেশনত ছাত্ৰ-ছাত্ৰীক লগত লৈ আলোচনা কৰা হ’ব৷’ বৰঠাকুৰে কয়৷

সংবাদমেল পৰিচালনা কৰি কৰিশ্মা আহমেদে অৱগত কৰা অনুসৰি গুৱাহাটী বিশ্ববিদ্যালয়ত ভূমি পুনৰ উৎপানশীল কৰি ব্যৱহাৰৰ পদ্ধতি, সম্প্ৰদায়ৰ পৰিচালনা আৰু জলবায়ু-স্থিতিস্থাপক কৃষিৰ বিষয়ে গুৰুত্ব আৰোপ কৰি বহনক্ষম ভূমি ভৱিষ্যতক লৈ বিশেষজ্ঞসকলে আলোচনা কৰিব৷

আনহাতে, আই আই টি গুৱাহাটীত জল আৰু শক্তিৰ বিষয়ে আলোচনা কৰি জলভাগৰ ব্যৱস্থাপনা, বিশুদ্ধ পানীৰ সুৰক্ষা, প্ৰকৃতিৰ ধনাত্মক শক্তি পৰিৱৰ্তন আৰু বিজ্ঞানৰ নেতৃত্বত জলবায়ুৰ অভিযোজনৰ ক্ষেত্ৰত উদ্ভাৱনৰ সন্ধান কৰা হ’ব৷

ইফালে, কটন বিশ্ববিদ্যালয়ত আলোচকসকলে বনাঞ্চল আৰু জৈৱ বৈচিত্ৰ্যৰ ওপৰত কেন্দ্ৰীভূত কৰি চৰ্চা কৰিব৷ লগতে প্ৰযুক্তি-সক্ষম নিৰীক্ষণ, উন্নত সংৰক্ষণৰ কৌশল আৰু যুৱক-যুৱতীৰ পৰিৱেশ গৱেষণাৰ ওপৰতো আলোকপাত কৰিব৷

অসম ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত বহনক্ষমতা আৰু সামাজিক উদ্যোগীকৰণৰ ওপৰত আলোচনা কৰা হ’ব৷ লগতে সংলগ্ন অৰ্থনীতিৰ আৰ্হি, সেউজ ষ্টাৰ্ট-আপ আৰু পূৱ হিমালয় অঞ্চলটোৰ অৰ্থনৈতিক আৰু পৰিৱেশ গঢ় দিয়া সম্প্ৰদায়ৰ নেতৃত্বত উদ্ভাৱনৰ ওপৰতো এই চৰ্চাত গুৰুত্ব আৰোপ কৰা হ’ব৷

আজিৰ সংবাদমেলত চাৰিওখন শিক্ষা প্ৰতিস্থানৰ প্ৰতিনিধি ক্ৰমে ড॰ নাৰায়ন শৰ্মা, ড॰ দিগন্ত মুঞ্চি, ড॰ হেমেন ডেকা আৰু ড॰ ধ্ৰুৱজ্যোতি চহৰীয়াও উপস্থিত থাকি নিজৰ নিজৰ প্ৰতিস্থানত হ’বলগা অধিৱেশনক লৈ বিস্তাৰিতৰূপত অবগত কৰে তথা বালিপাৰা ফাউণ্ডেচনক এই সুযোগ দিয়াৰ বাবে ধন্যবাদ জনায়৷

অধিৱেশনখনত দেশৰ প্ৰাকৃতিক বিজ্ঞানীৰ লগতে নৰৱে, ইংলণ্ড, আমেৰিকা, ভূটান, নেপাল, ছিংগাপুৰ, থাইলেণ্ড, আৰব আদিৰ গৱেষক-আলোচকে অংশ ল’ব৷

পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ ২০২৫১ লক্ষ্য হৈছে নতুন ধাৰণাক অনুঘটক হিচাপে লৈ কাম কৰা লগতে বিশ্বৰ অন্যতম জৈৱ বৈচিত্ৰ্যপূৰ্ণ আৰু জলবায়ুৰ প্ৰতি দুৰ্বল অঞ্চলক সুৰক্ষিত আৰু পুনৰুজ্জীৱিত কৰাৰ সামূহিক সংকল্পক পুনৰ দৃঢ় কৰা৷

ইফালে, অধিৱেশনৰ সামৰণি তথা বঁটা বিতৰণ অনুষ্ঠান হোটেল তাজ ভিভাণ্টাত অনুষ্ঠিত হ’ব৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!