DURGA PUJA: দক্ষিণপাট আঞ্চলিক সাৰ্বজনীন বীনাপাণি দুৰ্গা পূজাৰ শতবৰ্ষ উদযাপন
দক্ষিণপাট আঞ্চলিক সাৰ্বজনীন বীনাপাণি দুৰ্গা পূজাৰ শতবৰ্ষ উদযাপনঃঃ স্মৃতি গ্ৰন্থ উন্মোচনঃ দূৰ্গা পূজা কেৱল ধৰ্মীয় বিশ্বাসৰ পৰিধিতেই সীমাবদ্ধ নহয়, ই সমন্বয়ৰো প্ৰতীকঃ ডঃ শৰৎ বৰকটকী
DD TIMES নগাঁও, ২ অক্টোবৰঃ নগাঁও জিলাৰ বৃহত্তৰ দক্ষিণপাট অঞ্চলৰ ১৯২৫ চনতে স্থাপন হোৱা আঞ্চলিক শ্ৰী শ্ৰী শাৰদীয় বীনাপাণি দুৰ্গা পূজাই এশ বছৰত ভৰি দিয়া উপলক্ষে ২৭ ছেপ্টেম্বৰৰ পৰা আজিলৈকে ২ অক্টোবৰত বৰ্ণাঢ্য কাৰ্যক্ৰমনিকাৰে মা দুৰ্গা পূজা অৰ্চনা কৰা হয়।

দুৰ্গা পূজাৰ লগত সংগতি ৰাখি কালি নিশা ধৰ্মালোচনী সভা আৰু গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়।সভাৰ আৰম্ভণিতে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়।বিশিষ্ট সংস্কৃত পন্ডিত যজ্ঞপতি শাস্ত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখন উদ্বোধন কৰে বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰতাপ সিঙে।
নিজৰ ভাষন প্ৰসংগত তেওঁ কয় যে- দক্ষিণপাট আঞ্চলিক সাৰ্বজনীন বীনাপানী দুৰ্গোৎসৱে শতবৰ্ষ অতিক্ৰম কৰি গৰিমামন্বিত হোৱাৰৰ লগতে অঞ্চলটোত ঐক্য-সমন্বয়ৰ ভেটি গঢ়িছে।

ৰাজ্যিক পুৰস্কাৰ পাত্ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ লৱকান্ত শৰ্মাই আঁত ধৰা ধৰ্মালোচনী সভাখনত সাংবাদিক হীৰেন শৰ্মাৰ দ্বাৰা সম্পাদিত স্মৃতিগ্ৰন্থ ‘দশভূজা’ উন্মোচন কৰে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট সাহিত্যিক ডঃ শৰৎ বৰকটকীয়ে–গ্ৰন্থখন উন্মোচন কৰি ডঃ বৰকটকীয়ে কয় যে- শতবৰ্ষ অতিক্ৰম কৰা এই দুৰ্গা পূজা সকলোৰে বাবে আজি এক গৌৰৱোজ্জ্বল আৰু ঐতিহাসিক মুহূৰ্ত।
দূৰ্গা পূজা কেৱল ধৰ্মীয় বিশ্বাসৰ পৰিধিতেই সীমাবদ্ধ নহয়,ই সমন্বয়ৰো প্ৰতীক। দুৰ্গা পূজাই সমাজত একতা, সংস্কৃতি,সাহিত্য আৰু সংগীতৰ মঞ্চ হিচাপে সমন্বয়ৰ দিশ প্ৰতিফলিত কৰিছে।
শতবৰ্ষ উদযাপনৰ অংশ হিচাপে আজিৰ দশ ভূজা স্মৃতিগ্ৰন্থত সংৰক্ষিত হ’ব গৌৰৱময় ইতিহাস, সমাজৰ অবদান, পূৰ্বসূৰীৰ সপোন আৰু আগন্তুক প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ দিশ। এই স্মৃতি গ্ৰন্থ কেৱল এখন গ্ৰন্থ নহয়, এইখন হৈছে ১০০ বছৰৰ ঐক্য, ভ্ৰাতৃত্ব আৰু সংস্কৃতিৰ প্ৰতিফলন।’
উক্ত ধৰ্মালোচনী সভাতে বৃহত্তৰ অঞ্চলটোৰ কেইবাগৰাকীও সত্তৰ-আশীৰ উৰ্ধৰ ব্যক্তি,জ্যোতিষ চৰ্চাবিদ নলিনী ভট্টাচাৰ্য,লেখক সাংবাদিক দেৱজিৎ হাজৰিকাক সম্বৰ্ধনা জনায়।
সভাত উদযাপন সমিতিৰ সভাপতি গোলাপ শৰ্মাই আদৰণি ভাষন প্ৰদান কৰে।উল্লেখ্য যে সভাপতিৰ ভাষনত বিশিষ্ট সাহিত্যিক যজ্ঞপতি শাস্ত্ৰীয়ে কয় যে-দেৱী দুৰ্গা হৈছে নাৰী শক্তি আৰু প্ৰকৃতিৰ প্ৰতীক।সেয়ে আমি নাৰীক সন্মান কৰিব লাগিব।
তদুপৰি প্ৰকৃতিক অৰ্থাৎ গছ,পখী,জীৱ;জন্তুৰ প্ৰতি থকা মৰম-স্নেহৰ জৰিয়তেহে দেৱী দুৰ্গাৰ প্ৰতি থকা শ্ৰদ্ধা প্ৰকাশ পাব। সভাত সমাজকৰ্মী লক্ষ্যব্ৰত বৰঠাকুৰ, বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ গোবিন শৰ্মা, মোহন হাজৰিকা, পুতুল বৰকটকী, বিশ্বজিৎশৰ্মা, শৰৎ ভড়ালী, অঞ্জন কৌশিক শৰ্মা,ৰেখা শৰ্মা, বকুল শৰ্মাকে ধৰি বৃহত্তৰ অঞ্চলটোৰ ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে।
নিশা আৰতি প্ৰদৰ্শনৰ পিচত মংগলদৈৰ শ্ৰীকৃষ্ণ নাগেৰা নামৰ দলৰ শিল্পী ভায়লিনা বৰুৱা আৰু সংগী সকলে নাগাৰা নাম প্ৰদৰ্শন কৰে। অন্যহাতেদি ২৭ ছেপ্টেম্বৰত দুৰ্গাদেৱীৰ বোধন,২৮ ছেপ্টেম্বৰত দুৰ্গাদেৱীৰ আমন্ত্ৰণ আৰু অধিবাস,২৯ ছেপ্টেম্বৰত জলাৰোহন আৰু শোভাযাত্ৰা,পতাকা উত্তোলন,স্মৃতি তৰ্পন,আৰতি প্ৰতিযোগিতা,ধৰ্মীয় গীত মাতৰ অনুষ্ঠান অনুষ্ঠিত হয়।
আজি সামৰণিৰ দিনা পুৱা দশমী পূজা আৰম্ভ,দশমী পূজা সমাপ্ত, অপৰাজিতা পূজা,বলয় গ্ৰহণ,শান্তি নিৰ্মালি,প্ৰসাদ বিতৰণৰ পিচত বিয়লি দুৰ্গা প্ৰতিমা বিসৰ্জন হয়।উল্লেখযোগ্য যে শতবৰ্ষ অনুষ্ঠানৰ আটাইকেইদিনতে ৰাইজে বৰেণ্য শিল্পী জুবিন গাৰ্গলৈ মণ্ডপত শ্ৰদ্ধা নিবেদন কৰে।