অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

DURGA PUJA: ৮২ বছৰত বেবেজীয়াৰ সাৰ্বজনীন দুৰ্গোৎসৱ

Spread the love

৮২ বছৰত বেবেজীয়াৰ সাৰ্বজনীন দুৰ্গোৎসৱ

DD TIMES নগাঁও, ২৬ ছেপ্টেম্বৰঃ প্ৰাক্-স্বাধীনতাৰ কালৰে পৰা অৰ্থাৎ ১৯৪৪ চনৰ পৰাই নগাঁও জিলাৰ বেবেজীয়াত দুর্গা পূজা আড়ম্বৰপূৰ্ণ ভাবে অনুষ্ঠিত হৈ আহিছে। জিলাখনৰ ইতিহাস প্ৰসিদ্ধ বৃহত্তৰ বেবেজীয়াৰ লগতে বহুকেইগৰাকী সংস্কৃতিৱান বৰেণ্য ব্যক্তিৰ প্রচেষ্টাত অনুষ্ঠিত পূজাভাগে বর্তমান ৮২ বছৰ গৰকিছে।

ইতিমধ্যে গুৰুপ্ৰসাদ শর্মাক (জান) সভাপতি আৰু দীপ্তি প্রসাদ শর্মাক সম্পাদক, ভাস্কৰ শর্মাক সহঃসম্পাদক হিচাপে লৈ এখন সমিতি গঠন কৰা হৈছে। কাইলৈ ২৭ ছেপ্টেম্বৰত সন্ধিয়া দেৱীৰ বোধন সম্পন্ন হ’ব। পৰৱৰ্তী ২৮ চেপ্তেম্বৰ ৰবিবাৰে সন্ধ্যা দেৱীৰ ষষ্ঠাদি কল্পাৰম্ভ, আমন্ত্রণ, অধিবাস সম্পন্ন হ’ব।

২৯ চেপ্তেম্বৰ সোমবাৰে পুৱা জল আৰোহণ, দেৱীৰ নৱপত্রিকা প্রবেশ আৰু স্থাপন তথা পুৰোহিত সকলৰ বৰণ, দেৱীৰ সপ্তমী বিহিত পূজা আৰু চণ্ডীপাঠ। দুপৰীয়া শৰাই আৰু ভোগ আদি উৎসর্গা, পুষ্পাঞ্জলি আশীষ প্রদান, নির্মালী, প্রসাদ, ভোগ বিতৰণ সম্পন্ন হ’ব। সন্ধ্যা আৰতি, নিশা অৰ্দ্ধৰাত্রি পূজা সম্পন্ন হ’ব।

৩০ চেপ্তেম্বৰত মহাঅষ্টমী বিহিত পূজা আৰু চণ্ডীপাঠ, দুপৰীয়া সন্ধিপূজা সমাপন হ’ব। ১ অক্টোবৰত শ্রীশ্রী দুর্গাদেবীৰ মহানবমী বিহিত পূজা আৰম্ভ আৰু চণ্ডীপাঠ, শৰাই ভোগ আদি উৎসর্গ, কুমাৰী পূজা, হোম, পুষ্পাঞ্জলি, আশীষ প্রদান, নিমালি, প্রসাদ, ভোগ আদি বিতৰণৰ লগতে সন্ধ্যা আৰতি সম্পন্ন হ’ব।

২ অক্টোবৰ বৃহস্পতিবাৰে দশমী বিহতি পূজাৰ পিছতে দেৱী বিসর্জন, অপৰাজিতা পূজা, বলয়ধাৰণ, স্তৱপাঠ, শান্তি, আশীষ প্রদান আৰু প্ৰসাদ বিতৰণ অনুষ্ঠিত হ’ব।

উল্লেখ্য যে ৬ অক্টোবৰত শ্রীশ্রী লক্ষ্মী পূজা, ২০ অক্টোবৰত শ্রীশ্রী শ্যামা পূজাও পূৰ্বৰ দৰে এইবাৰো অনুষ্ঠিত হ’ব। দুর্গোৎসৱৰ আটাইকেইটা দিনৰ সকলো কাৰ্যসূচীতে ৰাইজৰ উপস্থিতি উদ্যোক্তাসকলে কামনা কৰিছে।


অন্যহাতে অঞ্চলটোৰ ঘাঁহী, মহমৰীয়া, দক্ষিণপাট, ফুলগুৰি, জামুগুৰি চাৰিআলিতো দূৰ্গাপূজাৰ আয়োজন চলিছে। উল্লেখ্য, অসমীয়াৰ হিয়াৰ আমঠুস্বৰূপ জুবিন গাৰ্গৰ মহাপ্ৰয়াণত দূৰ্গাপূজাৰ আনন্দ উল্লাসত ম্লান পৰা দেখা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!