Drama Competition: নগাঁৱৰ কলা মন্দিৰত অসম ভিত্তিত একাংক নাট প্ৰতিযোগিতা
নগাঁৱৰ কলা মন্দিৰত সদৌ অসম ভিত্তিত একাংক নাট প্ৰতিযোগিতা আৰম্ভ
সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতি নৱ-প্ৰজন্ম উদাসীনঃ বিশিষ্ট গল্পকাৰ গুৰমাইল সিং

DD TIMES বেবেজীয়া, ২৭ ডিচেম্বৰঃ নগাঁৱৰ অন্যতম সাংস্কৃতিক আৰু নাট্যানুষ্ঠান, ঐতিহ্যমণ্ডিত নগাঁও কলা মন্দিৰৰ উদ্যোগত আজিৰে পৰা আৰম্ভ হৈছে সদৌ অসম ভিত্তিত একাংক নাটক প্ৰতিযোগিতা। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লদ্ধ প্ৰতিষ্ঠ নাট্যদলে অংশগ্ৰহণ কৰা আজিৰ নাট প্ৰতিযোগিতাৰ মঞ্চ উদ্বোধন কৰে অসম চৰকাৰৰ সাহিত্য বঁটা প্ৰাপক তথা বিশিষ্ট গল্পকাৰ গুৰমাইল সিঙে।

মঞ্চ উদ্বোধন কৰি তেওঁ ভাষণত কয় যে সামাজিক অনুষ্ঠানৰ প্ৰতি নৱপ্ৰজন্ম উদাসীন হৈ পৰিছে। ইয়াৰ মূলতে হ’ল নৱপ্ৰজন্ম মবাইল-ইন্টাৰনেটত সীমাবদ্ধ থাকে। মবাইলত হাতৰ মুঠিতে গোটেই বিশ্বখনকে পাই। সেইবুলি মবাইলতে সীমাবদ্ধ নাথাকি সমাজৰ প্ৰতি থকা দায়বদ্ধতা প্ৰকাশ কৰিব লাগিব। তেতিয়াহে সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠান সমূহ শক্তিশালী হ’ব। বিশিষ্ট গল্পকাৰ সিঙে আৰু কয় যে বিশ্ব বন্দিত শিল্পী ড° ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণত গোটেই ৰাজ্যখনে শোকাভিভূতহৈ স্মৰণ কৰিছে। কিন্তু জীৱন কালত এনে সন্মান দিব পৰা হ’লে বেছি ভাল হ’ল হেতেন। লগতে তেওঁ কয় যে সুধাকন্ঠ ড° ভূপেন হাজৰিকাই সৰ্বভাৰতীয় পৰ্যায়ত বঁটা লাভ কৰা সময়তো একাংশ লোকে ভৎসৰ্না কৰিছিল।

আজিৰ নাট্যানুষ্ঠানৰ আৰম্ভণিতে ড° ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে কলা মন্দিৰৰ উপ-সভাপতি মানস কুমাৰ বৰাই । তাৰ পিছতে গীতিকাৰ ধৰ্ম প্ৰসাদ গোস্বামী ৰচিত সমবেত সংগীত পৰিবেশন কৰে কলা মন্দিৰৰ মহিলা শিল্পীসকলে। ৰুলি শইকীয়াই আঁত ধৰা অনুষ্ঠানটিত প্ৰতিযোগিতাৰ বিচাৰক হিচাপে বিশিষ্ট নাট পৰিচালক পূণ্যদা বৰা, নাট পৰিচালক-অভিনেতা অংকুৰ বৰুৱা আৰু অভিনেতা তপন বৰাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। লগতে নগাঁৱৰ সমাজ জীৱনত অৰিহণা যোগোৱা অৱসৰপ্ৰাপ্ত অধ্যাপক-শিক্ষক সমাজকৰ্মীবৃন্দক কলামন্দিৰৰ আজীৱন সভ্যৰ সম্বৰ্ধনা পত্ৰ জ্ঞাপন কৰা হয়।

পৰৱৰ্তী সময়ত নগাঁৱৰ নাটক ‘বাস্তৱ যন্ত্রণা’, নাট্যকাৰ আৰু পৰিচালক গগন চৌধুৰী। ভাস থিয়েটাৰ পুৰণিগুদামৰ নাটক ‘সৰা পাতৰ নাও’, নাট্যকাৰ আৰু পৰিচালক অঞ্জল বৰা। খোজ নগাঁৱৰ নাটক ‘পানী মেটেকা’, নাট্যকাৰ জ্যোতিপ্রসাদ ভূঞা আৰু পৰিচালক জ্যোতি গগন। ন-প্ৰৱাহ নাট্যগোষ্ঠী গুৱাহাটীৰ নাটক ‘উইল’, নাট্যকাৰ দিগন্ত কাকতি। নৱসৃষ্টি পুৰণিগুদামৰ নাটক ‘Alian আহিছে’, নাট্যকাৰ আৰু পৰিচালক সীমান্ত কলিতা। সৃষ্টি কলা-কৃষ্টি কেন্দ্র মালিগাঁৱৰ নাটক ‘চকু’, নাট্যকাৰ আৰু পৰিচালক দিগন্ত কাকতি।
ঐকান্তিক সাংস্কৃতিক গোষ্ঠী নগাঁৱৰ নাটক ‘কোন পথৰ পথিক’, নাট্যকাৰ আৰু পৰিচালক মিন্টু কলিতা। নট-তীর্থ গুৱাহাটীৰ নাটক ‘A Beautiful Melody’, নাট্যকাৰ মন্টু কুমাৰ দাস আৰু পৰিচালক ৰনাল্ড হুচেইন। মন্থন নাট্যগোষ্ঠী বঘৰা,মৰিগাঁৱৰ নাটক ‘ভাগশেষ’, পৰিচালক সুনীলচন্দ্র ডেকা।
অসম নাট্য সম্মিলনৰ নগাঁও সদৰ শাখাৰ নাটক ‘বিৰিয়ানিৰ ভোজ আৰু এবাটি চাহ’, নাট্যকাৰ সুশান্ত বৰা আৰু পৰিচালক বিজিত নাথ। জাগীৰোড কলেজৰ নাটক ‘মনোভৱনম’, নাট্যকাৰ প্রত্যুষ ডেকা আৰু পৰিচালক বিপ্লৱ তাঁতী। বর্ণম নাট্য চর্চা কেন্দ্র বিশ্বনাথ চাৰিআলিৰ নাটক ‘উৱলি যোৱা পৃষ্ঠা’, নাট্যকাৰ অসীম কুমাৰ নাথ আৰু পৰিচালক তপন গোস্বামী।
জেংৰাই মঙলদৈৰ নাটক ‘টোটয়’, নাট্যকাৰ আৰু পৰিচালক বিশ্বজিৎ ডেকা। বৃন্দাবন দৰঙৰ নাটক ‘An Epical Dream’,নাট্যকাৰ আৰু পৰিচালক গোপী কলিতা। এই নাটসমূহ পুৱতি নিশা পৰ্য়ন্ত মঞ্চস্থ হয়। অন্যহাতে কাইলৈ বিয়লি ৪ বজাত অসমৰ বিশিষ্ট নাট্যকাৰ অৱতাৰ সিঙে নাট প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰিব। পৰৱৰ্তী অসম নাট্য সম্মিলন নগাঁৱৰ পাথৰি শাখাৰ নাটক ‘ইমু’, নাট্যকাৰ মেঘালী দেৱী আৰু পৰিচালক শোণিত বৰা।
চন্দ্রজ্যোতি সংঘ নগাঁৱৰ নাটক ‘ৰং বেৰং’, নাট্যকাৰ অজিত বৰঠাকুৰ আৰু পৰিচালক উৎপল কলিতা। সাৰথি নাট্যগোষ্ঠী বোকাখাতৰ নাটক ‘বিড়াল তপস্বী’, নাট্যকাৰ আৰু পৰিচালকঃ অসীম কুমাৰ নাথ। নিবেদন নগাঁৱৰ নাটক ‘গোন্ধ’, নাট্যকাৰ ড° কল্পনা হাজৰিকা গায়ন আৰু পৰিচালক জ্যোতিপ্রসাদ ভূঞা।
নট সৈনিক জামুগুৰিহাটৰ নাটক ‘নিশিকুটুম’, নাট্যকাৰ ৰিপন শইকীয়া আৰু পৰিচালক সুদর্শন নাথ। অভিলাস প্রকাশন বোকাখাতৰ নাটক ‘একবিংশ শতিকাৰ বিজ্ঞাপন’, নাট্যকাৰ ৰুবী বৰা আৰু পৰিচালক তৰুণ তীর্থ শইকীয়া৷ Light For Life শদিয়াৰ নাটক ‘হেডচাৰ’, নাট্যকাৰ ৰাজীৱ লোচন বৰা। আলাপ গুৱাহাটীৰ নাটক ‘এপৰঞ ভ্ৰমৰ দুপৰ প্ৰেমৰ’, নাট্যকাৰ তুহিনকন্যা বৰা আৰু পৰিচালক কংকন বৰা।
মিলনজ্যোতি সংঘ ডুমডুমাৰ নাটক ‘মৰুভূমিত এজাক বৰষুণ’, নাট্যকাৰ ৰাজীৱলোচন বৰা আৰু পৰিচালক ‘অনুৰাগ বৰা’, ৰংগৰাগ গুৱাহাটীৰ নাটক ‘মৰহা গোলাপৰ কলি’, নাট্যকাৰ দিগন্ত কাকতি। জ্যোতিশিল্প নগাঁৱৰ নাটক ‘স্বাতীৰ মাক আৰু হাৱাই চেন্দেলৰ ফিটা’, নাট্যকাৰ আৰু পৰিচালক নৱজ্যোতি বৰা।
জাগ্রত কলা-কৃষ্টি কেন্দ্র গোলাঘাটৰ নাটক ‘অর্জুন ভঞ্জন’, নাট্যকাৰ আৰু পৰিচালক ৰূপজ্যোতি মহন্ত। মেলডি ড্রামা প্রডাকচন কলিয়াবৰৰ নাটক ‘বেহু’, নাট্যকাৰ তৰুণ বৰদলৈ আৰু পৰিচালক সমুদ্র বৰদলৈ। মুর্চনা কলা-কেন্দ্র ছিপাঝাৰে নাট প্ৰদৰ্শন কৰিব।

