অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Dr. BHUPEN HAZARIKA’S SONG: অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত নগাঁও জিলা সমিতিৰ তত্ত্বাৱধানত সুধাকণ্ঠ ড° ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি

Spread the love

অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত নগাঁও জিলা সমিতিৰ তত্ত্বাৱধানত
সুধাকণ্ঠ ড° ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি

DD TIMES বঢ়মপুৰ, ৬ নৱেম্বৰঃ অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত সমগ্ৰ অসমজুৰি সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ পালন কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিশ্ববৰেণ্য শিল্পীগৰাকীৰ মৃত্যু তিথিত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ নগাঁও জিলা সমিতিৰ তত্ত্বাৱধানত জিলাখনৰ কলিয়াবৰ, কামপুৰ, ননৈ, ননৈ মহাবিদ্যালয়, বৰঘাট-ৰত্নপুৰ-শেনচোৱা- কঠিয়াতলী-পাথৰি-পোটনী, ধিং, দক্ষিণপাট, বৰক’লা, ডিমৰুগুৰি-বালিভূই, ৰয়েল আৱাস-উৰিয়াগাঁও, দক্ষিণ নগাঁও, বঢ়মপুৰ, বেদায়ম, সোণাইপৰীয়া, আউনীআটি আদি শাখাৰ সভাপতি আৰু সম্পাদকসকলৰ সহযোগিতাত কাব্যসিন্ধু ড° অমৰজ্যোতি চৌধুৰীৰ ‘মৃত্যু জিনাৰ গান’ শীৰ্ষক কবিতাটিৰ দলীয়ভাৱে আবৃত্তি কৰা হয়।

অনুষ্ঠানৰ লগত সংগতি ৰাখি শাখাসমূহত ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছৱিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি তৰ্পণেৰে শ্ৰদ্ধা জনাই আৰু বৰগীত, ভূপেন্দ্ৰ সংগীত, কবিতা আবৃত্তি, নৃত্য, বক্তৃতাৰে পৰিৱেশমুখৰ কৰি তোলে।

উল্লিখিত শাখাসমূহৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত নিৰ্দিষ্ট অঞ্চলসমূহৰ গণ্য-মান্য ব্যক্তিৰ অংশগ্ৰহণে আৰু অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ নগাঁও জিলা সমিতিৰ দ্বাৰা পৰ্যবেক্ষক ৰূপে নিয়োজিত ড° বসন্ত বৰা, লখিমী মহন্ত, লখিমী দেৱী, সঞ্জীৱ মিশ্ৰ, জাহ্নৱী ভূঞা, পবিত্ৰ কলিতা, পূৰৱী শইকীয়া, জুনু ভাগৱতী, নিৰ্মালি কলিতা, প্ৰণিতা মহন্ত শৰ্মা, হৰিচৰণ পেগু, ৰাজু শইকীয়া, প্ৰণামী শাণ্ডিল্য, প্ৰহেলিকা কৌশিক, লনী আহোম আদি বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিয়ে অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে নগাঁও জিলা সমিতিৰ মান বৃদ্ধি কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!