DUBRUGARH: সাংবাদিক দিবাকৰ দত্তক ‘আদিত্য শইকীয়া সোঁৱৰণী সাংবাদিকতা বঁটা’ প্ৰদান
সাংবাদিক দিবাকৰ দত্তক ‘আদিত্য শইকীয়া সোঁৱৰণী সাংবাদিকতা বঁটা’ প্ৰদান
DD TIMES ডিব্ৰুগড়, ১৯ অক্টোবৰঃ বৃহত্তৰ গণ সন্মিলনৰ আজি বাৰ্ষিক অধিৱেশনখনি সম্পন্ন হৈ যায়।

অসম তথা অসমীয়াৰ বিভিন্ন সমস্যা সন্দৰ্ভত নিৰন্তৰে মাত মাতি জাতিটোৰ কল্যাণৰ হকে বৃহত্তৰ গণ সন্মিলন, অসমে প্ৰতিষ্ঠা কালৰে পৰা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে।
এই ক্ষেত্ৰত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দৃষ্টিগোচৰ কৰাৰ লগতে বহু সমস্যা সমাধানৰ বাট উলিয়াবলৈ সক্ষম হৈছে। তদুপৰি ছাত্ৰ-ছাত্ৰীৰ মানসিক, বৌদ্ধিক, শাৰীৰিক বিকাশৰ হকেও গ্ৰহণ কৰি আহিছে বিভিন্ন কাৰ্যসূচী।

বৃহত্তৰ গণ সন্মিলনৰ উদ্যোগত ডিব্ৰুগড় জিলা সমিতিৰ সহযোগত ডিব্ৰুগড় জিলা পুথিভঁৰালত আজি দিনযোৰা কাৰ্যসূচীৰে অনষ্ঠিত হোৱা মুকলি সভাত ‘দৈনিক অসম’ৰ ডিব্ৰুগড়ৰ জ্যেষ্ঠ সাংবাদিক প্ৰয়াত “আদিত্য শইকীয়া সোঁৱৰণী সাংবাদিকতা বঁটা প্ৰদান কৰে লাহোৱাল প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক, ‘দৈনন্দিন বাৰ্তা’, এন কে টিভি চাবুৱা-লাহোৱালৰ সাংবাদিক দিবাকৰ দত্তক।
সাংবাদিক গৰাকীক এখন চেলেং চাদৰ, গামোছা, মানপত্ৰৰ লগতে নগদ ধনসহ বঁটাটি আগবঢ়ায়।
উক্ত বঁটা প্ৰদান সময়ছোৱাত লেখক ড° দয়ানন্দ শ্বাহ, জ্যেষ্ঠ সাংবাদিক হৰেন সোনোৱালৰ লগতে মুকলি সভাত বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

