অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Dr. BHUPEN HAZARIKA: ৰাজীৱ ভৱনত সুধাকণ্ঠৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি

Spread the love

ৰাজীৱ ভৱনত সুধাকণ্ঠৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি

DD TIMES গুৱাহাটী, ৫ নৱেম্বৰঃ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু তিথি আজি গুৱাহাটীৰ ৰাজীৱ ভৱনৰ লগতে সকলো জিলা কংগ্ৰেছৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা হয়।

বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলিৰে আজি দলৰ জ্যেষ্ঠ নেতা-কৰ্মীসকলৰ উপস্থিতিত দেশৰ সাংস্কৃতিক আৰু সাহিত্য জগতৰ ভেটি গঢ়োতা ভূপেন হাজৰিকাৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

ভূপেন হাজৰিকাৰ গীত-মাত আৰু কথাছবিসমূহৰ বিষয়ে অসমৰ নতুন প্ৰজন্মই কিয় জানিব লাগে আৰু হাজৰিকাৰ দৃষ্টিত সুস্থ ৰাজনীতিৰ বিকাশ কেনেদৰে ঘটিছিল সেই সন্দৰ্ভত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিস্তৃত আলোচনা চলে।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক বিপুল গগৈ, প্ৰদ্যুৎ ভূঞা, উদিত ভানু দাস আৰু মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে বন্তি প্ৰজ্বলনেৰে সুধাকণ্ঠৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ কৰে।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাংস্কৃতিক বিভাগৰ তৰফৰ পৰা গুৱাহাটীৰ কেবাগৰাকী বৰেণ্য শিল্পীক আজি সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই আঁত ধৰা অনুষ্ঠানটোত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিপুল গগৈয়ে গীতে-মাতে ভূপেন হাজৰিকাৰ জীৱন শৈলীৰ বিষয়ে বিস্তৃত আৰু সাৰুৱা ভাষণ আগবঢ়ায়।

মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰে আজি ৰাজনৈতিক প্ৰেক্ষাপটত ভূপেন হাজৰিকাৰ মানৱতাবাদ আৰু সম্প্ৰীতিৰ নিৰ্দশন সন্দৰ্ভত মনোজ্ঞ ভাষণ প্ৰদান কৰে।

প্ৰদেশ কংগ্ৰেছৰ কেবাজনো জ্যেষ্ঠ নেতাৰ লগতে মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি স্বপন দাস, সাধাৰণ সম্পাদক ৰূপক দাস, প্ৰায় সকলো ভাতৃ আৰু ভগ্নী সংগঠনৰ অধ্যক্ষসকল উপস্থিত থাকে।

ইফালে, প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই আজি একাংশ দলীয় সতীৰ্থক লগত লৈ ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি জুবিন গাৰ্গৰ কথাছবি ‘ৰৈ ৰৈ বিনালে’ দৰ্শন কৰে।

লখিমপুৰত প্ৰদেশ কংগ্ৰেছৰ কেম্পেইন বিভাগৰ অধ্যক্ষজনে ৫০ জনৰো অধিক দলীয় সতীৰ্থৰ সৈতে ‘ৰৈ ৰৈ বিনালে’ ছবিখন চাই দুয়োগৰাকী মহান শিল্পীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!