Dr. Bhupen Hazarika: সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাক সশ্ৰদ্ধ স্মৰণ ‘কলংপৰীয়া শাখা সাহিত্য সভা’ৰ
সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাক সশ্ৰদ্ধ স্মৰণ ‘কলংপৰীয়া শাখা সাহিত্য সভা’ৰ
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সম্পৰ্কত বক্তৃতানুষ্ঠান

DD TIMES বঢ়মপুৰ, ৬ নৱেম্বৰঃ অসম সাহিত্য সভাৰ অন্যতম অগ্ৰণী শাখা নগাঁৱৰ ‘কলংপৰীয়া শাখা সাহিত্য সভা’ৰ উদ্যোগত যোৱা ৫ নৱেম্বৰত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকীৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মজয়ন্তী উপলক্ষে বিভিন্ন কাৰ্যক্ৰমণিকাৰে এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হৈ যায়।

অনুষ্ঠানৰ সৈতে সংগতি ৰাখি পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰে শাখাৰ সভাপতি গোলাপ বৰাই।
চকৰিগাঁৱৰ হিৰন্ময় পুথিভঁৰালত তথা শাখাৰ অস্থায়ী কাৰ্যালয়ত অনুষ্ঠিত এই কাৰ্যসূচীৰ পিছতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা আৰু সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ পুণ্য স্মৃতিত বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি অৰ্পণ কৰে ক্ৰমে শাখাৰ প্ৰাক্তন সভাপতি থুলেশ্বৰ বৰা, প্ৰাক্তন সম্পাদক দ্বিজেন্দ্ৰ গোস্বামী আৰু লেখিকা মাধবী দাসে।
ইয়াৰ পিছতে শাখাৰ সভাপতিৰ সভাপতিত্বত তিনিওগৰাকী নমস্য ব্যক্তিৰ স্মৃতিত এক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। শাখাৰ সম্পাদক দীপাংকৰ ভূঞাই আঁত ধৰা এই অনুষ্ঠানত বিশ্ববৰেণ্য কণ্ঠশিল্পী ডঃ ভূপেন হাজৰিকাৰ শৈশৱৰ পৰা মৃত্যু পৰ্যন্ত এক সুদীৰ্ঘ জীৱন পৰিক্ৰমা সম্পৰ্কত তথ্য ভিত্তিক আলোচনা আগবঢ়ায় অৱসৰপ্ৰাপ্ত শিক্ষক, বিশিষ্ট কবি অনিল কুমাৰ শৰ্মাই।
দেশ-বিদেশৰ বিভিন্ন প্ৰান্তত কেইবাটাও ভাষাত গীত পৰিবেশনেৰে যুগ-যুগান্তৰলৈ মানৱতাৰ জয়গুণ গোৱা চিৰনমস্য শিল্পীগৰাকীৰ সম্পৰ্কত প্ৰদান কৰা বক্তৃতাই সমবেতসকলক সন্মোহিত কৰি তোলে।
অনুষ্ঠানত শিক্ষক, কবি বসন্ত কৌশিক ভাগৱতীয়ে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে তত্বগধুৰ আৰু সাৰগৰ্ভমূলক বক্তব্য আগবঢ়ায়। অসমীয়া ভাষাৰ ক্ৰমবিকাশৰ ধাৰা সম্পৰ্কেও তেওঁ চিত্তাকৰ্ষক অৱলোকন দাঙি ধৰে।
ইফালে, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সম্পৰ্কত বিষয় শিক্ষক, লেখক নয়ন জ্যোতি নেওগে ভাষণ প্ৰদান কৰি বেজবৰুৱা দেৱৰ হাস্য-ব্যংগ ৰচনাৰাজিক বিশেষভাবে প্ৰাধান্য দিয়ে।
তেওঁ প্ৰসংগক্ৰমে বেজবৰুৱাদেৱৰ সাহিত্যকৰ্মৰে শ্বেক্সপিয়েৰ আৰু চাৰ্লচ ডিকেন্সৰ সাহিত্যকৰ্মৰ এটি তুলনাত্মক বিশ্লেষণ দাঙি ধৰি সমান্তৰালভাবে সাহিত্যৰথীয়ে কবিগুৰুৰ দৰে বিশ্বজনীন সত্তা নোপোৱাৰ বাবে অসমীয়াৰ জাত্যাভিমানৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে।
শিল্পী গোলাপ বৰা আৰু জেউতি হাজৰিকাই গীত পৰিবেশনেৰে সজীৱ কৰি তোলা এই অনুষ্ঠানত অৱসৰপ্ৰাপ্ত অধ্যক্ষা ৰিন্টু দাস গোস্বামীয়েও ভূপেন হাজৰিকা সম্পৰ্কত দুআষাৰ বক্তব্য আগবঢ়ায়।
অনুষ্ঠানত শাখাৰ প্ৰাক্তন উপ সভাপতিদ্বয় অৰুণিমা বৰা, কুমুদ চন্দ্ৰ বৰা, প্ৰাক্তন সম্পাদিকা দীপিকা বৰা, সাহিত্যানুৰাগী ক্ৰমে বৈজয়ন্তী খাউণ্ড, ৰূবী বৰা, তৃপ্তিৰেখা কাকতি, ৰমেশ চন্দ্ৰ ভৰালী, কুশেশ্বৰ বৰা, গুণকান্ত বৰা, মিত্ৰ কমল বৰা, দিলীপ বৰা প্ৰমুখ্যে যথেষ্ঠ সংখ্যক লোক উপস্থিত আছিল।

