অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

DURGA PUJA: আজি ষষ্ঠীঃ দুৰ্গা বন্দনাৰে মুখৰ নগাঁৱৰ পৰিৱেশ

Spread the love

আজি ষষ্ঠীঃ দুৰ্গা বন্দনাৰে মুখৰ পৰিৱেশঃ নগাঁৱৰ শতাধিক মণ্ডপত মহিমৰ্দিনীৰ পূজাঃ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মহাপ্ৰয়াণে ম্লান পেলাইছে আনন্দ উৎসৱত

DD TIMES নগাঁও, ২৮ ছেপ্টেম্বৰঃ সমগ্ৰ ৰাজ্যখনৰ লগতে নগাঁও জিলাতো শাৰদীয় দুর্গা পূজা উপলক্ষে এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হৈছে। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মহাপ্ৰয়াণে ম্লান পেলাইছে যদিও নগাঁও বাসীয়ে আধ্যাত্মিক পৰিবেশত পূজা উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।

চহৰখনৰ ব্যৱসায় প্রতিষ্ঠানত বিশেষকৈ কাপোৰৰ বিপণীত গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে। অনলাইন ব্যৱসায়ৰ বাবে একাংশ ব্যৱসায়ী এতিয়া কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগা হৈছে। এনে পৰিস্থিতিৰ মাজতে এইবাৰ নগাঁও জিলাত তিনি শতাধিক পূজা মণ্ডপত পূজা উদযাপিত হ’ব।

তদুপৰি জিলাখনৰ ২৫খনৰো অধিক চাহ বাগিচাত উদ্যাপিত হ’ব দুর্গা পূজা। অকল নগাঁও চহৰত শতাধিক মণ্ডপত দুর্গা পূজা অনুষ্ঠিত কৰা হৈছে। দুর্গা পূজালৈ মাজত মাথোঁ এটা দিন বাকী থকা অৱস্থাত চহৰখনৰ সকলোেবােৰ পূজা মণ্ডপ আটকধুনীয়াকৈ সজাই-পৰাই তুলিছে।

নগাঁও চহৰৰ দুখন পূজা সমিতিয়ে ইতিমধ্যে ১৫১ বছৰৰ অধিক কাল অতিক্ৰম কৰিছে। এই দুই পুজা হ’ল চহৰখনৰ খ্ৰীষ্টানপট্টিৰ বেলতলাৰ জানকী নাথ সেন পৰিয়ালৰ ১৭৬ সংখ্যক দুর্গা পূজা আৰু উত্তৰ হয়বৰগাঁৱৰ বীণাপাণি পূজা সমিতিৰ ১৫৬ সংখ্যক দুর্গা পূজা।

চহৰখনৰ বাংগালী সম্মিলনীৰ উদ্যোগত ১৩২ সংখ্যক দুর্গা পূজা, আমোলাপট্টি পূজা উৎসৱ সমিতিৰ উদ্যোগত ১৩০ সংখ্যক দুর্গা পূজা, ফৌজদাৰীপট্টি সার্বজনীন দুর্গা পূজা উৎসৱ সমিতিৰ উদ্যোগত ১২৮ সংখ্যক দুর্গা পূজা, পানীগাঁও কালীবাৰী দুর্গা পূজা সমিতিৰ ১০৪ সংখ্যক দুর্গা পূজা অনুষ্ঠিত হৈছে৷

আনহাতে হিন্দুস্তানপট্টি সার্বজনীন ঠাকুৰবাৰী দুর্গা পূজা সমিতিৰ ৯৬ সংখ্যক, হয়বৰগাঁও বাংগালী পূজাবাৰী সমিতিৰ ৯৩ সংখ্যক, নগাঁও পুলিচ ৰিজার্ভ দুর্গা পূজা সমিতিৰ ৯৩ সংখ্যক, এন এফ ৰে’লৱে পূজা সমিতিৰ ৮৫ সংখ্যক, ছামাদ্দাৰপট্টি সার্বজনীন পূজা সমিতিৰ ৭৮ সংখ্যক, হয়বৰগাঁও ৰে’লৱে সার্বজনীন কালী মন্দিৰত ৭৭ সংখ্যক, কলংপাৰৰ নেপালী মন্দিৰ সাৰ্বজনীন পূজা সমিতিৰ ৭৩ সংখ্যক, বিবেকাননন্দ পল্লী শাৰদোৎসৱ সমিতিৰ ৭১ সংখ্যক দুর্গা পূজা অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলিছে।

ঠিক একেদৰে চহৰখনৰ শান্তিপুৰ যুৱক সমিতিৰ ৬৬ সংখ্যক, দক্ষিণ হয়বৰগাঁও নাট্য সমিতিৰ ৬৬ সংখ্যক, ইটানগৰ পূজা সমিতিৰ ৬৪ সংখ্যক, চকীটুপ সার্বজনীন দুর্গা পূজা সমিতিৰ ৬৪ সংখ্যক, চীনাপট্টি ছোটহয়বৰ সাৰ্বজনীন দুর্গা পূজা সমিতিৰ ৬৪ সংখ্যক, শ্রী কৃষ্ণাশ্রম দুর্গা পূজা সমিতিৰ ৬০ সংখ্যক, পানীগাঁও দুর্গা মন্দিৰ পূজা সমিতিৰ ৬০ সংখ্যক, শাস্ত্রী নগৰ পূজা সমিতিৰ ৫৯ সংখ্যক, ডিমৰুগুৰি সাৰ্বজনীন দুর্গা পূজাৰ ৫৯ সংখ্যক, জ্যোতি ফ্লাৱাৰ মিলৰ ৫৮ সংখ্যক আৰু হয়বৰগাঁও বিজয়ী সংঘৰ ৫৮ সংখ্যক দুর্গা পূজা আৰম্ভ হৈছে৷

শ্ৰীমন্ত শংকৰ মিছন পথ আই টি আই দুর্গা পূজা নতুন বজাৰ দুৰ্গা পূজা সমিতি, নাজিৰাজান, শনি মন্দিৰ পথ, খ্রীষ্টানপট্টি, লক্ষীনগৰ, মৰিকলং, পানীগাঁও ছয় আলি, লাওখোৱা ৰোড তেলীয়াগাঁও আদিতো দুর্গা পূজা আৰম্ভ হৈছে।

কেইবাখনো দুর্গা পূজা সমিতিয়ে ৰাইজক আকৰ্ষণ কৰিবৰ বাবে অত্যাধুনিক কাৰুকার্য, চমৎকাৰিতা, আলোকসজ্জা আদিৰ ব্যৱস্থা গ্রহণ কৰিছে।

চহৰখনৰ অন্যতম পুৰণি দুর্গা পূজা সমিতিয়ে নতুন আৰ্হিত পূজা মণ্ডপ নির্মাণ কৰিছে।

নগাঁও বাংগালী পূজা সমিতিয়ে সিন্ধু পৰা লুইতলৈ ‘কেঁচা মাটিৰ গোন্ধ’ দৃশ্যাংশৰ লগতে বিভিন্ন দৃশ্যমান বিষয়েৰে পূজা মণ্ডপ নিৰ্মাণ কৰাৰ বিপৰীতে ছামাদ্দাৰপট্টি পূজা সমিতিয়ে প্রকৃতি বিষয়ক, ৰাজস্থানী পূজা সমিতিয়ে নতুন দিল্লীৰ ইন্দিয়া গেট আৰু লালকিল্লা আৰ্হিত পূজা মণ্ডপ নির্মাণ কৰিছে।

শনি মন্দিৰ পথ দুর্গা পূজা সমিতিয়ে ব্যতিক্ৰমি নিৰ্মাণ কৰিছে। উল্লেখ্য, অসমীয়াৰ হিয়াৰ আমঠুস্বৰূপ জুবিন গাৰ্গৰ মহাপ্ৰয়াণত ৰাইজ শোক বিহবল হৈ থকাৰ বাবেই দূৰ্গাপূজাৰ আনন্দ উল্লাস বহু খিনি ম্লান পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!